অবৈধভাৱে ভাৰতৰ মাটিত প্ৰৱেশ কৰা ২০ গৰাকী অবৈধ বাংলাদেশীক আজি বাংলাদেশলৈ প্ৰেৰণ কৰা হয়। শিলচৰ আৰু কোকৰাঝাৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰী সকলক কৰিমগঞ্জ জিলাৰ সীমান্তৰে বাংলাদেশলৈ প্ৰেৰণ কৰা হয়।
আজি বাংলাদেশলৈ প্ৰেৰণ কৰা অবৈধ বাংলাদেশীসকল হ’ল-শেখৰ নমশুদ্ৰ, সুজিত চন্দ্ৰ দাস, ইকবাল হুছেইন তালুকদাৰ, মঃ ইছাক আলী, আজিমউদ্দিন, সমীৰ আহমদ, আমেদ উদ্দিন, চান্দ আলী, আব্দুল গফুৰ, আব্দুল লতিফ, আলিম উদ্দিন, দ্বিগেন চন্দ্ৰ দাস, ৰবীন্দ্ৰ দাস,শ্বাহ আলী মিঞা, ফাৰুক মিঞা, ইব্ৰাহিম তালুকদাৰ, চৈয়দ আল আমিন, ৰবিউল চৰ্দাৰ, পৰিমল জলদাস আৰু আলোৰাণী দাস।
ভাৰতলৈ অবৈধভাবে অনুপ্ৰবেশ কৰা লোকসকল বাংলাদেশৰ চিলেট, কিশোৰগঞ্জ জিলাৰ নাগৰিক।
উল্লেখযোগ্য যে ভাৰতলৈ অবৈধভাবে অহা নাগৰিক কেইগৰাকী আৰক্ষীৰ হাতত বন্দী হোৱাৰ পাছত কাৰাবাস খাতিবলগা হৈছিল। বাংলাদেশৰ গুৱাহাটীত থকা সহকাৰী উচ্চায়ুক্তই নাগৰিক কেইগৰাকীৰ বাংলাদেশত থকা ঘৰৰ ঠিকনা পৰীক্ষা কৰাৰ পাছত তেওঁলোকক নিজৰ ঘৰলৈ প্ৰত্যাৱৰ্তনৰ বাবে সেউজ সংকেত প্ৰদান কৰিছিল।
বাংলাদেশৰ নাগৰিককেইগৰাকীয়ে কাৰাবাস সমাপ্ত হোৱাৰ পাছতো বহুবছৰ ডিটেনচন কেম্পত কটাবলগীয়া হৈছিল।