১৭ জানুৱাৰি, মঙলবাৰে জ্যোতি চিত্ৰবনে ইয়াৰ সোণালী জয়ন্তী উদযাপনৰ লগতে শিল্পী দিৱসো পালন কৰিব। এই বছৰ শিল্পী দিৱস আৰু জ্যোতি চিত্ৰবনৰ প্ৰতিষ্ঠা দিৱস একেলগে উদযাপন কৰা হ’ব। দ্বিতীয়বাৰৰ বাবে এনেধৰণে একেলগে দুয়োটা দিৱস পালন কৰিবলৈ লোৱা হৈছে।
সোণালী জয়ন্তী উদযাপনৰ অংশ হিচাপে আয়োজন কৰা পেইন্টিং প্ৰতিযোগিতা আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত বিটিএডিকে ধৰি অসমৰ সকলো প্ৰান্তৰ পৰা অংশগ্ৰহণকাৰীয়ে ভাগ ল’ব। সংগীত শিল্পী কুল বৰুৱা আৰু অনিমা বৰঠাকুৰক শিল্পী দিৱস উপলক্ষে সম্বৰ্দ্ধনা জনোৱা হ’ব।
জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে জ্যোতি চিত্ৰবনৰ সোণালী জয়ন্তী উপলক্ষে তেওঁলোকে উন্নয়নমূলক কাম হাতত লৈছে আৰু এইবছৰ তিনিখন চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰিব।
‘’ সংগীতৰ আৰ্কাইভটো এটা ডিজিটেল আৰ্কাইভলৈ সলনি কৰা হৈছে। দহদিনৰ ভিতৰত আমি ১২০০ তকৈয়ো অধিক ফটোগ্ৰাফ আমি সাজু কৰিবলৈ সক্ষম হ’ম আৰু সেইবোৰ ডিজিটেল মাধ্যমত উপলব্ধ হ’ব,’’-গুৱাহাটীৰ কাহিলিপাৰাত অনুষ্ঠিত এখন সংবাদমেলত এইদৰে কয় পৱিত্ৰ মাৰ্ঘেৰিটাই। তেওঁ লগতে কয় যে অসমৰ চলচ্চিত্ৰ, সংগীত আৰু সংস্কৃতিৰ লগত জড়িত মূল্যৱান ফটোগ্ৰাফৰ ডিজিটেল সংকলন এই বছৰৰ পৰা সহজলভ্য কৰি তোলা হ’ব। জ্যোতি চিত্ৰবনৰ এই সংবাদমেলত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব মনিতা বৰগোহাইও উপস্থিত আছিল।
পৱিত্ৰ মাৰ্ঘেৰিটাই লগতে উল্লেখ কৰে জ্যোতি চিত্ৰবনে আগন্তুক বছৰত এখন আন্তৰ্জাতিক শিশু চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰিব। চলচ্চিত্ৰ প্ৰদৰ্শনৰ উপৰি মহোৎসৱখন আন্তৰ্জাতিক সাংস্কৃতিক বিনিময়ৰ এখন মঞ্চ হোৱাৰ লগতে শিশুৰ বাবে নতুন কেৰিয়াৰৰ আলোচনাৰ ব্যৱস্থা থাকিব। ইয়াত চলচ্চিত্ৰ নিৰ্মাণৰ কলা শিক্ষণৰ সুবিধাও আগবঢ়োৱা হ’ব।
জ্যোতি চিত্ৰবনে এখন তথ্যচিত্ৰ মহোৎসৱ আৰু গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিব। তদুপৰি, ১৯৯৯ চনত জ্যোতি চিত্ৰবনত আৰম্ভ কৰা ড০ ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিশ্বন ইনষ্টিটিউটে এতিয়াৰে পৰা স্বতন্ত্ৰভাৱে কাম কাজ চলাব।
‘’ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সিদ্ধান্ত অনুসৰি আমি বৈজ্ঞানিক ভিত্তিত সংৰক্ষণৰ কাম গ্ৰহণ কৰিম আৰু লগতে বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত গৱেষণাৰ উদ্যোগ কৰা হ’ব,’’-তেওঁ কয়।