• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উপায়ুক্তৰ এজাহাৰ : ডিফুৰ কোষাগাৰ কাৰ্যালয় ছীল কৰিলে প্ৰশাসনে

নংনি টেৰাং by নংনি টেৰাং
April 2, 2019 10:24 am
sealing-of-Treasury-Office-Diphu-Karbi-Anglong-on-Monday-evening.-750x375

ডিফুৰ কোষাগাৰ বিষয়াৰ কাৰ্যালয়টো সোমবাৰে সন্ধিয়া প্ৰশাসনে ছীল কৰি দিয়ে। ফটো : নৰ্থইষ্ট নাও

677
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলঙৰ উপায়ুক্ত আৰু ডিফু তথা হাওৰাঘাট নিৰ্বাচনী জিলাৰ ৰিৰ্টাৰ্ণিং বিষয়া মুকুল কুমাৰ শইকীয়াৰ এজাহাৰৰ ভিত্তিত সোমবাৰে সংশ্লিষ্ট কৰ্তৃপক্ষই ডিফু কোষাগাৰ কাৰ্যালয়টো ছীল কৰে।

কাৰ্যালয়টোৰ এগৰাকী গাণনিকে ‘মুখ্য কাৰ্যবাহী’ৰ বিৰুদ্ধে বৈধ নথি অবিহনে বিল পাছ কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ অনাৰ পাছতে কোষাগাৰ কাৰ্যালয়টো ছীল কৰা হয়।

অতিৰিক্ত উপায়ুক্ত তথা দণ্ডাধীশ নৰছিং বে’ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক দিবজ্যোতি তালুকদাৰৰ উপস্থিতিত কাৰ্যালয়টো ছীল কৰা হয়।

বিত্তীয় বৰ্ষ অন্ত পৰাৰ সময়ছোৱাত ডিফু কোষাগাৰ কাৰ্যালয়টোত ঠিকাদাৰ আৰু কৰ্মচাৰীৰ এক বিৰাট ভিৰ পৰিলক্ষিত হৈছিল।

আনহাতে, ঠিকাদাৰ আৰু কৰ্মচাৰীসকলে কোষাগাৰ বিষয়া অমৰেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে উপঢৌকন বিচৰাৰ অভিযোগ উত্থাপন কৰে। কোষাগাৰ বিষয়াজনে বিলসমূহ মুকলি কৰি দিয়াৰ বাবদ বিলৰ ধনৰ ১ শতাংশ দাবী কৰা বুলি অভিযোগ উঠিছে।

আমাৰ সাংবাদিকে দেওবাৰে সন্ধিয়া কোষাগাৰ কাৰ্যালয়টো পৰিদৰ্শন কৰাৰ সময়ত তাত চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰী ঠিকাদাৰসকলে কোষাগাৰ বিষয়াৰ স্বাক্ষৰ ল’বৰ বাবে কাৰ্যালয়টোত উবুৰি খাই পৰা দেখা পাইছিল।

কোষাগাৰ কাৰ্যালয়টোত বোন্দাপৰ দি ৰখি থকা বহুসংখ্যক ঠিকাদাৰে জানিব দিয়ে যে তেওঁলোকে বিগত তিনি চাৰিদিন ধৰি কাৰ্যালয়টোলৈ তাঁতবাটি কাঢ়ি আছে, কিন্তু এতিয়াও কাম হৈ উঠা নাই। সেইদৰে বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীয়েও তেওঁলোকৰ দৰমহা আৰু অন্যান্য বিলৰ চেক ল’বৰ বাবে ৰাতিপুৱাৰে পৰা ৰৈ আছিল।

কোষাগাৰ বিষয়াৰ লগতে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলে চেকবোৰ মুকলি কৰি দিয়াৰ বাবে বিগত দুই তিনিদিন ধৰি মাজনিশালৈ কাম কৰি আহিছে।

কেইবাগৰাকীও ঠিকাদাৰ আৰু চৰকাৰী কৰ্মচাৰীয়ে অবিযোগ কৰে যে কোষাগাৰ বিষয়াগৰাকীয়ে বিলৰ প্ৰক্ৰিয়াটোৰ বাবে উপঢৌকন লৈ আছে।

সংবাদ মাধ্যমৰ লোকে কোষাগাৰ বিষয়া শৰ্মাক এই অভিযোগৰ বিষয়ে সোধাত তেওঁ ইয়াক অস্বীকাৰ কৰে।

‘’মই ৰাতিপুৱাৰ পৰা নিশাৰ ভাগলৈকে পৰি থকা চেকবোৰ মুকলি কৰি দিবলৈ কাম কৰি আছো। মোৰ বিৰুদ্ধে অনা উপঢৌকন লোৱাৰ অভিযোগ মিছা,’’-শৰ্মাই কয়।

ইয়াৰ পূৰ্বে দুপৰীয়া অতিৰিক্ত উপায়ুক্ত নৰছিং বে’ৰ কক্ষত অতিৰিক্ত উপায়ুক্তগৰাকীৰ সন্মতি সাপেক্ষে গাণনিক হেমাঞ্জলি সন্দিকৈৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হয়।

তেওঁ কয়, ‘’ বহু সংখ্যক চেক মুকলি কৰিবলৈ বাকী আছে। ছাৰ আহি মোক কিছুমান বিল মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে যিবোৰৰ ভেট আছে কিন্তু জিএছটি নাই। ছাৰে কয় ‘’চি ই এম’’এ সেইবোৰ মুকলি কৰি দিয়াটো বিচাৰিছে। কোনোৱে মোক ফোন কৰা নাই কিন্তু ছাৰে কয় যে চি ই এমে ফোন কৰিছিল। এনেকুৱা অৱস্থাত মই অসহায় যদিও মানি চলিবলৈ বাধ্য।‘’

তেওঁ অৱশ্যে কাৰো নাম প্ৰকাশ কৰা নাছিল। তেওঁ লগতে সঠিক নথি অবিহনে মুকলি কৰি দিয়া কোনো বিশেষ বিলৰ কথা উল্লেখ কৰা নাছিল।

দেওবাৰে নিশা ১০ মান বজাত কোষাগাৰ বিষয়াগৰাকীয়ে চেকত চহী কৰাটো বন্ধ কৰি দিছিল আৰু কৈছিল যে পুঁজি খালী হৈ গৈছে। ইয়াৰ পাছতে উপায়ুক্ত মুকুল কুমাৰ শইকীয়াক অভিযোগ দিয়া হয়।

উপায়ুক্তগৰাকীয়ে কোষাগাৰ বিষয়া অমৰেন্দ্ৰ শৰ্মাকে ধৰি আন সাতগৰাকী কৰ্মচাৰী গাণনিক হেমাঞ্জলি সন্দিকৈ, উজ্জ্বল কুমাৰ তাঁতী, মংগল ৰাম দেও, অভিষেক দাস, ৰমিলা ৰংচেহনপি, উৎপল গোস্বামী আৰু বিমল বসুমতাৰীৰ বিৰুদ্ধে ডিফু আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উপায়ুক্ত গৰাকীয়ে আৰক্ষী কৰ্তৃপক্ষক দোষী বিষয়াক চিআৰপিচি, আই পি চি আৰু ১৯৮৮ চনৰ দুৰ্নীতি প্ৰতিৰোধ আইনৰ উপযুক্ত ধাৰা অধীনত গ্ৰেপ্তাৰ কৰাত গুৰুত্ব প্ৰদান কৰে।

এজাহাৰখনত লগতে উল্লেখ কৰা হৈছে যে কোষাগাৰ বিষয়াগৰাকীৰ বিৰুদ্ধে সঘনে অভিযোগ পাই থকা হৈছে।

কাৰ্যালয়টো ছীল কৰাৰ পাছত অতিৰিক্ত উপায়ুক্ত বে’ই সংবাদ মাধ্যমৰ আগত কয় যে আৰক্ষীয়ে কোষাগাৰ বিষয়াগৰাকীৰ কক্ষৰ পৰা ৪০০০ টকাৰ ৫০০ টকীয়া নোটৰ লগতে কিছু সামগ্ৰী উদ্ধাৰ কৰে।

Recent News

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd