• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত মহীয়সী নাৰী বীৰাংগনা সতী সাধনী দিৱস উদযাপন

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
April 22, 2019 6:44 am
1(5)

শিৱসাগৰত বীৰাংগণা সতী সাধনী দিৱসৰ মুকলি সভাৰ দৃশ্য। ফটো : নৰ্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া জাতিৰ মহীয়সী নাৰী বীৰাংগনা সতী সাধনীৰ পবিত্ৰ স্মৃতিত দেওবাৰে শিৱসাগৰ চহৰৰ ব’ডিং খেলপথাৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত, সদৌ চুতীয়া জাতি সন্মিলন, অসম চুতীয়া জাতি মহিলা সন্মিলন,অসম, চুতীয়া যুৱ সন্মিলন,অসম, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত বীৰাংগনা সতী সাধনী স্মৃতি দিৱস উদযাপন কৰা হয়৷

বীৰাংগনা সতী সাধনী স্মৃতি দিৱস উদযাপনৰ এই কাৰ্যসূচীত উপস্থিত থাকি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলেই বীৰাংগনা গৰাকীক শ্ৰদ্ধা জ্ঞাপন  কৰাৰ লগতে তেওঁ‌ৰ সাহস আৰু বীৰত্বৰ দ্বাৰা নৱ-প্ৰজন্মই  উদ্বুদ্ধ হৈ দেশ প্ৰেমৰ আদৰ্শৰে কাম কৰি যাবলৈ আহ্বান জনায়।

Apply Now

বীৰ-বীৰাংগনাৰ স্মৃতি চিৰযুগমীয়া কৰা হকে ৰাজ্য চৰকাৰ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়েও মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত অৱগত কৰে। সতী সাধনীৰ বীৰত্ব আৰু কীৰ্তিৰ বিষয়ে আৰু অধিক অধ্যয়নৰ প্ৰয়োজনীয়তা আছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

জাতিৰ স্বাভিমানৰ প্ৰতীক এই বীৰ-বীৰাংগনাসকলৰ স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত জাতীয় সংগঠন সমূহেও বিভিন্ন কাম কৰি আহিছে বুলিও তেওঁ‌ মন্তব্য কৰে।

এই অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, থাওৰা আৰু মাহমৰা বিধানসভা সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে কুশল দুৱৰী আৰু যোগেন মহনকে আদি কৰি বিভিন্ন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালিকা বৰ্ণালী শৰ্মাই আৰু শলাগৰ শৰাই আগবঢ়াই শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ সুব্ৰমণি আয়াৰ লক্ষ্মণনে।

তদুপৰি, উদযাপন সমিতিৰ সভাপতি পৰাগ শইকীয়া, সদৌ চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক হৰেন চুতীয়া আৰু নিৰ্দিষ্ট বক্তা হিচাপে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী প্ৰবক্তা ৰঞ্জিত তামুলীয়ে ভাষণ প্ৰদান কৰে।

দেওবাৰে বীৰাংগনা সতী সাধনী দিৱস উদযাপন উপলক্ষে স্থানীয় ব’ডিং খেলপথাৰৰ পৰা বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও পৰিবেশন কৰা হয়।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd