• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

শ’লঠেকত মুখ্য মন্ত্ৰী সোণোৱাল, হিমন্ত বিশ্বৰ জয়জয় ময়ময়

সৰ্বানন্দ সোণোৱালে দুয়োকুল হেৰুৱালে। এফালে হেৰুৱালে জাতীয়তাবাদী শিবিৰৰ বন্ধুসকলক আৰু উগ্ৰ হিন্দুত্ব আৰু মুছলমান বিদ্বেষেৰে হিমন্ত বিশ্ব শৰ্মাই সোণোৱালৰ পৰা হিন্দুত্ববাদী শিবিৰৰ নেতৃত্বও কাঢ়ি লৈ গ'ল।

ব্ৰজেন ডেকা by ব্ৰজেন ডেকা
January 30, 2019 6:14 pm
himanta sonowal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব বিধেয়কখনে অসমৰ ৰাজনৈতিক শক্তিসমূহৰ এক নতুন বিন্যাস ঘটোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ২০১৪ চনৰ বিধান সভা নিৰ্বাচনত বিজেপিয়ে অসমৰ জাতীয়তাবাদী শিবিৰৰ সমৰ্থন লাভ কৰিছিল আৰু দুয়োটাৰে সন্মিলিত শক্তিয়ে কংগ্ৰেছক ক্ষমতাৰ পৰা অপসাৰিত কৰিছিল।

কংগ্ৰেছৰ ডুবিব ধৰা নাওখন এৰি হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানিয়ে বিজেপিত যোগ দিছিল। ইংৰাজীত এটা ফকৰা যোজনা আছে। ফকৰাটোৰ মতে জাহাজ বুৰিলে নিগনিবোৰে প্ৰথমতে জাহাজ এৰি পলায়। অসমত জাতীয়তাবাদী শিবিৰ আৰু বিজেপিৰ মাজত মিতিৰালি সৰহ দিন নিটিকিল। ইয়াৰ প্ৰধান কাৰণ হ’ল অসমীয়া জাতীয়তাবাদ আৰু হিন্দুত্ব দুটা পৰস্পৰবিৰোধী আৰু সংঘাতপূৰ্ণ ধাৰণা। দুয়োটা একেলগে থাকিলে সংঘাত হোৱাই স্বাভাৱিক। বিজেপি-আৰ এচ এচে বাংলাদেশী হিন্দুক নাগৰিকত্ব দিবলৈ ওলোৱাৰ লগে লগে অসমীয়া জাতীয়তাবাদ আৰু হিন্দুত্বৰ ধাৰণাৰ সংঘাত স্পষ্ট ৰূপত ওলাই পৰিল।

Apply Now

অসমীয়া জাতীয়তাবাদৰ সমৰ্থক একাংশই  বিদেশীৰ সতে পূৰ্ববংগীয় মূলৰ মুছলমানক একাকাৰ কৰাৰ বাবেই হিন্দুত্বৰ ধাৰণাটোৱে একাংশ জাতীয়তাবাদীৰ মনতো খোপনি পুতিছিল। আৰু এই জাতীয়তাবাদৰ সমৰ্থনতেই বিজেপিয়ে অসমত ক্ষমতা দখল কৰিছিল।

হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অনুগামীসকলৰ সতে ফাইনেল খেলৰ আগে আগে হাৰিব বুলি  খাটাং হোৱা দলটোৰ জাৰ্চি সলাই জয়ী হোৱা দলটোৰ জাৰ্চি পিন্ধি লৈছিল।

শৰ্মা জাতীয়তাবাদী শিবিৰৰ ৰাজনীতিক নহয়। তেওঁ এনে এজন ৰাজনীতিক যিজনে নিজৰ সমষ্টিৰ পৰা যি দলৰ পৰাই নহওক কিয় নিৰ্বাচনত জয়ী হৈ আহিব পাৰে। জালুকবাৰী সমষ্টিত তেওঁ এনেকুৱা এটা ভোটাৰৰ ভেটি তৈয়াৰ কৰিছে, যিটো ভেটি তেওঁ দল সলনি কৰিলেও লগত লৈ যাব পাৰে। এই ভেটিটো থকা বাবেই তেওঁ নিজৰ সমষ্টিৰ ভোটাৰসকলক বাদ দি অসমৰ আন ১২৫টা সমষ্টিৰ মানুহে, বাতৰি কাকতে,  টিভি চেনেলে কি ভাবিছে তাক লৈ বিশেষ মূৰ ঘমোৱাৰ প্ৰয়োজন নাথাকে।

বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ নিৰ্বাচনত জয়ী হ’ব পৰা ক্ষমতা আৰু ধন বলৰ বাবেই নিজৰ দলত আঁকোৱালি লৈছিল। নীতি-আদৰ্শ হিমন্ত বিশ্ব শৰ্মাৰ বাবে ফুটবল দলৰ জাৰ্ছিৰ দৰে। তেওঁ যি দলত থাকে, একান্ত মনে সেই দলৰ বাবেই খেলে। এতিয়া তেওঁ বিজেপি দলত। বিজেপিৰ ৰাজনীতিৰ ভেটি হিন্দুত্বহে, অসমীয়া জাতীয়তাবাদ নহয়।

সেয়ে বিজেপি, আৰ এচ এচত নিজৰ ভেটি সুদৃঢ় কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই সুপৰিকল্পিতভাৱে উগ্ৰ হিন্দুত্ব সমৰ্থকৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ জৰিয়তে তেওঁ এক গুলীত কে’বাটাও চিকাৰ কৰিছে। আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

কোনো নীতি-আদৰ্শৰ ওপৰত ভিত্তি কৰি হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ৰাজনৈতিক সিদ্ধান্ত নলয়। বাস্তৱ অভিজ্ঞতা আৰু বাস্তৱ পৰ্য্যবেক্ষণৰ ওপৰত ভিত্তি কৰিহে তেওঁ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াক ইংৰাজীত pragmatic (প্ৰেগমেটিক) বুলি কয়। প্ৰেগমেটিজমেই হ’ল শৰ্মাৰ ৰাজনৈতিক আদৰ্শ। সকলো ধৰণৰ আদৰ্শগত বান্ধোনৰ পৰা মুক্ত, বাস্তৱানুগ আৰু সাধাৰণ কাণ্ডজ্ঞানৰ ওপৰত আধাৰিত ৰাজনীতিয়ে আজিলৈকে হিমন্ত বিশ্ব শৰ্মাক সফলতা দি আহিছে আৰু তেওঁৰ সমষ্টিৰ ভেটিও অক্ষুন্ন আছে। বৃহৎ ৰাজনৈতিক উত্থান-পতন নঘটিলে অদূৰ বা সুদূৰ ভৱিষ্যতেও জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ ভেটি অক্ষুন্ন থকাৰ সম্ভাৱনাই বেছি। যেতিয়ালৈকে তেওঁ উচিত সময়ত জয়ী হোৱা দলটোৰ জাৰ্চি পিন্ধি ল’ব পাৰিব তেতিয়ালৈ তেওঁ ক্ষমতাৰ ৰাজনীতিত প্ৰাসংগিক হৈ থাকিব।

হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ এটা আদৰ্শক সৰোগত কৰি থকাৰ ঝামেলা নথকাৰ বিপৰীতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল জাতীয়তাবাদৰ সতে এৰাব নোৱাৰাকৈ সাঙোৰ খাই আছে।

জাতীয়তাবাদৰ সতে হিন্দুত্বৰ সমাহাৰ ঘটোৱাৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ এটা বিশেষ ভূমিকা আছিল। তেখেত ছাত্ৰ সন্থাৰ পৰা এজিপি হৈ বিজেপিলৈ গৈছিল। বিজেপিলৈ যোৱাৰ পিছতো অসমৰ জাতীয়তাবাদী শিবিৰৰ বাবে তেওঁ হিন্দুত্বৰ ৰাজনীতিৰ প্ৰতিনিধি নাছিল, তেওঁ আছিল অসমীয়া জাতীয়তাবাদৰ প্ৰতিভূ। অসমীয়া জাতীয়তাবাদী শিবিৰে আশা কৰিছিল বিজেপিয়ে অগপতকৈও শক্তিশালী ৰূপত অসমীয়া জাতীয়তাবাদক প্ৰতিনিধিত্ব কৰিব। অসমৰ পৰা বাংলাদেশী খেদি অসমক বিদেশীমুক্ত কৰিব। অসমত অসমীয়া আৰু খিলঞ্জীয়াৰ দপদপনি বাঢ়িব। কিন্তু জাতীয়তাবাদৰ সতে মিতিৰালি সৰহ দিন নিটিকি ওলোটাই বিজেপিয়ে বাংলাদেশী হিন্দুক নাগৰিকত্ব দিবলৈ ওলোৱাত এতিয়া অসমীয়া জাতীয়তাবাদৰ সতে বিজেপিৰ সংঘাত আৰম্ভ হৈছে।

অতি স্বাভাৱিকভাৱেই বিজেপিয়ে এমুঠিমান অসমীয়াৰ জাতীয়তাবাদী আৱেগৰ সলনি ১০০ কোটি হিন্দুৰ আৱেগক আগস্থান দিছে। বিজেপিয়ে নিজকে অসমীয়াৰ ত্ৰাণকৰ্তাৰূপে প্ৰতিষ্ঠা কৰাৰ সলনি হিন্দুৰ ত্ৰাণকৰ্তাৰূপে প্ৰতিষ্ঠা কৰিবলৈ অধিক আগ্ৰহী। অসমীয়া ভোটে বিজেপিক দিল্লীত ক্ষমতাত বহুৱাব নোৱাৰে, কিন্তু হিন্দু ভোটে সেই কাম অনায়াসে কৰিব পাৰে।

অসমীয়া জাতীয়তাবাদৰ সতে সংঘাত হোৱাৰ পিছত বিজেপিয়ে অসমত পিন্ধি লোৱা অসমীয়া জাতীয়তাবাদী চোলাটো সোলোকাই থৈ উগ্ৰ হিন্দুত্ববাদী আচল ৰূপটো উদঙাই দিছে। অসমৰ নিৰ্বাচনত জয়ী হোৱাৰ বাবে অসমীয়াৰ জাতীয়তাবাদক, জাতীয় আৱেগক ব্যৱহাৰ কৰি বিজেপিয়ে এতিয়া দিল্লীৰ নিৰ্বাচনত জয়ী হোৱাৰ স্বাৰ্থতেই অসমীয়া জাতীয়তাবাদক নৰ্দমালৈ দলিয়াই দিছে।

বিজেপিৰ এই স্থিতিয়ে ৰাজনৈতিকভাৱে আটাইতকৈ ক্ষতি কৰিছে সৰ্বানন্দ সোণোৱালৰ। সোণোৱাল ডাঙৰীয়াই কেতিয়াও নিজকে এজন উগ্ৰ হিন্দুত্ববাদী নেতা ৰূপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা নাই। এগৰাকী জাতীয়তাবাদী নেতা ৰূপেই তেওঁ ৰাজনীতিত সফলতা লাভ কৰি আহিছে। অসমৰ মানুহে তেওঁক এগৰাকী জাতীয়তাবাদী নেতা ৰূপেই জানে। কিন্তু এতিয়া বিধেয়কখনে সোণোৱালক ভীষণ শ’লঠেকত পেলাইছে।

বিধেয়কখন সন্দৰ্ভত মুখ্য মন্ত্ৰী সোণোৱালে স্পষ্টকৈ একো মত দাঙি ধৰা নাছিল। তেওঁ সাধাৰণভাৱে জাতীয় স্বাৰ্থৰ বিৰুদ্ধে নাযায় বুলি মত দি থৈছিল। বহুতে ধাৰণা কৰিছিল মুখ্য মন্ত্ৰী এই বিধেয়কখনৰ পক্ষত নাই আৰু সময়ত তেওঁ ইয়াৰ বিৰোধিতা কৰিব। তেওঁ শেষলৈকে জাতীয়তাবাদী শিবিৰৰ চকুৰ মণি ‘জাতীয় নায়ক’ হৈ থাকিবলৈ চেষ্টা কৰিছিল।

সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই জানে যে তেওঁৰ ৰাজনীতিৰ ভিত্তি হিন্দুত্ব নহয়, জাতীয়তাবাদহে। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কে তেওঁক এনে এটা পৰিস্থিতিত উপনীত কৰালে য’ত তেওঁ সিদ্ধান্ত ল’ব লগা হ’ল– তেওঁ জাতীয়তাবাদৰ পক্ষত থাকিব নে হিন্দুত্বৰ পক্ষত থাকিব। কাৰণ দুয়োফালে একে সময়তে থাকিব পৰা পৰিস্থিতি ইতিমধ্যে উকলি গৈছিল।

সোণোৱালে জাতীয়তাবাদীৰ পক্ষত ঠিয় হৈ দলৰ নেতৃত্ব আৰু আৰ এচ এচক অসন্তুষ্ট কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব নোৱাৰিলে। তেওঁ ঘোষণা কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই কোৱাখিনিয়েই দল আৰু চৰকাৰৰ কথা। অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত দল আৰু চৰকাৰক নেতৃত্ব দিছে হিমন্ত বিশ্ব শৰ্মাই।

বিধেয়কখনে এফালে মুখ্য মন্ত্ৰী সোণোৱালক শ’লঠেকত পেলালে আৰু আনফালে হিমন্ত বিশ্ব শৰ্মাক দল আৰু চৰকাৰৰ মজিয়াত সোণোৱালকৈও আগত প্ৰতিষ্ঠা কৰাৰ সুৱৰ্ণ সুযোগ দিলে। এনে সুযোগ শৰ্মাই এৰি নিদিয়াই স্বাভাৱিক।

আৰু ইয়াৰ ফলতেই শৰ্মাই সংশোধনী বিধেয়কৰ সমৰ্থনত উৎকট হিন্দুত্ববাদী আৰু মুছলমানবিৰোধী স্থিতি গ্ৰহণ কৰিছে।

মুখ্য মন্ত্ৰী সোণোৱালৰ দৰে হিমন্ত বিশ্ব শৰ্মাৰ জাতীয়তাবাদী শিবিৰক সন্তুষ্ট কৰি ৰখাৰ কোনো প্ৰয়োজন নাই। তেওঁৰ ৰাজনীতিৰ ভেটি অসমীয়া জাতীয়তাবাদ নহয়। তেওঁ বিজেপিৰ প্ৰধান শত্ৰু কংগ্ৰেছ দলৰ পৰা আহিছে। কংগ্ৰেছ তেওঁ কোনো আদৰ্শগত কাৰণত এৰা নাই আৰু বিজেপিলৈও হিন্দুত্বৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অহা নাই। সম্পূৰ্ণ ৰাজনৈতিক কাৰণত তেওঁ কংগ্ৰেছ এৰি বিজেপিলৈ আহিছে।

কোৱা হয় যে নতুনকৈ ধৰ্মান্তৰিত হোৱাসকল প্ৰয়োজনতকৈ অধিক গোড়া হয়। নতুনকৈ অহাজনক ইতিমধ্যে থকাসকলে সন্দেহৰ চকুৰে চাই, গতিকে নতুনকৈ অহাজনে প্ৰয়োজনতকৈ অধিক গোড়া হৈ তেওঁ যে নৈষ্ঠিক সেই কথা প্ৰমাণ কৰাৰ চেষ্টা কৰে। হিমন্ত বিশ্ব শৰ্মাক নাগৰিকত্ব সংশোধনী বিধেয়কখনে নিজকে এজন নৈষ্ঠিক আৰু উগ্ৰ হিন্দুত্ববাদী নেতা ৰূপে প্ৰতিষ্ঠা কৰাৰ সুযোগ আনি দিলে।

মুখ্য মন্ত্ৰী সোণোৱালে হোহঁকা পিচলা কৰি জাতীয়তাবাদী শিবিৰক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰি থাকোতেই তেওঁ বিজেপিৰ নেতৃবৃন্দ আৰু আৰ এচ এচক প্ৰমাণ কৰি দিলে যে হিন্দুত্বৰ স্বাৰ্থত তেওঁ অসমীয়া জাতীয়তাবাদী শিবিৰৰ বিৰুদ্ধে অকলেই থিয় দিব পাৰে। সোণোৱাল দোধোৰ মোধোৰত থাকোতেই হিমন্ত বিশ্বই সংশোধনী বিলখনৰ পক্ষত স্থিতি লৈ দল, দিচপুৰ, দিল্লী, নাগপুৰ সকলোতে নিজৰ স্থিতি শক্তিশালী কৰি ল’লে।

যিমানেই জাতীয়তাবাদী শিবিৰৰ বিধেয়কবিৰোধী আন্দোলন কোবাল হ’ল, সিমানেই হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্ববাদী উগ্ৰতা আৰু মুছলমান বিদ্বেষো কোবাল হ’ল। এয়া শৰ্মাৰ এক সুচিন্তিত ৰাজনৈতিক সিদ্ধান্ত। ইয়াৰ ফলত সৰ্বানন্দ সোণোৱালে দুয়োকুল হেৰুৱালে। এফালে তেওঁ  জাতীয়তাবাদী শিবিৰৰ বন্ধুসকলক হেৰুৱালে আৰু উগ্ৰ হিন্দুত্ব আৰু মুছলমান বিদ্বেষেৰে হিমন্ত বিশ্ব শৰ্মাই সোণোৱালৰ পৰা হিন্দুত্ববাদী শিবিৰৰ নেতৃত্বও কাঢ়ি লৈ গ’ল।

জাতীয়তাবাদী শিবিৰৰ বাবে সোণোৱাল ডাঙৰীয়া এতিয়া আৰু জাতীয়তাবাদী নহয় আৰু হিন্দুত্ববাদী শিবিৰে হিমন্ত বিশ্ব শৰ্মাৰ ৰূপত এজন সুযোগ্য নেতা লাভ কৰিছে।

অসমীয়া জাতীয়তাবাদৰ বিৰুদ্ধে অৱস্থান লোৱাৰ ফলত হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক  লোকচান নহয়। অসমীয়া জাতীয়তাবাদ কাহানিও তেওঁৰ শক্তি নাছিল।

হিমন্ত বিশ্ব শৰ্মা জাতীয়তাবাদী শিবিৰত তেওঁৰ ভাবমূৰ্তি কি সেই বিষয়েও বিশেষ উদ্বিগ্ন নহয়। বৰ্তমান তেওঁ বিজেপিৰ হাইকামাণ্ড আৰু আৰ এচ এচৰ সন্মুখত নিজৰ উগ্ৰ হিন্দুত্ববাদী আৰু মুছলমানবিদ্বেষী ভাবমূৰ্তি গঢ়াত ব্যস্ত।

ইয়াৰ বিপৰীতে জাতীয়তাবাদ সোণোৱাল ডাঙৰীয়াৰ প্ৰধান শক্তি আৰু জাতীয়তাবাদী শিবিৰত তেওঁৰ ভাবমূৰ্তি ৰক্ষা কৰাটো তেওঁৰ নিজৰ ৰাজনীতিৰ বাবেই প্ৰয়োজনীয়। দুৰ্ভাগ্যবশতঃ জাতীয়তাবাদী শিবিৰত তেওঁৰ ভাবমূৰ্তি এতিয়া মোলান পৰিছে আৰু হিন্দুত্ববাদী হোৱাৰ দৌৰত হিমন্ত বিশ্ব শৰ্মাই তেওঁক ক’ৰবাত পিচ পেলাই থৈ আহিছে।

মুখ্য মন্ত্ৰী সোণোৱালে দুয়োকুল হেৰুৱাই শ’লঠেকত পৰিছে, হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া  জয়জয় ময়ময়।

(লেখক গুৱাহাটীস্থিত এগৰাকী ৰাজনৈতিক বিশ্লেষক। তেখেতৰ ফ’ন নম্বৰ-৯৮৬৪০৯২১৩৭)

ব্ৰজেন ডেকা

ব্ৰজেন ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd