• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকসভা নিৰ্বাচন : ‘মিত্ৰ’ই অগপক দিলে ধুবুৰী, বৰপেটা আৰু কলিয়াবৰ

আনুষ্ঠানিকতাহে সম্পূৰ্ণ; পূৰ্বেই বুজাবুজিৰে সন্মত হৈয়ে আছিল অগপ নেতৃত্ব?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2019 7:12 pm
atul-borah

অতুল বৰা-ফটো সৌজন্য-উইকিপিডিয়া

604
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰে মিত্ৰতাৰ পৰিণামস্বৰূপে আজি অসমৰ আঞ্চলিক দল অগপই আগন্তুক লোকসভা নিৰ্বাচনত নিজৰ বাবে তিনিখন আসন লাভ কৰিছে। নামনি অসমৰ বৰপেটা, ধুবুৰী আৰু উজনি অসমৰ কলিয়াবৰ সমষ্টিকেইটা দলটোৰ বাবে এৰি দিছে মিত্ৰ বিজেপিয়ে। আজি দিল্লীত বিজেপি-অগপৰ নেতৃত্বৰ বৈঠকত এই আসন বুজাবুজি চূড়ান্ত হয়।

মন কৰিব লগীয়া যে দলটোৰ ভাগ্যত এইকেইখনে আসন পৰাটো পূৰ্বেই নিশ্চিত হৈ আছিল বুলি ক’ব পাৰি। ৰাজ্যিক বিজেপিয়ে যোৱা ১৫ মাৰ্চত ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা দলৰ সম্ভাব্য প্ৰাৰ্থী তালিকাৰ পৰা বাহিৰত ৰখা হৈছিল এই তিনিটা সমষ্টি। বি পি এফক এৰি দিয়া কোকৰাঝাৰকো বাদ দি আন দহটা সমষ্টিৰহে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰি পঠাইছিল অসম বিজেপিয়ে। অৰ্থাৎ এক প্ৰকাৰৰ পূৰ্বেই বুজাবুজিৰে সন্মত হৈয়ে আছিল অগপ নেতৃত্ব। আজিৰ বৈঠক এক আনুষ্ঠানিকতাহে আছিল।

আনহাতে অসমৰ জাতীয় ভাবাপন্ন ৰাইজ আৰু দলটোৰ তৃণমূল কৰ্মীয়েও এয়ে হ’ব বুলি আশংকা কৰি আছিল। এই শংকাৰ মুকলি প্ৰকাশ কৰা দেখা গৈছিল আঞ্চলিক দলটোৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মীক।

উল্লেখযোগ্য যে অগপক দিয়া সমষ্টিকেইটাৰ এটাতো বিজেপিৰ ভেটি সবল নহয়। নহয় অগপৰো। কলিয়াবৰ সমষ্টিটো বৰ্তমান কংগ্ৰেছৰ দখলত থকাৰ বিপৰীতে ধুবুৰী আৰু বৰপেটা আছে এ আই য়ু ডি এফৰ দখলত। কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ স্থিতি এতিয়াও সবল আটাইকেইটা সমষ্টিত।

জানিব পৰামতে, অগপক বিজেপিয়ে এই মিত্ৰতাৰ পুৰস্কাৰ স্বৰূপে ৰাজ্য সভাৰ এখন আসনত আঞ্চলিক দলটোৰ এজনক জয়ী কৰাই পঠাব।

Recent News

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd