‘’অসম গণ পৰিষদ এটা ভ্ৰষ্ট ৰাজনৈতিক দল ৷ অসম গণ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছিল ৷ এতিয়া আকৌ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত থকা বিজেপিৰ সতে অগপই মিত্ৰতা কৰিছে। সোমবাৰে বৰপেটা প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে আব্দুল খালেকে এইদৰে কয়।
তেওঁ লগতে কয়, ‘’বিজেপিৰ সমৰ্থনত নিৰ্বাচনত অৱতীৰ্ণ হৈ কুমাৰ দীপক দাসে নীতিহীন ৰাজনীতিকৰ পৰিচয় দিছে ৷ বিধয়কখনে অসম চুক্তিক নসাৎ কৰিব ৷ অসম গণ পৰিষদে আগতে এই বিধেয়কৰ বিৰোধিতা কৰিছিল ৷ এতিয়া এই বিধেয়কৰ সপক্ষে থকা বিজেপিৰ সতে পুণৰ অগপই মিত্ৰতা কৰিছে ৷ অসম গণ পৰিষদ এতিয়া নীতিহীন ৰাজনীতিকৰ দল।‘’
আসন্ন লোকসভা নিৰ্বাচনত নাগৰিকত্ব সংশোধনী বিধেয়ক ফেক্টৰ হ’ব বুলি উল্লেখ কৰি খালেকে কয় যে কুমাৰ দীপক দাসে নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিব লাগিছিল ৷
আনহাতে, এইবাৰৰ নিৰ্বাচনত স্বয়ং বদৰুদ্দিন আজমল পৰাজিত হ’ব বুলি দাবী কৰি বৰপেটা লোক সভা সমষ্টিৰ প্ৰাৰ্থী আব্দুল খালেকে কয় যে আমি আজমল আৰু হিমন্ত বিশ্বৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধিতা কৰো।
তেওঁ কয়,’’আমি বিজেপিক অসমৰ পৰা উৎখাত কৰিবলৈ হ’লে প্ৰথমতে এআইয়ুডিএফক উৎখাত কৰিব লাগিব। এআইয়ুডিএফে আমাৰ সম্প্ৰীতিত আঘাত হনাৰ লগতে মুছলমান সকলক অনাহক শংকা আৰু সন্দেহৰ মাজত ৰাখিছে ।‘’
সংবাদমেলত খালেকে সাংসদলৈ নিৰ্বাচিত হ’লে সত্ৰ নগৰী বৰপেটাক ঐতিহ্য নগৰী হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰাৰ লগতে গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰো দাবী জনাব বুলি সদৰী কৰে। তদুপৰি, সংসদত ডি ভোটাৰৰ সমস্যাটো সম্পৰ্কতো সৰৱ হ’ব বুলি ব্যক্ত কৰে।
উক্ত সংবাদ মেলত চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদ, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগেৰী, বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী নাজিমা আহমেদ, বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা, বৰপেটা বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান উপস্থিত থাকে।