• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিমাধৱৰ প্ৰচাৰ সভাত কংগ্ৰেছক তুলাধূনা মুখ্য মন্ত্ৰী সোণোৱালৰ

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
April 1, 2019 8:17 pm
Khumtai - AGP-BJP Jointly Election campaign meeting

ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আজি গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত বেতিয়নী বাগান চাৰিআলিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছক চোকা ভাষাৰে সমালোচনা কৰে।

সভাখনত বক্তব্য প্ৰদান কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে দেশপ্ৰেমী প্ৰতিগৰাকী ব্যক্তিয়ে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীকে জয়ী কৰাব বুলি ইতিমধ্যে নিশ্চিত হৈছে। তেওঁ কয় যে কংগ্ৰেছৰ ৭০ বছৰীয়া শাসনকালত সমগ্ৰ ভাৰতবৰ্ষতে উন্নয়ন স্থবিৰ হৈ পৰিল যাৰ ফল ভোগ কৰিলে সাধাৰণ জনতাই।

তেওঁ লগতে কয়, ‘নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালত বিকাশ আৰু প্ৰগতিৰ গতি তীব্ৰ হৈ পৰিল। যাৰ প্ৰতিচ্ছবি ৰাইজে প্ৰত্যক্ষ কৰিছে। যাতায়ত ব্যৱস্থাৰ পৰা দৰিদ্ৰৰ খাদ্য, চাহ শ্ৰমিকৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ লগতে বাগিচাৰ উপ-পথসমূহো পকীকৰণৰ চিন্তা কৰিছে বিজেপিয়ে। ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেটত কেৱল চাহ বাগিচাৰ শ্ৰমিকৰ উন্নয়নৰ হকে মেট্ৰিক উত্তীৰ্ণ শ্ৰমিকৰ সন্তানক ১০ হাজাৰকৈ এককালীন সাহায্যৰ লগতে বাগিচাৰ গৰ্ভৱতী শ্ৰমিক মহিলাক ১২ হাজাৰ টকা কিস্তি অনুযায়ী প্ৰদান কৰিব। এনেধৰণৰ কাম কেৱল বিজেপিয়ে কৰিছে আৰু ভৱিষ্যতেও কৰি যাব’।

‘কংগ্ৰেছে কেৱল বাগিচাৰ শ্ৰমিকক ভোট বেংক সজাই চাহ সংঘ গঠন কৰি একাংশ দালালৰ জৰিয়তে শ্ৰমিকসকলক শোষণহে কৰিছিল। তাৰ বিপৰীতে কোনো লোকেই যাতে ভোকত থাকিব নালাগে, তাৰ ব্যৱস্থা কৰিছে বিজেপি চৰকাৰে। ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নত যাতে কোনো স্থবিৰতা নাহে তাৰ বাবেও চৰকাৰে বিভিন্ন সুবিধা প্ৰদান কৰিছে। ফলত আজি শৈক্ষিক ক্ষেত্ৰখনত ধনী-দুখীয়াৰ প্ৰভেদ নাইকিয়া হ’ল আৰু দৰিদ্ৰ পৰিয়ালৰ যোগ্য শিক্ষাৰ্থীয়েও সম-মৰ্যাদা আৰু সম-সুযোগ লাভ কৰিবলৈ সক্ষম হ’ল’। এইদৰে বিজেপিৰ গুণগান কৰা দেখা গ’ল সোণোৱালক।

নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী হৈ থাকিলেহে অসমৰ জাতি-মাটি-ভেটি-সভ্যতা অক্ষুন্ন থাকিব। চাওলুং চুকাফা, চিলাৰায় আদি বীৰৰ মহান আদৰ্শ সুঁৱৰি মুখ্য মন্ত্ৰীয়ে কয় যে যেনেদৰে সাতৰাজ এক কৰি চুকাফাই বৰ অসম গঢ়িছিল, তেনেদৰে বিজেপিয়ে উত্তৰ-পূবৰ ৰাজ্যসমূহক একত্ৰিত কৰি সমন্বয় গঢ়াৰ প্ৰয়াসত ব্ৰতী হৈছে।

লাচিত বৰফুকনত সুঁৱৰি সোণোৱালে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈক সমালোচনা কৰি কয় যে যদি অসমীয়া জাতীয় জীৱনৰ প্ৰতি তৰুণ গগৈৰ কণমানো শ্ৰদ্ধা আছিল, তেন্তে লাচিতৰ প্ৰতি নূন্যতমো গুৰুত্ব প্ৰদান নকৰিলে কিয়। ইয়াৰ উপৰি ৪২ গৰাকীকৈ স্বৰ্গদেউৰ মহান স্মৃতি সংৰক্ষণৰ কাৰণে কিয় ১৫টা বছৰে গুৰুত্ব নিদিলে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। বিজেপি চৰকাৰে মাত্ৰ তিনিটা বছৰতে ৪২ গৰাকীকৈ স্বৰ্গদেউৰ স্মৃতি সংৰক্ষণৰ বাবে গুৰুত্ব আৰোপ কৰি ইতিমধ্যে প্ৰাক-কলন প্ৰস্তুত কৰিছে বুলিও সোণোৱালে মন্তব্য কৰে।

উন্নয়নৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত মুখ্য মন্ত্ৰীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক ভোট প্ৰদান কৰিবলৈ ৰাইজক আহবান জনায়।

আনহাতে সভাত বক্তব্য প্ৰদান কৰি অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে পুনৰ মোদী চৰকাৰ গঠনৰ স্বাৰ্থতে অসম গণ পৰিষদে বিজেপিৰ সৈতে মিত্ৰতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী হোৱাতো অতীৱ জৰুৰী আৰু তেওঁ পুনৰ শাসনলৈ আহিলেহে ৰাজ্যখনৰ ভৱিষ্যৎ সুৰক্ষিত হ’ব।

তদুপৰি অতুল বৰাই কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মিত্ৰতাৰ প্ৰসংগ উত্থাপন কৰি দুয়োটা দলকে ক্ষুৰধাৰ সমালোচনা কৰে।

ইফালে কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই পৰোক্ষভাৱে গৌৰৱ গগৈক আক্ৰমণ কৰি কয় যে গান্ধী পৰিয়ালৰ ঢেমাধৰা হ’লে নহ’ব। ৰাইজৰ প্ৰতিনিধি প্ৰকৃতাৰ্থতে ৰাইজৰহে ঢেমাধৰা হ’ব লাগে আৰু ৰাজহুৱা স্বাৰ্থত কৰ্মপন্থা গ্ৰহণ কৰাতো প্ৰয়োজন। ভাৰতৰ ভৱিষ্যৎ ৰক্ষাৰ স্বাৰ্থত জয় আই অসম আৰু বন্দে মা তৰম ধ্বনিক সম-মৰ্যাদা দিয়া বুলিও তেওঁ মন্তব্য কৰে।

সভাত আদৰণী ভাষণ প্ৰদান কৰি খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই কয় যে এই ৰণ কংগ্ৰেছ-বিজেপিৰ নহয়। এই ৰণ হিন্দুস্তান আৰু পাকিস্তানৰ মাজত আৰম্ভ হৈছে। মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মহাস্ত্ৰ ধাৰণ কৰিছে। গতিকে যিসকলে কংগ্ৰেছক ভোটদান কৰিব, তেওঁলোকে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিব বিচাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

সভাত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, গোলাঘাট বিজেপিৰ সভাপতি দেৱজিৎ বৰা, অগপৰ কেন্দ্ৰীয় নেত্ৰী উপাসনা গগৈ, জিলা অগপৰ সভাপতি পৱন শইকীয়া, বিজেপি নেতা সত্যজিৎ বৰঠাকুৰৰ লগতে বহুতো লোক উপস্থিত থাকে।

ঋতুপল্লব শইকীয়া

ঋতুপল্লব শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd