• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৮ ফেব্ৰুৱাৰিত গুৱাহাটীলৈ আহিব জে ডি ইউৰ প্ৰতিনিধি দল : সাক্ষাৎ কৰিব দল-সংগঠনৰ নেতৃত্বক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2019 7:09 am
National Executive meeting in Patna

জে ডি ইউৰ নেতা তথা বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰ আৰু দলটোৰ সাধাৰণ সম্পাদক কে চি ত্যাগী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৮ ফেব্ৰুৱাৰিত নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল ইউনাইটেড(জে ডি ইউ)ৰ এটা প্ৰতিনিধি দল গুৱাহাটীলৈ আহিব। জে ডি ইউৰ সাধাৰণ সম্পাদক কে চি ত্যাগীৰ নেতৃত্বত দলটোৱে অসমলৈ আহি ৰাজ্যখনৰ বিভিন্ন দল সংগঠনৰ নেতৃত্বক সাক্ষাৎ কৰিব। শনিবাৰে দলটোৰ সাংসদ তথা সাধাৰণ সম্পাদক কে চি ত্যাগীয়ে এখন সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।

সংবাদমেলত দলটোৰ নেতা ত্যাগীয়ে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে কংগ্ৰেছ দলকো বিধেয়কখনৰ বিৰুদ্ধে মতদান কৰিবলৈ আহ্বান জনাইছে।

Apply Now

আনহাতে, অসমত জে ডি ইউৰ প্ৰতিনিধি দলটোৱে অসমৰ দল-সংগঠনক সাক্ষাৎ কৰাৰ পাছত প্ৰধানমন্ত্ৰীক এখন প্ৰতিবেদন দাখিল কৰিব।

উল্লেখযোগ্য যে নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি (ইউ) এ যোৱাটো বৰ্ষৰ ৮ জুলাইত দলটোৰ নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬’ৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈ যোৱাৰ পাছত দলটোৰ সাধাৰণ সম্পাদক কে চি ত্যাগীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছিল যে বিধেয়কখন দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ প্ৰতি ভাবুকি আৰু সেয়েহে দলে ইয়াৰ বিৰোধিতা কৰিব। তেওঁ লগতে উল্লেখ কৰিছিল যে উত্তৰ-পূবৰ ৰাজ্যসমূহ, বিশেষকৈ অসমৰ ঐক্য আৰু সংহতিৰ প্ৰতি ই ভাবুকি হৈ পৰিব।

তদুপৰি, দলটোৰ সাংসদ তথা যুটীয়া সংসদীয় সমিতিৰ সদস্য হৰি বংশেও বিধেয়কখন দেশৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰতি ভাবুকি বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰিছিল।

আনহাতে, ইয়াৰ পূৰ্বে যোৱাটো বৰ্ষৰে ১৭ মে’ত সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে দলটোৰ জ্যেষ্ঠ নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰিছিল। নীতিশ কুমাৰে প্ৰতিনিধি দলটোৰ আগত সৰ্বতোপ্ৰকাৰে বিধেয়কখনৰ বিৰোধিতা কৰাৰ কথা ঘোষণা কৰিছিল।

সমগ্ৰ অসমতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ চলি থকাৰ মাজতে বিষয়টোক লৈ ৰাষ্ট্ৰীয় পৰ্যায়তো বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে প্ৰতিষ্ঠিত ৰাজনৈতিক দলে সঁহাৰি জনোৱাটো তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd