• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আনুষ্ঠানিক ঘোষণাহে বাকী : তেজপুৰ, নগাৱঁক বাদ দি বিজেপিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত

বৰ্তমানৰ ৭জন সাংসদৰ কেৱল দুজনেহে পালে টিকট; গুৱাহাটীত 'নতুন মুখ' কুইন ওজা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 17, 2019 6:18 pm
BJP

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাথিত্ব প্ৰয়াসীৰ পৰম উৎকণ্ঠাৰ অন্ত পেলাই বিজেপিয়ে অসমৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা ১০টা সমষ্টিৰ ৮টাৰে প্ৰাৰ্থী চূড়ান্ত কৰিছে। তেজপুৰ আৰু নগাওঁ সমষ্টিৰ প্ৰাৰ্থী সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই বুলি জানিব পৰা গৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে দলটোৰ বৰ্তমানৰ ৭জন সাংসদৰ মাত্ৰ ২জনহে এই তালিকাত স্থান পাবলৈ সক্ষম হৈছে। তেওঁলোক হৈছে ক্ৰমে লখিমপুৰ সমষ্টিৰ প্ৰদান বৰুৱা আৰু ডিব্ৰুগড় সমষ্টিৰ ৰামেশ্বৰ তেলী।

Apply Now

প্ৰাৰ্থিত্ব নোপোৱা ৫গৰাকী সাংসদ হ’ল ক্ৰমে যোৰহাট সমষ্টিৰ কামাখ্যা প্ৰসাদ তাছা, মঙলদৈৰ ৰমেন ডেকা, গুৱাহাটীৰ বিজয়া চক্ৰবৰ্তী তেজপুৰৰ ৰামপ্ৰসাদ শৰ্মা আৰু নগাৱঁৰ ৰাজেন গোহাঁই।

ইয়াৰ বিপৰীতে পূৰ্বতে সাংসদ হিচাপে কেতিয়াও প্ৰতিদ্বন্দিতা নকৰা নতুন মুখ দেখিবলৈ পোৱা গৈছে বিজেপিৰ প্ৰাৰ্থী তালিকাত।

হাই প্ৰফাইল গুৱাহাটী সমষ্টিত টিকট পাইছে গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ তথা অগপৰ পৰা ২০১৪ চনত বিজেপিত যোগদান কৰা কুইন ওজাই।

এই পৰ্য্যন্ত প্ৰাৰ্থিত্ব নিশ্চিত হোৱা প্ৰাৰ্থীকেইজন-

১। গুৱাহাটী : কুইন ওজা (নতুন মুখ)

২। মঙলদৈ : দিলীপ শইকীয়া (ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক, নতুন মুখ)

৩। লখিমপুৰ : প্ৰদান বৰুৱা (বৰ্তমানৰ সাংসদ)

৪। ডিব্ৰুগড় : ৰামেশ্বৰ তেলী (বৰ্তমানৰ সাংসদ)

৫। যোৰহাট : তপন গগৈ (বৰ্তমান ৰাজ্য চৰকাৰৰ মন্ত্ৰী)

৬। শিলচৰ : ৰাজদীপ ৰয় (নতুন মুখ)

৭। কৰিমগঞ্জ : কৃপানাথ মাল্লা (বিধানসভাৰ উপাধ্যক্ষ তথা ৰাতাবাৰীৰ বিজেপি বিধায়ক)

৮। স্বায়ত্ত শাসিত জিলা : হৰেন সিং বে’

নগাওঁ : অপেক্ষাৰত

তেজপুৰ : অপেক্ষাৰত

(প্ৰাৰ্থীৰ তালিকখনৰ এতিয়াও আনুষ্ঠানিক ঘোষণা বাকী আছে।)

শেহতীয়া খবৰ অনুসৰি নগাওঁ লোকসভা সমষ্টিত যৌন কেলেংকাৰিত অভিযুক্ত হৈ থকা বাবে সাংসদ ৰাজেন গোহাঁয়ে নিজেই প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি থকা বাবে তেওঁৰ পত্নী ৰীতা গোহাঁইক টিকট দিয়াৰ কথা চৰ্চা হৈছে যদিও ৰীতা গোহাঁইৰ শিক্ষাগত অৰ্হতাক লৈ চিন্তিত বিজেপি নেতৃত্ব। ফলত সমষ্টিটোত এতিয়াও চূড়ান্ত কৰা নাই প্ৰাৰ্থী।

একেদৰে তেজপুৰত হিমন্ত বিশ্বৰ নাম চৰ্চাত আছিল যদিও হিমন্ত বিশ্বয়ো টিকট পোৱাটো নিশ্চিত হোৱা নাই। সাংসদ আৰ পি শৰ্মাই প্ৰধান মন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰা পত্ৰই সমষ্টিটোৰ প্ৰাৰ্থী চূড়ান্ত কৰাত আওল লগোৱা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বিজেপিয়ে ইয়াৰ মিত্ৰ অগপক বৰপেটা, ধুবুৰী আৰু কলিয়াবৰৰ আসনকেইখন আৰু বি পি এফক কোকৰাঝাৰ সমষ্টি এৰি দিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd