• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপায়ুক্তৰ এজাহাৰ : ডিফুৰ কোষাগাৰ কাৰ্যালয় ছীল কৰিলে প্ৰশাসনে

নংনি টেৰাং by নংনি টেৰাং
April 2, 2019 10:24 am
sealing-of-Treasury-Office-Diphu-Karbi-Anglong-on-Monday-evening.-750x375

ডিফুৰ কোষাগাৰ বিষয়াৰ কাৰ্যালয়টো সোমবাৰে সন্ধিয়া প্ৰশাসনে ছীল কৰি দিয়ে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলঙৰ উপায়ুক্ত আৰু ডিফু তথা হাওৰাঘাট নিৰ্বাচনী জিলাৰ ৰিৰ্টাৰ্ণিং বিষয়া মুকুল কুমাৰ শইকীয়াৰ এজাহাৰৰ ভিত্তিত সোমবাৰে সংশ্লিষ্ট কৰ্তৃপক্ষই ডিফু কোষাগাৰ কাৰ্যালয়টো ছীল কৰে।

কাৰ্যালয়টোৰ এগৰাকী গাণনিকে ‘মুখ্য কাৰ্যবাহী’ৰ বিৰুদ্ধে বৈধ নথি অবিহনে বিল পাছ কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ অনাৰ পাছতে কোষাগাৰ কাৰ্যালয়টো ছীল কৰা হয়।

Apply Now

অতিৰিক্ত উপায়ুক্ত তথা দণ্ডাধীশ নৰছিং বে’ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক দিবজ্যোতি তালুকদাৰৰ উপস্থিতিত কাৰ্যালয়টো ছীল কৰা হয়।

বিত্তীয় বৰ্ষ অন্ত পৰাৰ সময়ছোৱাত ডিফু কোষাগাৰ কাৰ্যালয়টোত ঠিকাদাৰ আৰু কৰ্মচাৰীৰ এক বিৰাট ভিৰ পৰিলক্ষিত হৈছিল।

আনহাতে, ঠিকাদাৰ আৰু কৰ্মচাৰীসকলে কোষাগাৰ বিষয়া অমৰেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে উপঢৌকন বিচৰাৰ অভিযোগ উত্থাপন কৰে। কোষাগাৰ বিষয়াজনে বিলসমূহ মুকলি কৰি দিয়াৰ বাবদ বিলৰ ধনৰ ১ শতাংশ দাবী কৰা বুলি অভিযোগ উঠিছে।

আমাৰ সাংবাদিকে দেওবাৰে সন্ধিয়া কোষাগাৰ কাৰ্যালয়টো পৰিদৰ্শন কৰাৰ সময়ত তাত চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰী ঠিকাদাৰসকলে কোষাগাৰ বিষয়াৰ স্বাক্ষৰ ল’বৰ বাবে কাৰ্যালয়টোত উবুৰি খাই পৰা দেখা পাইছিল।

কোষাগাৰ কাৰ্যালয়টোত বোন্দাপৰ দি ৰখি থকা বহুসংখ্যক ঠিকাদাৰে জানিব দিয়ে যে তেওঁলোকে বিগত তিনি চাৰিদিন ধৰি কাৰ্যালয়টোলৈ তাঁতবাটি কাঢ়ি আছে, কিন্তু এতিয়াও কাম হৈ উঠা নাই। সেইদৰে বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীয়েও তেওঁলোকৰ দৰমহা আৰু অন্যান্য বিলৰ চেক ল’বৰ বাবে ৰাতিপুৱাৰে পৰা ৰৈ আছিল।

কোষাগাৰ বিষয়াৰ লগতে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলে চেকবোৰ মুকলি কৰি দিয়াৰ বাবে বিগত দুই তিনিদিন ধৰি মাজনিশালৈ কাম কৰি আহিছে।

কেইবাগৰাকীও ঠিকাদাৰ আৰু চৰকাৰী কৰ্মচাৰীয়ে অবিযোগ কৰে যে কোষাগাৰ বিষয়াগৰাকীয়ে বিলৰ প্ৰক্ৰিয়াটোৰ বাবে উপঢৌকন লৈ আছে।

সংবাদ মাধ্যমৰ লোকে কোষাগাৰ বিষয়া শৰ্মাক এই অভিযোগৰ বিষয়ে সোধাত তেওঁ ইয়াক অস্বীকাৰ কৰে।

‘’মই ৰাতিপুৱাৰ পৰা নিশাৰ ভাগলৈকে পৰি থকা চেকবোৰ মুকলি কৰি দিবলৈ কাম কৰি আছো। মোৰ বিৰুদ্ধে অনা উপঢৌকন লোৱাৰ অভিযোগ মিছা,’’-শৰ্মাই কয়।

ইয়াৰ পূৰ্বে দুপৰীয়া অতিৰিক্ত উপায়ুক্ত নৰছিং বে’ৰ কক্ষত অতিৰিক্ত উপায়ুক্তগৰাকীৰ সন্মতি সাপেক্ষে গাণনিক হেমাঞ্জলি সন্দিকৈৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হয়।

তেওঁ কয়, ‘’ বহু সংখ্যক চেক মুকলি কৰিবলৈ বাকী আছে। ছাৰ আহি মোক কিছুমান বিল মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে যিবোৰৰ ভেট আছে কিন্তু জিএছটি নাই। ছাৰে কয় ‘’চি ই এম’’এ সেইবোৰ মুকলি কৰি দিয়াটো বিচাৰিছে। কোনোৱে মোক ফোন কৰা নাই কিন্তু ছাৰে কয় যে চি ই এমে ফোন কৰিছিল। এনেকুৱা অৱস্থাত মই অসহায় যদিও মানি চলিবলৈ বাধ্য।‘’

তেওঁ অৱশ্যে কাৰো নাম প্ৰকাশ কৰা নাছিল। তেওঁ লগতে সঠিক নথি অবিহনে মুকলি কৰি দিয়া কোনো বিশেষ বিলৰ কথা উল্লেখ কৰা নাছিল।

দেওবাৰে নিশা ১০ মান বজাত কোষাগাৰ বিষয়াগৰাকীয়ে চেকত চহী কৰাটো বন্ধ কৰি দিছিল আৰু কৈছিল যে পুঁজি খালী হৈ গৈছে। ইয়াৰ পাছতে উপায়ুক্ত মুকুল কুমাৰ শইকীয়াক অভিযোগ দিয়া হয়।

উপায়ুক্তগৰাকীয়ে কোষাগাৰ বিষয়া অমৰেন্দ্ৰ শৰ্মাকে ধৰি আন সাতগৰাকী কৰ্মচাৰী গাণনিক হেমাঞ্জলি সন্দিকৈ, উজ্জ্বল কুমাৰ তাঁতী, মংগল ৰাম দেও, অভিষেক দাস, ৰমিলা ৰংচেহনপি, উৎপল গোস্বামী আৰু বিমল বসুমতাৰীৰ বিৰুদ্ধে ডিফু আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উপায়ুক্ত গৰাকীয়ে আৰক্ষী কৰ্তৃপক্ষক দোষী বিষয়াক চিআৰপিচি, আই পি চি আৰু ১৯৮৮ চনৰ দুৰ্নীতি প্ৰতিৰোধ আইনৰ উপযুক্ত ধাৰা অধীনত গ্ৰেপ্তাৰ কৰাত গুৰুত্ব প্ৰদান কৰে।

এজাহাৰখনত লগতে উল্লেখ কৰা হৈছে যে কোষাগাৰ বিষয়াগৰাকীৰ বিৰুদ্ধে সঘনে অভিযোগ পাই থকা হৈছে।

কাৰ্যালয়টো ছীল কৰাৰ পাছত অতিৰিক্ত উপায়ুক্ত বে’ই সংবাদ মাধ্যমৰ আগত কয় যে আৰক্ষীয়ে কোষাগাৰ বিষয়াগৰাকীৰ কক্ষৰ পৰা ৪০০০ টকাৰ ৫০০ টকীয়া নোটৰ লগতে কিছু সামগ্ৰী উদ্ধাৰ কৰে।

নংনি টেৰাং

নংনি টেৰাং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd