• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ বিৰুদ্ধে নীৰৱতাৰ ৰহস্য ফাদিল; বিজেপিত যাবলৈ সংগঠন এৰিলে আটাছু নেতাই

CAB অনা, জনজাতিকৰণৰ আভুৱা দিয়া বিজেপিৰ হাত শক্তিশালী কৰিব আটাছু নেতাই

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 25, 2019 9:01 pm
Ashwini Chetia

অশ্বিনী চেতিয়া। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুদীৰ্ঘ ২২টা বছৰ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ লগত জড়িত থাকি জাতিটোৰ হকে মাত মাতি অহা উজনি অসমৰ এজন নেতা তথা আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াই আজি সংগঠনটোৰ পৰা অব্যাহতি বিচাৰে।

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিলৈ দায়িত্বৰ পৰা অব্যাহতি বিচাৰি প্ৰেৰণ কৰা পত্ৰত আটাছুৰ মুখ্য উপদেষ্টাজনে “এক নতুন পথৰ যাত্ৰী হ’বলৈ” পদ এৰিবলৈ ওলোৱা বুলি জনায়।

দায়িত্বৰ পৰা অব্যাহতি বিচৰাৰ উপৰি আটাছুৰ সমূহ সতীৰ্থৰ পৰা আৰ্শীবাদ বিচাৰে নেতাজনে। নিজৰ পদত্যাগ পত্ৰত তেওঁ লগতে উল্লেখ কৰিছে যে নতুন পথৰ পাথিক হলেও সংগঠনটোৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা সদায়েই থাকিব।

উল্লেখযোগ্য যে বহুদিনৰ পৰাই আটাছুৰ মুখ্য উপদেষ্টাজনৰ বিজেপি দলত যোগদানৰ কথা ওলাই আছিল।

বিশ্বস্ত সূত্ৰই জনোৱা মতে, চেতিয়াই সোমবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত  মুখ্য মন্ত্ৰী, বিত্ত মন্ত্রী আৰু ৰাম মাধৱৰ উপস্থিতিত দলটোত যোগদান কৰিব।

সৌ সিদিনালৈকে উজনি অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু ৬ জনগোষ্ঠীয় জনজাতিকৰণৰ দাবীত বিজেপি চৰকাৰৰ বিৰুদ্ধে চলা আন্দোলনবোৰৰো অশ্বিনী চেতিয়াই নেতৃত্ব দি আহিছিল। এতিয়া সেইগৰাকী নেতাই হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা বিজেপিৰ মাজতে “ৰাজনৈতিক ভৱিষ্যত”ৰ সন্ধান কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সৰ্বসাধাৰণ ৰাইজৰ প্ৰশ্ন- ছাত্ৰ সংগঠনৰ নেতাই ৰাজনৈতিক কেৰিয়াৰৰ বাবেই সংগঠন কৰে নেকি? তেওঁলোকৰ কোনো নীতি-আদৰ্শ নাই নেকি?

Resignation Letter Ashini Chetia
অশ্বিনী চেতিয়াৰ পদত্যাগ পত্ৰখন।

মন কৰিব লগীয়া যে ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপিৰ চৰকাৰখনে চূড়ান্ত আভুৱা ভাঁৰিলে যদিও যোৱা ২-৩ মাহ ধৰি জনগোষ্ঠীকেইটাৰ আন্দোলনকাৰী নেতৃত্বই ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আছে। জনজাতিকৰণৰ দাবীত ৰাজ্যজুৰি আন্দোলন, অনশন, ধৰ্ণা কৰি পৰিস্থিতি উত্তাল কৰি ৰখা সংগঠনবোৰৰ নেতৃত্বৰ এই নীৰৱতা সকলোৰে চকুত পৰিছে।

শিৱসাগৰ অঞ্চলত এই কথা সকলোৱে স্বীকাৰ কৰে যে অশ্বিনী চেতিয়াৰ সৱল নেতৃত্বত সদৌ তাই আহোম ছাত্ৰ সন্থা এটা প্ৰভাৱশালী ছাত্ৰ সংগঠন হিচাপে মূৰ দাঙি উঠিবলৈ সক্ষম হৈছিল। অসমৰ বহু জ্বলন্ত সমস্যাক লৈ সংগঠনটোৱে মাত মাতি আহিছে। তেনেস্থলত সংগঠনটোৰ মুখ্য উপদেষ্টাজনৰ এই “সংকীৰ্ণ স্বাৰ্থান্বেষণ”ক সহজভাৱে ল’ব পৰা নাই সংগঠনটোৰ শুভাকাংক্ষী আৰু বিজেপিৰ নীতি-আদৰ্শক “জাতিৰ বিপদ” জ্ঞান কৰা সচেতন নাগৰিকসকলে।

প্ৰসংগক্ৰমে, চেতিয়াই ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা অসম সংগ্ৰামী মঞ্চৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু মাত্ৰ ১০ হাজাৰ ভোট লাভেৰে তৃতীয়ত ৰৈছিল। বিজয়ী কংগ্ৰেছ প্ৰাৰ্থী প্ৰণৱ কুমাৰ গগৈৰ পিছতে দ্বিতীয় স্থান পাইছিল বিজেপিৰ সুৰভি ৰাজকুঁৱৰীয়ে।

সংগঠনটোৰ বাবে মংগলজনক আখ্যা একাংশ আটাছু কৰ্মীৰ

আনহাতে আটাছুৰ একাংশ কৰ্মীয়ে চেতিয়া ওলাই যোৱাটোক “সংগঠনটোৰ বাবে মংগলজনক” বুলি অভিহিত কৰিছে। “সংগঠনৰ ভিতৰত থাকি ৰাজনৈতিক দলৰ হৈ কাম-কাজ কৰি থকা ব্যক্তি সংগঠনৰ পৰা ওলাই যোৱাটোৱেই মংগল”, এজন আটাছু কৰ্মীৰ মন্তব্য।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd