• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া চলচ্চিত্ৰক ‘আচামী’ সজালে চিবিএফচিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2018 4:12 pm
চিবিএফচিয়ে অসমীয়া চলচ্চিত্ৰক প্ৰদান কৰা বিতৰ্কিত প্ৰমান পত্ৰ

চিবিএফচিয়ে অসমীয়া চলচ্চিত্ৰক প্ৰদান কৰা বিতৰ্কিত প্ৰমান পত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুনিবলৈ আচহুৱা লাগিলেও কথাটো সত্য। চেন্ট্ৰেল ব’ৰ্ড অফ ফিল্ম চাৰ্টিফিকেশ্যন (চিবিএফচি)ৰ দৃষ্টিত অসমীয়া চলচ্চিত্ৰ ‘অভিযুক্ত’ হৈছে !

হয়, আপুনি ঠিকেই শুনিছে। কিন্তু প্ৰশ্নটো হ’ল সেয়া কেনেকৈ আৰু কিয় হ’বলৈ পালে?

Apply Now

চিত্ৰগৃহত দৰ্শকৰ প্ৰদৰ্শনৰ বাবে মুক্তি দিয়াৰ আগতে এথন চলচ্চিত্ৰই চিবিএফচিৰ পৰা প্ৰমাণ পত্ৰ লোৱাটো বাধ্যতামূলক।

চেন্ট্ৰেল ব’ৰ্ড অফ ফিল্ম চাৰ্টিফিকেশ্যন হৈছে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ অধীনৰ চেন্সৰশ্বিপ তথা বৰ্গীকৰণৰ এটি স্বতন্ত্ৰ সংস্থা। দেশৰ চলচ্চিত্ৰ নিৰ্মাণ কৰা সকলো ৰাজ্যতে চিবিএফচিৰ একোখন ৰাজ্যিক ব’ৰ্ড আছে। এই উদ্দেশ্যেৰ অসমতো এখন ৰাজ্যিক ব’ৰ্ড আছে।

দেশৰ চৰকাৰী আইন অনুসৰি প্ৰস্তুত কৰা এটা মানসম্পন্ন পদ্ধতিৰ এই গোটেই প্ৰক্ৰিয়াটোত কোনো ভুল নাই।

কিন্তু এইখিনিতে গোটেই বেমেজালিটো আৰম্ভ হৈছে। প্ৰমান পত্ৰত ভাষাটো আচামীজ (অসমীয়া)ৰ পৰিৱৰ্তে কোৱা হৈছে ‘আচামী’ বুলি। আচামীজ হৈছে ভাৰতীয় সংবিধানত উল্লেখ থকা অসম ৰাজ্যৰ বাবে আনুষ্ঠানিকভাৱে স্বীকৃত ভাষা।

চেন্সৰ ব’ৰ্ড ইয়াৰ বিষয়ে অজ্ঞ নে উত্তৰ পূৰ্বাঞ্চলৰ নেতৃস্থানীয় হিচাপে পৰিচিত অসমীয়া জনসাধাৰণৰ আৱেগক আঘাত কৰাৰ এক ইচ্ছাকৃত প্ৰয়াস।

কিয়নো ‘আচামী’ মানে অসমীয়া বা বাংলাত ‘অভিযুক্ত’। কাৰণ যিয়েই নহওক লাগিলে এইটোৱে ফিল্ম চাৰ্টিফিকেশ্যন বৰ্ডৰ কাণ্ডজ্ঞানহীনতাকে সূচাইছে। এখন চলচ্চিত্ৰক প্ৰমান পত্ৰ দিয়া সংস্থাটোৰ বিশেষ অঞ্চলটোৰ ৰীতি-নীতি, ইতিহাস, সংস্কৃতি, পৰম্পৰা আৰু ভাষাৰ সম্যক জ্ঞান থকাটো বাঞ্চনীয়।

বিশিষ্ট চলচ্চিত্ৰ সমালোচক তথা চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপুজাৰীয়ে এই কথাটো উত্থাপন কৰিছে আৰু বিষয়টোৱে সামাজিক গণমাধ্যমত এক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উৎপল বৰপুজাৰী এগৰাকী ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচ্চিত্ৰ সমালোচক যাৰ প্ৰথমখন চলচ্চিত্ৰ ‘ইশু’ৱে শেহতীয়াভাৱে দেশে-বিদেশে সমাদৰ লাব কৰিছে। ইয়াৰ আগতে বিগত কেইবছৰত তেওঁ কেইবাখনো চিন্তা উদ্ৰেক কাৰী তথ্য চিত্ৰ নিৰ্মাণ কৰিছে।

চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে অলপতে চিবিএফচিৰ অধ্যক্ষ হিচাপে নিযুক্ত প্ৰসূন যোশীৰ পৰা প্ৰত্যক্ষভাৱে উত্তৰ বিচাৰিছে আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তথা মন্ত্ৰী স্মৃতি ইৰাণীকো বিষয়টো সম্পৰ্কত অৱগত কৰিছে।

বৰপুজাৰীৰ এনে তৎপৰতাৰ পিছতে বিষয়টো সম্পৰ্কত বহু ব্যক্তিয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এইসকলৰ ভিতৰত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নিলয় দত্ত। এনে অলেখ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে।

সিদ্ধান্ত গ্ৰহণৰ ভাৰ আমি পাঠকসকলৰ হাততে এৰিলো।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd