আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি চুৰি কাৰ্য্য চলাই ৰাইজৰ নিদ্ৰা হৰণ কৰি অহা তিনিগৰাকী চোৰক দেওবাৰে আটক কৰাৰ পিছত আজি গোলাঘাট সদৰ আৰক্ষীয়ে গাঞ্জা বিৰোধী এক অভিযান চলাই ৯৫ কেজি গাঞ্জা জব্দ কৰে।
প্ৰাপ্ত তথ্য অনুসৰি ‘অ’ এন জি চি ডিউটি’ৰ ফলক লগাই এখন বলেৰ’ গাড়ীৰ জৰিয়তে এটা চক্ৰই দীর্ঘদিন ধৰি গোলাঘাটত গাঞ্জাৰ ৰমৰমিয়া ব্যৱসায় চলাই আহিছিল।
আজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাই এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই গোলাঘাট নগৰৰ জ্যোতিনগৰৰ এটা ভাড়াঘৰৰ পৰা উক্ত ব্যৱসায়ত ব্যৱহাৰ কৰি অহা এ এছ ০১- এ য়ু- ৮০৯৪ নম্বৰৰ বলেৰ’ গাড়ীখন উদ্ধাৰ কৰাৰ লগতে ৯৫ কেজি গাঞ্জাসহ চালক দেৱজিত গগৈক (২৮) গ্ৰেপ্তাৰ কৰে।
জব্দ কৰা বৃহৎ পৰিমাণৰ গাঞ্জাৰ পেকেটসমূহ চিটৰ তলত সজাই লোৱা বহুকেইটা চেম্বাৰত অতি কৌশলপূৰ্ণভাবে অনা হৈছিল। আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে জব্দ কৰা গাঞ্জাখিনি ত্ৰিপুৰাৰ পৰা অনা হৈছিল।
আনহাতে উক্ত ব্যৱসায়ৰ মূল অভিযুক্তক চিনাক্ত কৰা হৈছে বুলি জানিবলৈ দি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীৰ সূত্ৰটোৱে জানিবলৈ দিয়ে।