• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাইলৈ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে জজ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মুকলি বিহু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 13, 2019 10:52 am
AASU Bihu

জজ খেলপথাৰত আছুৰ উদ্যোগত আয়োজিত মুকলি বিহুৰ দৃশ্য

976
VIEWS
Share on FacebookShare on Twitter

কাইলৈ অসমীয়া জাতিৰ আয়ুখ ৰেখা, জনজীৱনৰ সুঘ্ৰাণ হেপাহৰ ৰঙালী বিহু। গছৰ নতুন পাত আৰু কুলি কেতেকীৰ মাতেৰে আদৰা ৰঙালী বিহুটিয়ে বছৰটোলৈ অসমীয়া জাতিটোক সমৃদ্ধ কৰি ৰাখে।

প্ৰতিবছৰৰ দৰে এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ১৪ এপ্ৰিল গৰু বিহুৰ দিনা গুৱাহাটীৰ জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে। বিশিষ্ট শিল্পী কুল বৰুৱাই বিহুৰ পতাকা উত্তোলনেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব।

অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে আছুৰ পতাকা আৰু সম্পাদক লুৰিণ জ্যোতি গগৈয়ে শ্বহীদ সকলক সন্মান জনাই শ্বহীদ তৰ্পন কৰিব।

অনুষ্ঠানত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বিহু নৃত্য, দৰঙৰ ওজাপালি আৰু ভালেকেইটা বিহু হুচৰিৰ দলে অংশ গ্ৰহণ কৰিব। সদ্য প্ৰয়াত বিশিষ্ট কণ্ঠশিল্পী দিপালী বৰঠাকুৰৰ সোঁৱৰণত সংগীত অনুষ্ঠানো আয়োজন কৰিছে উদ্যোক্তা সমিতিয়ে।

মুকলি বিহুৰ লগত সংগতি ৰাখি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ভালেসংখ্যক ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰিব। আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই আছুৰ হৈ ব্যক্তিসকললৈ সম্বৰ্দ্ধনা আগবঢ়াব।

সম্বৰ্দ্ধনা জনাবলগীয়া বিশিষ্ট ব্যক্তিসকল হ’ল ক্ৰমে- ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা প্ৰাপক ভূপেন হাজৰিকাৰ পৰিয়ালবৰ্গ, পদ্মশ্ৰী বঁটা বিজয়ী ডাঃ ইলিয়াছ আলী আৰু উদ্ভাৱক উদ্ধৱ কুমাৰ ভৰালী,  সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক জগন্নাথ বায়ন, নুৰুদ্দিন আহমেদ, ৰামকৃষ্ণ তালুকদাৰ, সাহিত্য অকাডেমি বঁটাপ্ৰাপক সনন্ত তাঁতি, লোকনাথ উপাধ্যায় চাপাগেই, ঋতুৰাজ বসুমতাৰী, নবীন ব্ৰহ্ম, পাৰ্থপ্ৰতিম হাজৰিকা, যুগল লোচন দাস, সীতাৰাম বসুমতাৰী, সাহিত্য অকাডেমি যুৱ বঁটাপ্ৰাপ্ত পূৰ্ণ ব্ৰহ্ম, বিপাশা বৰা, অৰ্জুন পুৰস্কাৰ বিজয়ী দৌৰ ৰাণী হিমা দাস।

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd