অসম-ত্ৰিপুৰা সীমান্তৱৰ্তী এটা অঞ্চলত আজি ৰাতিপুৱা প্ৰায় ৮.১৫ মান বজাত আগৰতলা-বেংগালুৰু হমছফৰ এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ লাভ কৰা গৈছে। অৱশ্যে এই দুৰ্ঘটনাটোত কোনো লোকৰে ক্ষতি হোৱা নাই।
জানিব পৰা মতে এক্সপ্ৰেছখন অসমত প্ৰৱেশ কৰাৰ লগে লগে চুৰাইবাৰী আৰু কলকলিঘাটৰ মাজত অৱস্থিত চৰজুল দলঙৰ ওপৰত দুটা চকা লাইনচ্যুত হয়। যাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনাটো।
দুৰ্ঘটনাটো সন্দৰ্ভত এগৰাকী যাত্ৰীয়ে কয় যে ৰে’লখন লাহে লাহে গতি ল’বলৈ ধৰোতেই দুটা চকা লাইনচ্যুত হয়। কিন্তু যদিহে ইয়াৰ গতিবেগ বেছি হ’লহৈ তেন্তে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’লহেতেন।
ইফালে ঘটনাস্থলত ৰে’লৱে বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে। কিন্তু কি কাৰণত ৰে’লখনৰ দুটা চকা লাইনচ্যুত হ’ল সেই সম্পৰ্কে একো কোৱা নাই ৰে’লৱে বিভাগৰ তৰফৰ পৰা।
ইতিমধ্যে বদৰপুৰৰ পৰা এখন উদ্ধাৰকাৰী ৰে’লৰ লগতে বিভিন্ন বিষয়া-কৰ্মচাৰী দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হৈ ৰে’লখন পুনৰ উদ্ধাৰ কৰাৰ লগতে চুৰাইবাৰী ষ্টেশ্যনলৈ লৈ অনা হৈছে বুলি জানিব পৰা গৈছে।