• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতিধ্বংসী বিধেয়কৰ বিৰোধিতা কৰিবলৈ সংঘবদ্ধ হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক দল

অনুপ শর্মা by অনুপ শর্মা
January 29, 2019 3:17 pm
18283c44-1e28-42eb-b638-6952543929fe-750x375

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মঙলবাৰে গুৱাহাটীত সমবেত হ'ল উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক দল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ ১১ টাকৈ ৰাজনৈতিক দলে মঙলবাৰে এখন অভিৱৰ্তনত মিলিত হৈ সৰ্বসন্মতভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উক্ত অভিৱৰ্তনত নেশ্যনেল পীপলছ পাৰ্টিৰ (এনপিপি)ৰ মুৰব্বী তথা মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা আৰু মিজো নেশ্যনেল ফ্ৰন্টৰ (এমএনএফ) মুৰব্বী তথা মিজোৰমাৰ মুখ্য মন্ত্ৰী জোৰামথাংগাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ৰাজনৈতিক দলবোৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

‘’আমি একেলগে বিধেয়কখনৰ বিৰোধিতা কৰো। আমি বিশ্বাস কৰো যে বিধেয়কখন গৃহীত হ’লে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন অংশৰ খিলঞ্জীয়া লোকৰ জীৱন আৰু পৰিচয়ৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব,’’-মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰামথাংগাই কয়।

‘’কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ গৃহীত কৰিবলৈ লোৱা পদক্ষেপৰ বিষয়টো বিবেচনা কৰিয়েই স্বাভাৱিকতে এই অভিৱৰ্তন অনুষ্ঠিত হৈছে। আমি আজি বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ এটা যৌথ প্ৰস্তাৱ গ্ৰহণ কৰিছো,’’- মঙলবাৰে অভিৱৰ্তনখন সমাপ্ত হোৱাৰ পাছত সংবাদম মাধ্যমৰ আগত অভিৱৰ্তনখনৰ আহ্বায়ক তথা মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই এইদৰে কয়।

তেওঁ লগতে বিধেয়কখন বাতিলৰ দাবীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিবলৈ এটা প্ৰতিনিধি দল প্ৰেৰণৰ সিদ্ধান্তৰ কথা সদৰী কৰি কয়, ‘’ অভিৱৰ্তনে লগতে জাতিধ্বংসী বিধেয়কখনৰ সন্দৰ্ভত  কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা তেওঁলোকৰ স্থিতি পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।‘’

আনহাতে, দলকেইটাই ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (এনডিএ) বা নৰ্থইষ্ট ডেম’ক্ৰেটিক এলাইয়েন্স (নেডা)ৰ পৰা ওলাই আহিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত চাংমাই কয় যে অভিৱৰ্তনখন কোনো ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা হোৱা নাই। ‘’এই মুহূৰ্তত সেই বিষয়ে মন্তব্য কৰাটো সঠিক নহ’ব। আমি আশা কৰো যে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ স্থিতি পুনৰ বিবেচনা কৰিব। নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ আমাৰ সমস্যাটোৰ বাবে এই অভিৱৰ্তনৰ আয়োজন কৰা হৈছে আৰু আমাৰ অঞ্চলটোৰ জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা আছে। আমি প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু ভৱিষ্যতেও আমাৰ ভৱিষ্যৎ কাৰ্যপন্থা লৈ পুনৰ সাক্ষাৎ কৰিম,’’-চাংমাই কয়।

মঙলবাৰৰ এই অভিৱৰ্তনত অংশগ্ৰহণ কৰা দলসমূহৰ ভিতৰত আছিল নেশ্যনেল পীপলছ পাৰ্টিৰ (এনপিপি), মিজো নেশ্যনেল ফ্ৰন্টৰ (এমএনএফ), অসম গণ পৰিষদ(অগপ), পীপলছ ডেমক্ৰেটিক ফ্ৰন্ট (পিডিএফ), য়ুনাইটেড ডেম’ক্ৰেটিক পাৰ্টি (য়ুডিপি), হিলছ ষ্টেট পীপলছ ডেম’ক্ৰেটিক পাৰ্টি (এইচএছপিডিপি), ইণ্ডিজেনাছ পীপলছ ফ্ৰন্ট অফ ত্ৰিপুৰা(আইপিএফটি), নাগা পীপলছ ফ্ৰন্ট (এনপিএফ),এনডিপিপি, কেএনএইচএএম আৰু জে ডি(য়ু)।

অনুপ শর্মা

অনুপ শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

August 18, 2025 3:15 pm
শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

August 18, 2025 2:41 pm
ভোটাৰ তালিকা সংশোধন: মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ আনিব পাৰে বিৰোধীয়ে

ভোটাৰ তালিকা সংশোধন: মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ আনিব পাৰে বিৰোধীয়ে

August 18, 2025 1:49 pm
 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

August 18, 2025 1:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

August 18, 2025 3:15 pm
শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

August 18, 2025 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd