• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপ আৰক্ষী অধীক্ষক সবিতা দাসৰ নিলম্বন প্ৰত্যাহাৰ আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2019 6:09 pm
WhatsApp-Image-2018-09-04-at-9.11.34-PM

উপ আৰক্ষী অধীক্ষক সবিতা দাস। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক সবিতা দাসৰ নিলম্বন প্ৰত্যাহাৰ কৰাৰ লগতে তেওঁৰ পদবীত মৰ্যাদাসহকাৰে মকৰল কৰাৰ নিৰ্দেশ দিয়ে। বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপিত উৎকোচ গ্ৰহণৰ অভিযোগ সম্পৰ্কত অসম চৰকাৰে নিৰ্দিষ্ট তিনিমাহ সময়ৰ ভিতৰত অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবেই আদালতে এই নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে আৰক্ষী বিষয়াগৰাকীক যোৱা ২০১৮ চনৰ ১৭ ছেপ্টেম্বৰত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান(প্ৰশাসন)ৰ দ্বাৰা বিভাগীয় তদন্তৰ পাছত নিসম্বন কৰা হৈছিল। উক্ত তদন্তৰ প্ৰতিবেদন সেই বৰ্ষৰে ৭ ছেপ্টেম্বৰত দাখিল কৰা হৈছিল।

Apply Now

জানিব পৰা মতে, নিলম্বিত আৰক্ষী বিষয়া দাসে যোৱা বৰ্ষৰ ১০ অক্টোবৰত তেওঁৰ বিৰুদ্ধে উত্থাপিত উৎকোচ গ্ৰহণৰ অভিযোগ সন্দৰ্ভত এখন লেখ আবেদন দাখিল কৰিছিল। আবেদনখনত তেওঁ বিভাগীয় প্ৰতিপক্ষৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি দাবী কৰিছিল। তদুপৰি, তেওঁ একাংশ আৰক্ষী বিষয়াৰ অপৰাধীৰ সৈতে সম্পৰ্ককলৈয়ো প্ৰশ্ন উত্থাপন কৰিছিল।

উল্লেখ্য যে নগাঁৱৰ এইগৰাকী উপ আৰক্ষী অধীক্ষক(সদৰ) সবিতা দাসে যোৱা ৩১ আগষ্টৰ নিশা নগাঁও চহৰৰ পলিৰোডৰ নিজ ঘৰৰ সন্মুখৰ পৰা সৌৰভ হাজৰিকা নামৰ যুৱকজনৰ লগতে আন তিনিজন যুৱকক বিনা কাৰণত আটক কৰি সদৰ থানালৈ লৈ অনা বুলি অভিযোগ উঠিছিল।

উপ আৰক্ষী অধীক্ষকগৰাকীয়ে ঘটনা সন্দৰ্ভত সৌৰভ হাজৰিকাৰ লগতে যুৱককেইজনক পিছদিনা বিয়লি চাৰি বজা পৰ্যন্ত আবদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন কৰি সৌৰভ হাজৰিকাই তেওঁৰ চালকৰ অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন পত্ৰ দুখন বিষয়াগৰাকীয়ে নিজৰ জিম্মাত ৰখাৰো অভিযোগ আনিছিল।

আনহাতে, হাজৰিকাই অভিযোগ কৰিছিল যে নগাঁও আৰক্ষী বিভাগৰ জ্যোতি খাউণ্ড নামৰ এজন কৰ্মচাৰীয়ে অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন পত্ৰ দুখন ওভতাই দিয়াৰ বিনিময়ত উপ আৰক্ষী অধীক্ষকগৰাকীৰ দোহাই দি ৪০ হাজাৰ টকা দাবী কৰিছিল।

কিন্তু সৌৰভ হাজৰিকাই উক্ত ধন দাবী কাণ্ড কেমেৰাৰ জৰিয়তে বন্দী কৰিছিল আৰু ইয়াৰ পাছতে জ্যেষ্ঠ আৰক্ষী বিষয়াৰ ধন দাবীৰ প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধানলৈ অভিযোগ প্ৰেৰণ কৰি হাজৰিকাই ধন দাবীৰ ঘটনাৰ সুবিচাৰ দাবী কৰিছিল।

ইয়াৰ পিছতে এই সম্পৰ্কীয় অভিযোগ প্ৰসংগত এটা অপৰাধজনিত গোচৰ ৰুজু কৰিবলৈ নগাঁও আৰক্ষীলৈ নিৰ্দেশ দিছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ  শইকীয়াই। নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে উক্ত অভিযোগৰ প্ৰসংগত এটা গোচৰ ৰুজু কৰাৰ লগতে জ্যেষ্ঠ আৰক্ষী বিষয়াই সমগ্ৰ ঘটনাটো তদন্ত কৰিব বুলিও জানিব দিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd