• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত শিক্ষানুষ্ঠানৰ সন্মুখতে মুকলিভাৱে বিক্ৰী হৈ আছে ধঁপাত : সমীক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2019 6:47 am
02-tobacco

প্ৰতিনিধিত্বমূলক ফটো

389
VIEWS
Share on FacebookShare on Twitter

ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী প্ৰস্তুত কৰা কোম্পানীসমূহে গুৱাহাটী মহানগৰীত অতি কৌশলেৰে আৰু পৰিকল্পিতভাৱে বিদ্যালয়ৰ ছাত্র-ছাত্ৰীক ধঁপাতৰ প্ৰতি আকৰ্ষিত কৰিবলৈ শিক্ষা প্ৰতিষ্ঠানৰ কাষত এনে সামগ্ৰীৰ বিজ্ঞাপন প্ৰচাৰ আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে।

অসমত দীৰ্ঘদিন ধৰি ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত কাম কৰি থকা কনজিউমাৰছ লিগেল প্ৰটেকশ্যন ফৰাম, অসম আৰু নতুন দিল্লীৰ কনজিউমাৰ ভয়েচে শেহতীয়াভাৱে গুৱাহাটী, যোৰহাটকে ধৰি ডিব্ৰুগড় চহৰত চলোৱা এক সমীক্ষাত ধঁপাতক কেন্দ্ৰ কৰি এনে কিছুমান ভয়াৱহ তথ্য পোহৰলৈ আহে।

চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী আইন (COTPA) মুকলিভাবে উলংঘা কৰি কোম্পানীসমূহে আনকি ৮ বছৰীয়া শিশুকো ধঁপাত বিক্ৰী কৰাৰ ভয়াৱহ তথ্য সমীক্ষাত পোহৰলৈ আহিছে।

শুকুৰবাৰে গুৱাহাটীৰ হোটেল ৰিভেৰাত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ এখন কৰ্মশালাত সমীক্ষাৰ তথ্যসমূহ সদৰী কৰি কনজিউমাৰছ লিগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই জানিবলৈ দিয়ে যে গুৱাহাটীৰ ৭১ শতাংশ শিক্ষানুষ্ঠানৰ চৌহদৰ কাষতে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী মুকলিভাৱে বিক্ৰী হৈ আছে।

বহুজাতিক ধঁপাত কোম্পানীসমূহে সৰু সৰু আৰু অস্থায়ী দোকানৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰী ছাত্ৰ -ছাত্ৰীৰ মাজত বিক্ৰী কৰি আছে। মহানগৰীৰ ৫৯ শতাংশ শিক্ষানুষ্ঠানৰ চৌহদৰ বাহিৰত ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ বিজ্ঞাপন আছে। ৮২ শতাংশ এনে দোকানে চিগাৰেট আৰু বিড়িৰ সৈতে ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰিবলৈ চিপছৰ দৰে সামগ্ৰীও বিক্ৰী কৰি আছে। শিক্ষানুষ্ঠানৰ বাহিৰত থকা স্থায়ী আৰু অস্থায়ী দোকানে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰী মুকলিমূৰীয়াভাবে প্ৰদৰ্শন কৰি থৈছে।

কৰ্মশালাত ধঁপাত বিক্ৰীৰ বাবে অনুজ্ঞা পত্ৰৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি যুৱ প্ৰজন্মক ধঁপাত বিক্ৰী কৰাৰ ক্ষেত্ৰত কিদৰে বাধা দিব পাৰি সেই বিষয়ে স্বাস্থ্য বিভাগৰ ধঁপাত নিয়ন্ত্ৰণ কোষৰ ৰাজ্যিক নডেল বিষয়া ডাঃ অৰুন্ধতী ডেকাই  বিস্তৃতভাবে আলোচনা আগবঢ়ায়।

তদুপৰি, যুৱ প্ৰজন্মক ধঁপাত ব্যৱহাৰৰ পৰা কেনেকৈ ৰক্ষা ৰাখিব পাৰি সেই বিষয়ে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ডি আই জি প্ৰতুল ফুকন, ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক ডাঃ শ্ৰাৱনা মিশ্ৰ ভাগৱতী, দৈনিক পূৰ্বদয়ৰ সম্পাদক ৰবি শংকৰ ৰবি, সোনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দ্বিজেন্দ্ৰ নাথ বৰঠাকুৰ, চাইল্ড লাইন, গুৱাহাটী শাখাৰ সিদ্ধেশ্বৰ দাসে মতামত আগবঢ়ায়।

COTPA আইন অতি কঠোৰভাৱে বলবৎ কৰি শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ দূৰত্বৰ ভিতৰত ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী আৰু বিজ্ঞাপন নিষিদ্ধ কৰিবলৈ কনজিউমাৰছ লিগেল প্ৰটেকশ্যন ফৰামৰ আঞ্চলিক সমন্বয়ক হৃদয় পংকজ দাসে প্ৰশাসনক দাবী জনায়।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd