বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ আম্ভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ আৰু গোলাঘাট জিলা পৰিবণ বিভাগৰ উদ্যোগত আজি মহাবিদ্যালয়খনত সংহত শিক্ষা অভিযানৰ আধাৰত পথ সুৰক্ষাৰ সন্দৰ্ভত এক বিশেষ সজাগতা সভাৰ আয়োজন কৰা হয়।
মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ জয়ন্ত গগৈৰ পৌৰহিত্যত অনুষ্ঠিত এই সভাত গোলাঘাট জিলাৰ পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰী, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, পৰিবহণ পৰিদৰ্শক পৰাগ শইকীয়া আৰু বাহাৰুল ইচলাম মজুমদাৰ, এনফৰ্চমেন্ট বিষয়া ঋতু ৰঞ্জন নাথ, মহাবিদ্যালয়খনৰ আভ্যান্তৰীণ মান নিশ্চিতকৰণ কোষৰ মুখ্য সমন্বয়ক গোপিকানন্দ শইকীয়া, শিক্ষক গোটৰ সভাপতি অতুল বেজবৰুৱাৰ উপৰিও মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।
মহাবিদ্যালয়ৰ ছাত্ৰ ৰাজদীপ ডেকাৰ ওজা হাটেৰে আৰম্ভ হোৱা সজাগতা সভাত জিলা পৰিবহণ বিষয়া গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক মটৰ চাইকেল আৰু গাড়ী চলাওঁতে সজাগ হোৱাৰ লগতে সকলোকে লাইচেঞ্চ ল’বৰ বাবে আহ্বান জনায় ৷ আৰক্ষীৰ বিপৰীতে মহাবিদ্যালয়ৰ অধ্যক্ষৰ প্ৰমানপত্ৰৰ আধাৰতেই ছাত্ৰ-ছাত্ৰীক লাইচেঞ্চ দিব পৰা যাব বুলিও তেওঁ জনায়।
আনহাতে পৰিবহণ বিভাগে গোলাঘাটৰ সকলোবোৰ তেল ডিপোক হেলমেট পৰিধান নকৰিলে মটৰ চাইকেলত তেল নিদিবৰ বাবে নিৰ্দেশ জাৰি কৰিছে বুলি তেওঁ লগতে মন্তব্য কৰে। অধ্যক্ষ গৰাকীয়ে আঁত ধৰা উক্ত অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱা , অধ্যাপক অতুল বেজবৰুৱাও বক্তব্য আগবঢ়ায়।