জাতিৰ স্বাৰ্থত আছুৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছিল। কিন্তু ৰাজ্যখনৰ একাংশ ৰাজনীতিবিদে আছুৰ নাম কৈ নিৰ্বাচনী সুবিধা লোৱাৰ চেষ্টা চলোৱাত জাঙুৰ খাই উঠিছে আছুৰ শীৰ্ষ নেতৃত্ব।
বৰ্তমান নতুন দিল্লীত থকা আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই একাংশ ৰাজনীতিবিদে আছুক ব্যৱহাৰ কৰি নিৰ্বাচনী বতৰৰ সুবিধা লোৱাৰ চেষ্টা কৰা বিষয়ত স্পষ্ট কৰি দিয়ে যে আছুক লৈ যাতে কোনোৱে ৰাজনীতি নকৰে। আছুৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী স্থিতিক লৈ যাতে কোনো ৰাজনৈতিক দলে মুনাফা আদায়ৰ চেষ্টা নকৰে তাৰবাবে নেতাগৰাকীয়ে সকীয়াই দিয়ে।
ভট্টাচাৰ্ই কয় যে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ দিহা থকা নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদৰ মজিয়াত বাতিল কৰাৰ বাবে আমি কংগ্ৰেছ, সমাজবাদী পাৰ্টী, তৃণমূল কংগ্ৰেছ আদি সকলো ৰাজনৈতিক দলৰ নেতৃত্বক সাক্ষাৎ কৰিছিলোঁ। কিন্তু কংগ্ৰেছৰ একাংশ নেতাই বৰ্তমান আমাৰ নাম ব্যৱহাৰ কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খুজিছে।
তেওঁ ৰাজনৈতিক নেতাসকলক এইদৰে আছুৰ নাম লৈ ভৱিষ্যতে যাতে কোনো ৰাজনীতি নকৰে তাৰ বাবে সকীয়াই দিয়ে।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অসমলৈ আহি ক্ষমতালৈ আহিলে তেওঁলোকে যে বিধেয়ক পুনৰ উত্থাপন কৰিব সেই সন্দৰ্ভত বিজেপিৰ স্থিতি পুনৰ স্পষ্ট কৰিছে। গণতন্ত্ৰত ৰাইজেই হৈছে ৰজা বুলি কৈ আছু নেতাগৰাকীয়ে ৰাইজে কাক ভোটদান কৰে সেয়া ৰাইজেই নিৰ্ধাৰণ কৰিব বুলি স্পষ্ট কৰি দিয়ে।
ইপিনে,আছুৰ সভাপতি দীপাংক কুমাৰ নাথেও মঙলবাৰে আছুক লৈ ৰাজনীতি নকৰিবলৈ ৰাজনৈতিক দলসমূহক সকীয়াই দিয়ে। তেওঁ কয় যে আছু এটা অৰাজনৈতিক সংগঠন আৰু আছুৰ এই চৰিত্ৰ ভৱিষ্যতেও বৰ্তি থাকিব।