• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“বিজেপিৰ সভালৈ নহা মুছলমানৰ গাত গাহৰিৰ তেজ আছে”, বিজেপি নেতা; থানাত গোচৰ

সদৌ উজনি অসম খিলঞ্জীয়া মুছলমানক লৈ আয়োজিত সভাত মাত্ৰ ২০-৩০জনৰ উপস্থিতিত ক্ষুব্ধ বিজেপি নেতাৰ বিতৰ্কিত মন্তব্য

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2019 12:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰত বিজেপিৰ সংখ্যালঘু কোষে আয়োজন কৰা এখন সভাত বিজেপিৰ এজন নেতাই নগণ্য সংখ্যকৰ উপস্থিতিৰ প্ৰতি বিষোদগাৰ কৰিবলৈ গৈ সভালৈ নহা মুছলমানসকলৰ গাত গাহৰিৰ তেজ আছে বুলি মন্তব্য কৰাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিজেপিৰ সংখ্যালঘু কোষৰ ৰাজ্যিক পৰ্য্যায়ৰ নেতা বুলি পৰিচয় দিয়া নেতাজন হ’ল শিৱসাগৰ চহৰৰে যমুনা ৰ’ডৰ নিৱাসী তফিকুদ্দিন আহমেদ ওৰফে ৰণি।

Apply Now

সদৌ উজনি অসম খিলঞ্জীয়া মুছলমানৰ সমন্বয় আৰু উন্নয়নৰ বাবে তেওঁ আগভাগ লৈ এই সভাখন আয়োজন কৰিছিল। স্থানীয় লোকে অভিযোগ কৰামতে, আগন্তুক লোকসভা নিৰ্বাচনত গেৰুৱা দললৈ খিলঞ্জীয়া মুছলমানসকলৰ সমৰ্থন আদায়ৰ লক্ষ্য আছিল সভাৰ এটা গোপন উদ্দেশ্য। চহৰখনৰ যুৱদল প্ৰেক্ষাগৃহত আয়োজিত সভাখনত মানুহ মুঠেই ২০-৩০জনহে গোট খাইছিল। ইয়াতে ক্ষুণ্ণ হৈ আছিল আহ্বায়ক হিচাপে থকা নেতাজন।

“যেতিয়া আমি চৰকাৰে খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ বাবে ধাৰ্য্য কৰা ১০০ কোটি টকাৰ ৩০ কোটি টকা আনিম, ভাগ ল’বলৈ আজি উপস্থিত নথকাসকলহে আগ বাঢ়ি আহিব। সেই মানুহখিনিক মই কওঁ যে তেওঁলোকৰ গাত মুছলমান তেজ নাই। গাহৰিৰ তেজ আছে। মুছলমানৰ তেজ থকা হ’লে সভালৈ আহিল হেঁতেন”, সভাত উপস্থিত নথকাসকলক আক্ৰমণ কৰিবলৈ গৈ এইদৰে কয় নেতাজনে।

সভাখনত উপস্থিতসকলে মূৰ-কাণ পেলাই তেওঁৰ বক্তব্য শুনি আছিল যদিও সভাৰ পিছতে কথাটো জনাজনি হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় খিলঞ্জীয়া মুছলমান লোক আৰু স্থানীয় অমুছলমান দল-সংগঠনৰ মাজতো।

উজনি অসম মুছলিম কল্যাণ পৰিষদ, শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা নেতাজনৰ বিৰুদ্ধে সদৰ থানাত গোচৰ দিয়া বুলি জনালে সমিতিৰ বিষয়ববীয়াই।

তফিকুদ্দিন আহমেদে মুছলমানসকলৰ প্ৰতি নিকৃষ্ট মন্তব্য কৰাৰ উপৰি অন্যান্য বিতৰ্কিত মন্তব্যও কৰে সভাখনত। তেওঁ বক্তব্যত কয় যে নামনি আৰু মধ্য অসমৰ মানুহে শোষণ কৰি থকা বাবেহে উজনি অসমৰ মানুহখিনিৰ উন্নয়ন বাধাগ্ৰস্ত হৈছে। “আমাক নামনি আৰু মধ্য অসমৰ মানুহখিনিয়ে শোষণ কৰি আছে। চৰকাৰ দায়ী নহয়।”, মন্তব্য তফিকুদ্দিন নামৰ নেতাজনৰ।

আক্ৰমণ কৰিবলৈ গৈ মুছলমানৰ  যুৱ দল প্ৰেক্ষাগৃহত কালি অসমৰ খিলঞ্জীয়া মুছলমান সকলৰ উন্নয়নৰ বাবে এখন সভা অনুষ্ঠিত হৈছিল। উক্ত সভাত শিৱসাগৰ নগৰৰ পশ্চিম যমুনা ৰোডৰ নিৱাসী তফিকুদ্দিন আহমেদ(ৰণি) য়ে ভাষণ প্ৰসঙ্গত সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰাত শিৱসাগৰ জিলাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এই ক্ষেত্ৰত ‘ ঐক্য সেনা ‘ ই কালি শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি তফিকুদ্দিন আহমেদ( ৰণি) ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

উজনি অসম মুছলিম কল্যাণ পৰিষদ, শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা গোচৰ দিছে সদৰ থানাত।

শিৱসাগৰ জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগ আৰু ঐক্য সেনা, অসমেও তফিকুদ্দিনৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ লগতে নেতাজনক গ্ৰেপ্তাৰৰ দাবী জনাইছে।

উজনি অসম মুছলিম কল্যাণ পৰিষদ, শিৱসাগৰ জিলা সমিতিয়ে তফিকুদ্দিনক সংখ্যালঘু কোষৰৰ পৰা বহিষ্কাৰ কৰিবলৈ ৰাজ্যিক কোষৰ সভাপতিক আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd