• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এসপ্তাহৰ ভিতৰতে ৩০৫খন শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ কৰা হ’ব : শিক্ষা মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2019 9:28 am
25-01-19 Guwahati- Education Minister distributed free text book (4)

শংকৰদেৱ কলাক্ষেত্ৰত শুকুৰবাৰে অনুষ্ঠিত অসম চৰকাৰৰ শিক্ষা বিভাগৰ শৈক্ষিক উত্তৰণ শীৰ্ষক কাৰ্যসূচীত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’ৰাজ্য চৰকাৰে আগন্তুক বাজেট অধিৱেশনৰ সময়তে এসপ্তাহৰ ভিতৰত ৩০৫খন ভেন্সাৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ কৰিব। ইয়াৰ মাজত আছে ১০৪খন জুনিয়ৰ কলেজ, ১১০খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৯১খন উচ্চ মাধ্যমিক বিদ্যালয়।‘—শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শুকুৰবাৰে এই কথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ২০১৯’ শিক্ষা বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ শৈক্ষিক কেলেণ্ডাৰ উন্মোচন তথা নৱম-দশম শ্ৰেণীৰ নতুন দ্ৰুতপাঠ ‘বৈচিত্ৰ্যময় অসম’ উন্মোচন উপলক্ষে আয়োজিত অসম চৰকাৰৰ শিক্ষা বিভাগৰ শৈক্ষিক উত্তৰণ শীৰ্ষক কাৰ্যসূচীত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই ঘোষণা কৰে।

Apply Now

শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই কয়, ‘’সংশ্লিষ্ট শিক্ষানুষ্ঠাসমূহৰ প্ৰাদেশিকীকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। অহা ২৮ জানুৱাৰিৰ পৰা আৰম্ভ হ’বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনৰ সময়তে এই শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।‘’

আনহাতে, শিক্ষা মন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ৰাজ্য চৰকাৰে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত ‘ক’ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে অধ্যয়ন কৰা ৪৮ লাখ ৬৪ হাজাৰ ৩৯১গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ইতিমধ্যে ২ কোটি ৯ লাখ ৫৭ হাজাৰ ৫৬৪খন কিতাপ ছপা কৰি বিতৰণৰ বাবে প্ৰেৰণ কৰিছে।

ইপিনে, এইবাৰৰ পৰা নৱম-দশম শ্ৰেণীৰ বাবে ‘বৈচিত্ৰ্যময় অসম’ নামৰ এখন নতুন দ্ৰুতপাঠ আৰম্ভ কৰা হৈছে। মন্ত্ৰী ভট্টাচাৰ্যই কয় যে কিতাপখন কেৱল ছাত্ৰ-ছাত্ৰীয়েই নহয়, অভিভাৱক, সাংবাদিক, বুদ্ধিজীৱীসকলেও পঢ়িব লাগে।

প্ৰাদেশিকীকৰণ সন্দৰ্ভত শিক্ষা মন্ত্ৰী কৰা ঘোষণাই অপ্ৰাদেশীকৃত বিদ্যালয়ৰ বাবে এক সুখৱৰ কঢ়িয়াই আনিছে যদিও বাকী অপ্ৰাদেশিকৃত হৈ থকা বহু বিদ্যালয়ে শিক্ষা মন্ত্ৰীৰ পৰা তেওঁলোকৰ বিদ্যালয়সমূহকলৈ চৰকাৰৰ স্থিতিৰ বিষয়েও জানিব বিচাৰে।

উল্লেখ্য যে, শুকুৰবাৰৰ শৈক্ষিক উত্তৰণ কাৰ্যসূচীত শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱলোচন দাস, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰো উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd