• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিচুকীয়া কাণ্ডৰ প্ৰতিবাদ : লগত এম্বুলেন্স লৈ সমদল উলিয়ালে বিজেপিয়ে

কিহৰ বাবে প্ৰতিবাদ কৰিছে নাজানে বহু প্ৰতিবাদকাৰীয়ে, ''আমাক মিটিং আছে বুলি কৈ লৈ আনিছে''

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 1, 2019 7:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়াৰ ঘটনাটোৰ পিছত ৰাজ্যত আইন-শৃংখলাৰ অৱনতি হোৱা বুলি অনুভৱ কৰা বিজেপিয়ে আজি বিধেয়ক বিৰোধী আন্দোলনকাৰীৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ উলিয়ায়।

মূলতঃ উক্ত ঘটনাত বিজেপিৰ নেতাক প্ৰহাৰ কৰা আন্দোলনকাৰীসকলক সকীয়াই দিবলৈকে আজি দলটোৰ নেতা-কৰ্মীসকলে সমগ্ৰ ৰাজ্যজুৰি সমদল উলিয়ায় যদিও ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধেও সৰৱ হয় দলটোৰ কৰ্মীসকল।

Apply Now

‘আৰক্ষী প্ৰশাসন কঠোৰ হওক’, এনেকৈ শ্ল’গান দিয়াৰ লগতে লিখা প্লেকাৰ্ড প্ৰদৰ্শন কৰে কৰ্মীসকলে।

উল্লেখযোগ্য যে ৩০ জানুৱাৰিৰ দিনা তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি লক্ষেশ্বৰ মৰাণ আৰু কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ত্ৰৈলোক্য শইকীয়াক অগপ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছুৰ আন্দোলনকাৰী কৰ্মীয়ে শাৰীৰিকভাৱে অপদস্থ কৰিছিল। আৰ এছ এছৰ এখন সভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পথত দুয়োজনকে বেয়াকৈ প্ৰহাৰ কৰে বিধেয়ক বিৰোধী আন্দোলনকাৰীসকলে, যাৰ ফলত চিকিৎসাধীন হ’ব লগীয়া হৈছিল প্ৰহৃত দুয়োজন নেতা। ইয়াৰে লক্ষেশ্বৰ মৰাণ গুৰুতৰভাৱে আহত হৈছিল।

এই ঘটনাটোত জড়িতসকলক কঠোৰ শাস্তি দাবী কৰি আজি প্ৰতিবাদী সমদল উলিওৱা বিজেপিয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দায়িত্বত থকা গৃহ বিভাগৰ আৰক্ষী প্ৰশাসনক আন্দোলনকাৰীৰৰ বিৰুদ্ধে কঠোৰ হ’বলৈ আহ্বান জনায়।

দলটোৰ প্ৰত্যেকখন জিলা সমিতিৰ লগতে গুৱাহাটী মহানগৰ জিলা সমিতিয়েও উজান বজাৰস্থিত দলৰ উত্তৰ-পূব ক্ষেত্ৰীয় কাৰ্য্যালয়ৰ পৰা আৰম্ভ কৰি উপায়ুক্তৰ কাৰ্য্যলয়লৈকে প্ৰতিবাদী সমদল বাহিৰ কৰে।

লক্ষণীয়ভাৱে প্ৰতিবাদী সমদলটোৱে পিছে পিছে এখন এম্বুলেন্স লৈ যোৱা দেখিবলৈ পোৱা গ’ল। দলটো অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকা কৰিছিল নে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ বাবে সাজু আছিল? সামান্য এটা প্ৰতিবাদী সমদলৰ সৈতে এম্বুলেন্স লৈ যোৱা কথাটোৱে এনেকুৱা এটা প্ৰশ্ন তুলি দিছে প্ৰত্যক্ষদৰ্শী মহানগৰবাসীৰ মনত।

BJP Protest_AMBULANCE
বিজেপিৰ প্ৰতিবাদী সমদলৰ সৈতে থকা এম্বুলেন্সখন।

আনহাতে যি মুষ্টিমেয় সংখ্যকে আজিৰ প্ৰতিবাদত ভাগ লৈছিল, তেওঁলোক প্ৰকৃততে কোন সেই লৈও প্ৰশ্ন উঠিছে। প্ৰতিবাদত ভাগ লোৱা বহুতেই নাজানে তেওঁলোকে কিয় প্ৰতিবাদ কৰিছে।

মান্দাকাটাৰ পৰা অহা এগৰাকী প্ৰতিবাদকাৰীক আমাৰ সাংবাদিকে সুধিছিল আজি কিহৰ বাবে এই প্ৰতিবাদ কৰা হৈছে? প্ৰতিবাদকাৰীৰ উত্তৰ, ‘’নাজানো, আমাক মিটিং আছে বুলি কৈ লৈ আনিছে।‘’

নাৰেংগীৰ পৰা অহা আন এগৰাকী প্ৰতিবাদকাৰীয়েও একেই অজ্ঞতা প্ৰকাশ কৰে।

‘’আমি বাইদেউৰ কাৰণে প্ৰচেশ্যনত আহিছো। মিটিঙৰ প্ৰচেশ্যন হৈ আছে এতিয়া‘’, ফুল নগৰৰ পৰা সমদলত অংশগ্ৰহণ কৰিবৰ বাবে অহা আন এগৰাকী প্ৰতিবাদকাৰী মহিলাৰ ভাষ্য।

ইপিনে প্ৰতিবাদৰ উদ্দেশ্যৰ বিষয়ে অজ্ঞাত নাৰেংগীৰ আন এগৰাকী বয়োজ্যেষ্ঠ মহিলা প্ৰতিবাদকাৰীয়ে এই প্ৰতিবাদৰ নাম থ’লে ‘‘বিদেশীৰ প্ৰতিবাদ।‘’

‘‘আমি আন্দোলন কৰিবলৈ আহিছো। বিদেশী হাটাও বুলি কৈ আছে নহয়, তাৰেই আন্দোলন। বিদেশীক নহটাওঁ, নানোও, যিখিনি আছে অসমত সেইখিনিয়ে হ’ব।‘’, প্ৰতিবাদকাৰীগৰাকীৰ মন্তব্য।

হাস্যকৰভাৱে আন এজন পুৰুষ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদৰ বিষয়ে জ্ঞাত নহয় যদিও তেওঁৰ হাতত লৈ থকা বেনাৰখনকে পঢ়ি দিয়ে।

প্ৰতিবাদী কাৰ্য্যসূচীৰ অন্তত বিজেপি কৰ্মীসকলে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে তিনিচুকীয়া কাণ্ডৰ সৈতে জড়িত দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদান কৰাৰ উপৰি ভৱিষ্যতে এনে ধৰণৰ ঘটনা সংঘটিত নহ’বৰ বাবে আৰক্ষী প্ৰশাসনক কঠোৰ হ’বলৈ আহ্বান জনাই মুখ্য মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd