• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফাৰ ওপৰত মোক্ষম আঘাত : ম্যানমাৰ সেনাৰ আক্ৰমণত নিহত আলফা (স্বা:)ৰ কেডাৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
February 5, 2019 3:12 pm
787110-myanmar-militant-zee-750x375

টাগাত ম্যানমাৰ সেনাই জব্দ কৰা অস্ত্ৰ-শস্ত্ৰসমূহ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি ম্যানমাৰত শিবিৰ পাতি থকা উত্তৰ-পূবৰ বিদ্ৰোহী গোটসমূহক উৎখাত কৰাৰ বাবে ম্যানমাৰ সেনাই ইতিমধ্যে অভিযান আৰম্ভ কৰিছে।

সেনাৰ এক সূত্ৰই জানিব দিয়া মতে, শেহতীয়াকৈ আলফা (স্বা:) আৰু ম্যানমাৰ সেনাৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত এজন আলফা (স্বা:)ৰ সদস্য নিহত হোৱাৰ লগতে আন এজন সদস্যক ম্যানমাৰ সেনাই গ্ৰেপ্তাৰ কৰিছে। এনএছচিএন(কে)ৰ শীৰ্ষ নেতাই ম্যানমাৰক বিষয়টো নিষ্পত্তি কৰাৰ বাবে অনুৰোধ কৰিছে।

Apply Now

প্ৰথমতে, ম্যানমাৰৰ সেনা বাহিনীয়ে যোৱা জানুৱাৰি মাহৰ শেষত ছাগায়িং অঞ্চলত থকা নাগা বিদ্ৰোহীৰ স্বয়ং শাসিত মণ্ডলৰ এনএছচিএন(কে)ৰ শিৱিৰত অভিযান চলাই নানিয়ুন চহৰাঞ্চলৰ টাগা গাঁৱত থকা এনএছচিএন(কে)ৰ মুখ্য কাৰ্যালয়ৰ ওপৰত নিয়ন্ত্ৰণ সাৱ্যস্ত কৰে।

সূত্ৰসমূহে জানিব দিয়া মতে ভাৰত চৰকাৰে উত্তৰ-পূবৰ বিদ্ৰোহী গোটবোৰৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ ম্যানমাৰ চৰকাৰৰ ওপৰত কূটনৈতিক হেচা প্ৰয়োগ কৰিছে।

বিগত বৰ্ষত ভাৰতৰ সুৰক্ষা উপদেষ্টা অজিত ডাভালে ম্যানমাৰ ভ্ৰমণ কৰাৰ সময়ত দেশখনত আশ্ৰয় গ্ৰহণ কৰি থকা উত্তৰ-পূবৰ বিদ্ৰোহী গোটবোৰৰ সম্পৰ্কত আলোচনাত মিলিত হৈছিল। ম্যানমাৰৰ শীৰ্ষ বিষয়াৰে হোৱা আলোচনাৰ সময়ত ডোভালে দেশ দুখনৰ মাজত দ্বিপাক্ষিক সুৰক্ষা সহযোগিতা বৃদ্ধি কৰাৰ কথা কৈছিল।

সূত্ৰসমূহে কয় যে ভাৰতৰ বিৰুদ্ধে উত্তৰ-পূবৰ বিদ্ৰোহীসকলে ব্যৱহাৰ কৰি থকা তেওঁলোকৰ ভূমি ম্যানমাৰ চৰকাৰে মুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে, ম্যানমাৰত নাগা বিদ্ৰোহীৰ এটা শক্তিশালী ভিত্তি আছে আৰু তেওঁলোকে ম্যানমাৰ চৰকাৰৰ সৈতে সমস্যাটো নিষ্পত্তি কৰাৰ চেষ্টা চলাই আছে।

উল্লেখযোগ্য যে ম্যানমাৰৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্যৰ সীমান্ত সংলগ্ন হৈ আছে আৰু ম্যানমাৰ শিৱিৰত প্ৰশিক্ষণ লোৱাৰ পাছত বিদ্ৰোহীসকলৰ বাবে ভাৰতৰ ভূমিত প্ৰৱেশ কৰাটো অতি সহজ হৈ পৰে।

সেনাৰ সূত্ৰই জানিব দিয়া মতে, ম্যানমাৰ সেনাৰ আক্ৰমণৰ ফলত এনএছচিএন(কে), আলফা (স্বা:), এনডিএফবি, কেএলঅ’ৰ বেছিভাগ শিৱিৰেই পৰিত্যক্ত হৈ পৰাৰ লগতে বেছিভাগ সদস্যই পলায়ন কৰিছে। তদুপৰি, অভিযানৰ সময়ত ম্যানমাৰ সেনাই শিৱিৰসমূহৰ পৰা বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে।

কেইবা দশক ধৰি ম্যানমাৰক উত্তৰ-পূবৰ বিদ্ৰোহীসকলে ব্যৱহাৰ কৰি আহিছে আৰু তেওঁলোকে নিজৰ কামকাজ সম্পূৰ্ণ কৰি সহজতে শিৱিৰলৈ উভতি আহিব পাৰে।

‘’ভাৰতৰ ভূমিত যদি কোনো বিদ্ৰোহী গোটে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে তেতিয়াহ’লে তাক প্ৰতিহত কৰিবলৈ ভাৰতীয় সুৰক্ষা বাহিনী সাজু আছে,’’-সেনাৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

জানিব পৰা মতে আলফা(স্বা:)ৰ শীৰ্ষ নেতাই ম্যানমাৰৰ ওপৰত হেচা প্ৰয়োগ কৰি বিষয়টো নিষ্পত্তি কৰাৰ বাবে চীনৰ সৈতে আলোচনা চলাই আছে। আনহাতে, আলফা (স্বা:)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই চীনক প্ৰভাৱিত কৰি বিষয়টো কেনেদৰে নিষ্পত্তি কৰে সেয়া লক্ষণীয় হৈ পৰিছে।

চীনে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোটসমূহক সহায় কৰি উত্তৰ-পূৰ্বাঞ্চলত থকা তেওঁলোকৰ বৃহত্তৰ স্বাৰ্থত উত্তৰ-পূৰ্বাঞ্চলত ছায়াযুদ্ধ অব্যাহত ৰাখিছে। ভাৰতৰ ফালৰ পৰা কেইবাবাৰো চলোৱা প্ৰচেষ্টাৰ বিপৰীতে বিষয়টোত চীনে কোনো গুৰুত্ব প্ৰদান কৰা নাই।

ইপিনে, ভাৰতীয় সেনা মুৰব্বী বিপিন ৰাৱটে সুৰক্ষা ব্যৱস্থাৰ বুজ ল’বলৈ দুদিনীয়া ভ্ৰমণসূচীলৈ অৰুণাচললৈ আহিছে। সোমবাৰে সেনা মুৰব্বী গৰাকীয়ে লেখাপানীত থকা ২৫ ছেক্টৰ আছাম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। তাৎপৰ্যপূৰ্ণভাৱে, ৰাৱাটৰ উত্তৰ-পূৰ্বাঞ্চলত ভ্ৰমণৰ সময়তে উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থীক উৎখাত কৰিবলৈ ম্যানমাৰ সেনাই অভিযান চলাইছে।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd