• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপই ভোট বিচাৰি যোগাযোগ কৰা বুলি এ আই য়ু ডি এফৰ বিধায়কে কৰা মন্তব্যত প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2019 7:15 pm
AminulIslam

এ আই য়ু ডি এফৰ বিধায়ক আমিনুল ইচলাম। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সোণোৱালকে ধৰি বিজেপি আৰু অগপৰ নেতাসকলে কংগ্ৰেছে এ আই য়ু ডি এফৰ সৈতে গোপন মিতিৰালি কৰা বুলি অভিযোগ কৰি অহাৰ সময়তে দলটোৰ বিধায়ক আমিনুল ইছলামৰ এটা সংবাদ প্ৰতিষ্ঠানত দিয়া বক্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহলত।

এ আই য়ু ডি এফৰ বিধায়কজনে ই টি ভি ভাৰত নামৰ বাতৰি প্ৰতিষ্ঠানটোৰ আগত কয় যে কলিয়াবৰ সমষ্টিত তেওঁলোকৰ দলটোৰ পৰা সমৰ্থন বিচাৰি তেওঁক অগপৰ শীৰ্ষ নেতাই সঘনাই যোগাযোগ কৰি আছে।

Apply Now

তেওঁ কেশৱ মহন্তই মণিমাধৱ মহন্তৰ বাবে সমৰ্থন বিচাৰি তেওঁক ফোন কৰা বুলি সাক্ষাৎকাৰটোত স্পষ্টকৈ কয়। অতুল বৰা আৰু ফণীভূষণ চৌধুৰীয়েও সমৰ্থনৰ বাবে ফোন কৰিছে বুলি দাবী কৰে বিধায়কজনে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনেও “কংগ্ৰেছ-এ আই য়ু ডি এফৰ মিত্ৰতা অসমৰ বাবে শুভলক্ষণ নহয়” বুলি কৈছিল।

সাক্ষাৎকাৰটোত এ আই য়ু ডি এফৰ বিধায়কজনে কয় যে আজিলৈকে ১৫ দিন পাৰ হোৱাৰ পিছতো কংগ্ৰেছে মুখেৰে এবাৰো কোৱা নাই তেওঁক। অথচ আনসকলে ফোন কৰি সহায় বিচাৰি আছে।

“মন্ত্ৰী কেশৱ মহন্তই ফোন কৰি অনুৰোধ জনাইছে, মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ফোন কৰিছে, সভাপতি অতুল বৰাই ফোন কৰিছে। এন পি পিৰ প্ৰাৰ্থী আব্দুল আজিজে ফোন কৰিছে যাতে এ আই য়ু ডি এফৰ ভোটখিনি তেওঁলোকক দিব লাগে। নিৰ্দলীয় জিতেন গগৈয়ে ফোন কৰিছে মোক সহায় বিচাৰি। অন্যান্য দলে ফোন কৰি মোক সহায় বিচাৰি আছে। কংগ্ৰেছ দলত আমাৰ সহায়ৰ প্ৰয়োজন নাই নেকি?” তেওঁ সংবাদ প্ৰতিষ্ঠানটোৰ সাংবাদিকৰ কেমেৰাৰ আগত কয়।

“আপোনালোকৰ প্ৰাৰ্থী বা এ পি চি চিৰ কোনেও মোক কোৱা নাই যে আপোনালোকৰ প্ৰাৰ্থী নাই বাবে ভোটকেইটা কলিয়াবৰত গৌৰৱ গগৈ ডাঙৰীয়াক দিয়ক, তেখেতক জয়যুক্ত কৰক। তাৰ সলনি আমাক গালি এনেকৈ পাৰি আছে যেন আমাক পৰাস্ত কৰিবলৈহে আপোনালোকে কলিয়াবৰত উঠিছে। গতিকে আমাৰ কৰ্মীসকল অগপৰ লগত, কোনোবাই এ পি পিৰ আব্দুল আজিজৰ লগত, কোনোবাই আকৌ কংগ্ৰেছৰ লগতো আছে। আমি কাকো নিৰ্দেশ দিয়া নাই।” ধিং সমষ্টিৰ বিধায়কজনে কয়।

তেওঁ কংগ্ৰেছৰ অহংকাৰত ক্ষোভ প্ৰকাশ কৰি কয়, “কিন্তু আমাৰ কৰ্মীসকলৰ ভোটবিলাক পাবলৈ আপোনালোকে যি নীতি লৈছে সেইটো ঠিক হৈছে নেকি চাওক। আমাৰ বিৰুদ্ধে, আমাৰ দলক গালি-শপনি পাৰি, আমাৰ নেতা বদৰুদ্দিনক আজমল চাহাবৰ বিৰুদ্ধে বদনাম গাই, গালিশপনি পাৰি, আমাৰ কলিয়াবৰ সমষ্টিৰ ভোটবিলাক পাব নেকি? নে আপোনালোকে সন্মান সহকাৰে, ইজ্জত সহকাৰে আমাৰ কৰ্মীসকলক আব্দাৰ কৰিব লাগিছিল। যদি গৌৰৱ গগৈ হাৰে, তেনেহ’লে কংগ্ৰেছ দলৰ নেতা-পালিনেতাবিলাকৰ কাৰণেই হাৰিব।”

তেওঁ লগতে কয় যে তেওঁলোকেও কংগ্ৰেছ জয়ী হোৱাটো কামনা কৰে। কংগ্ৰেছৰ কেন্দ্ৰীয় নেতাসকলে প্ৰতিশ্ৰুতি দি বেইমানি কৰা বুলিও অভিযোগ কৰে বিধায়কজনে।

উল্লেখ কৰিব পাৰি যে যোৱা সপ্তাহত মৈৰাবাৰীৰ পাতেকীবড়ি সত্ৰৰ আছুতীয়া কোঠাত অগপৰ নেতা কেশৱ মহন্ত আৰু এ আই য়ু ডি এফৰ কেইজনমান নেতাৰ গোপন বৈঠক হোৱাৰ অভিযোগ উঠিছিল। বৈঠকৰ গম পাই সাংবাদিক যোৱাত মুখত ৰুমাল লগাই আন্ধাৰৰ সুযোগ লৈ নেতাকেইজন খৰখেদাকৈ আঁতৰি গৈছিল।

ইয়াৰ উপৰি ৭ এপ্ৰিলত বৰপেটা সমষ্টিত দলৰ প্ৰচাৰ চলাওঁতে অগপৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কৈছিল যে কলিয়াবৰত দলটোৱে এ আই য়ু ডি এফৰ ভোট বিচৰাত একো অস্বাভাৱিকতা নাই, যিহেতু এ আই য়ু ডি এফে তাত প্ৰাৰ্থী দিয়া নাই।

ইপিনে এ আই য়ু ডি এফৰ বিধায়কজনৰ এই সাক্ষাৎকাৰৰ পিছতে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সংবাদ মাধ্যমৰ আগত এ আই য়ু ডি এফক সদায়ে দেশৰ বাবে ভাবুকি, বাংলাদেশীৰ দল আখ্যা দি অহা বিজেপি-অগপৰ নেতাসকলৰ এই কাণ্ডই তেওঁলোকৰ দুমুখীয়া স্বৰূপ উদঙাই দিয়া বুলি ছ’চিয়েল মিডিয়াতো সমালোচনা দেখা গৈছে।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd