• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীৰ এপল’ চিকিৎসালয়ত অসমৰ প্ৰথমটো একক দাতাৰ প্লেটিলেট সংগ্ৰহ্কাৰী অত্যাধুনিক যন্ত্ৰৰ সেৱা মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2018 5:09 pm
গুৱাহাটীৰ এপল’ চিকিৎসালয়

গুৱাহাটীৰ এপল’ চিকিৎসালয়

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্সাৰ, পুৰণি ৰোগ, ডেংগি আৰু যন্ত্ৰণাপূৰ্ণ আঘাতৰ সৈতে যুঁজা আৰু বাচি থকাৰ ক্ষেত্ৰত ৰোগীক প্লেটিলেট দান অতি গুৰুত্বপূৰ্ণ । এই ক্ষেত্ৰত এজন দাতাৰ পৰাই প্লেটিলেট সংগ্ৰহ কৰাত সক্ষম অসমৰ প্ৰথম প্ৰতিষ্ঠানৰূপে পৰিগণিত হৈছে গুৱাহাটীৰ এপল’ চিকিৎসালয়।

এপল’ গুৱাহাটী চিকিৎসালয়ৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ আশিস মালাকাৰে কয় যে প্লেটিলেট সংগ্ৰাহক যন্ত্ৰ কাৰ্যক্ষম কৰাৰ বাবে ভাৰতৰ ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেলৰ পৰা যোৱা ১০ জানুৱাৰিত তেওঁলোকে অনুমোদন লাভ কৰিছে। তেওঁ কয়, ‘এই যন্ত্ৰসমূহ কিছু বছৰৰ আগৰ পৰাই আমাৰ হাতত আছিল, কিন্তু অনুমতি নোহোৱাৰ বাবে আমি ইয়াক কাৰ্যকৰী কৰিব পৰা নাছিলো।’

Apply Now

চিকিৎসালয়খনৰ মুখ্য কাৰ্যবাহীজনে লগতে কয় যে এইক্ষেত্ৰত অনুমতিদাতা কৰ্তৃপক্ষ গুৱাহাটীস্থিত নোহোৱাৰ বাবে গোটেই প্ৰক্ৰিয়াটো পিছ পৰি আছিল। তেওঁ কয়, ‘ভাৰতৰ ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেলে গুৱাহাটীত ইয়াৰ উপ-আঞ্চলিক কাৰ্যালয় স্থাপন কৰাৰ ফলত অনুমোদনৰ প্ৰক্ৰিয়াটো আমাৰ বাবে সহজ হৈ পৰিল।’

এজন দাতাৰ পৰাই সংগ্ৰৃহীত হোৱা বাবে আমি অধিক ঘনত্বৰ প্লেটিলেট যোগান ধৰিব পাৰিম আৰু ইয়াৰ ফলত ৰোগীসকল উপকৃত হ’ব বুলি মন্তব্য কৰি ড০ মালাকাৰে কয়, ‘এতিয়া আমি প্লেটিলেট প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত যিমান পাৰি অধিক জীৱন বচোৱাৰ চেষ্টা কৰিম। বিভিন্ন চিকিৎসাৰ ক্ষেত্ৰত প্লেটিলেট প্ৰয়োজন হোৱাৰ বহুতো কাৰণ আছে।’

উচ্চমানৰ চিকিৎসালয়খনৰ মুখ্য কাৰ্য্যবাহীজনে লগতে কয় যে একক দাতাৰ পৰা প্লেটিলেট সংগ্ৰহ কৰাৰ কাৰণে ৰোগীসকল আৰোগ্য হোৱাৰ সম্ভাৱনাও বাঢ়িব। গুৱাহাটীৰ এপল’ চিকিৎসালয়ৰ ব্লাড বেংকৰ ভাৰপ্ৰাপ্ত চিকিৎসক ড০ দীপা ভূঞাই জনোৱা মতে এই পদ্ধতিটোৰ নাম ‘এফিৰেচিচ যোগে প্ৰাপ্ত একক দাতাৰ প্লেটিলেট’।

এজন দাতাৰ পৰাই যন্ত্ৰটোৱে (Trima accel automated blood collection system) প্ৰয়োজনীয় পৰিমাণৰ প্লেটিলেট আহৰণ কৰিব আৰু একেডাল সিৰাৰ যোগেদিয়ে তেজৰ বাকী ৰোৱা অংশ প্লেটিলেট দাতাৰ শৰীৰত পুনৰ সংস্থাপিত কৰিব।

এতিয়ালৈকে অসমৰ ৰোগীসকলে ভিন্ন দাতাৰ প্লেটিলেট (random donor platelets) ল’ব লগা হৈছিল। ড০ ভূঞাই কয়, ‘এক থেৰাপিউটিক পৰিমাণৰ প্লেটিলেট প্ৰস্তুত কৰাৰ বাবে আমি এতিয়ালৈকে ৪ ৰপৰা ৬ জন দাতাৰ প্লেটিলেট সংগ্ৰহ কৰিব লগা হৈছিল। কিন্তু এতিয়া উক্ত পৰিমাণৰ প্লেটিলেট আমি কেৱল এজন দাতাৰ পৰাই আহৰণ কৰিব পাৰিম।’

তেওঁ কয়, ‘ই নিশ্চয়কৈ এক ধনাত্মক অগ্ৰগতি আৰু ৰোগীসকলক আমি অধিক উন্নত চিকিৎসা আগ বঢ়োৱাৰ বাবে আমাৰ সৰ্বোত্তম প্ৰচেষ্টা চলাব পাৰিম যিহেতু একক দাতাৰ প্লেটিলেট (single donor platelets) ভিন্ন দাতাৰ প্লেটিলেট (random donor platelets)তকৈ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত অধিক কাৰ্য্যকৰী আৰু ৰোগীসকলেও বেছি দ্ৰুততাৰে তেওঁলোকৰ প্লেটিলেট সংখ্যা পুনৰ ঘূৰাই পাবলৈ সক্ষম হয়।’

চিকিৎসালয়খনত উপলব্ধ এই নতুন সুবিধাৰ ফলত ডেংগি আৰু ৰক্তস্ৰাৱী জ্বৰৰ ৰোগীসকল বহুলভাৱে উপকৃত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd