বদৰুদ্দিন আজমলৰ লগত কংগ্ৰেছে মিত্ৰতা কৰি নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াইছে। এইদৰে অভিযোগ কৰে হোজাইত শনিবাৰে এক নিৰ্বাচনী ভাষণত উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথে।
নগাঁও লোক সভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ হোজাইৰ বিহুতলী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত প্ৰায় বিশ হাজাৰ লোকৰ উপস্থিতিত যোগী আদিত্য নাথে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে।
কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক সমালোচনা কৰি যোগীয়ে কয় যে ৰাহুল গান্ধীৰ মনোনয়নৰ বাবে যোৱাৰ সময়ত ভাৰতৰ পতাকাৰ পৰিৱৰ্তে মুছলিম লীগৰ পতাকাহে দেখা পোৱা গৈছিল।
আনহাতে, আজমলৰ সমৰ্থন পোৱাৰ পাছতো কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰত্যাশী নাপাই তৰুণ গগৈৰ মন্ত্ৰীসভাৰ এগৰাকী ব্যৰ্থ আৰু মন্ত্ৰীৰ দায়িত্ব পালন কৰিব নোৱৰা লোকক প্ৰাৰ্থী বনোৱা বুলি কটাক্ষ কৰে।
তেওঁ লগতে কয় যে বৰ্তমান সময়ত দেশত মোদীৰ বিকল্প কোনো নাই সেয়ে সকলোৰে মুখত এতিয়া মোদীৰ নাম কিয়নো কংগ্ৰেছে কৰিব নোৱৰা কাম মোদীয়ে সম্ভৱ কৰি দেখুৱাইছে। কংগ্ৰেছৰ দিনত ভাৰত অৰ্থনৈতিক দিশত ১১ নম্বৰত আছিল আৰু বৰ্তমান দেশ ৬ নম্বৰত আছে।
এই চৰকাৰে কেৱল বিকাশৰ চিন্তা কৰে বুলি উল্লেখ কৰি যোগীয়ে তৰুণ গগৈয়ে নিজৰ ল’ৰাৰ বাহিৰে অন্যৰ চিন্তা কৰিব নোৱাৰে বুলি কটাক্ষ কৰি কয় যে কংগ্ৰেছে কেৱল পৰিয়ালৰ চিন্তা কৰে, কিন্তু বিজেপিত এজন তৃণমূল কৰ্মীও প্ৰধানমন্ত্ৰী হ’ব পাৰে।
কংগ্ৰেছৰ দিনত গঁড়হত্যাৰ বাবে কংগ্ৰেছক সমালোচনা কৰি অসমৰ গঁড় সংৰক্ষণ আৰু নিৰাপত্তাৰ ব্যৱস্থা বিজেপিৰ দিনত হোৱা বুলিও দাবী কৰে যোগীয়ে।
তাৎপৰ্যপূৰ্ভাৱে নগাঁও লোক সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা যোগী আদিত্য নাথৰ সভাত অসমৰ প্ৰভাৰী মহেন্দ্ৰ সিং,মন্ত্ৰী পীয়ূষ হাজৰিকা, বিধায়ক শিলাদিত্য দেব, শিবু মিশ্ৰ, সভাপতি অৰ্জুন মজুমদাৰ আদি উপস্থিতি থকাৰ বিপৰীতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাজেন গোহাঁইক দেখা পোৱা নগ’ল।