• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশৰ শীৰ্ষ মানৱাধিকাৰ কৰ্মীক মৃত্যুৰ ভাবুকি

চাইদ বচিৰ by চাইদ বচিৰ
May 5, 2019 3:14 pm
Top Bangladesh human rights campaigners get death threat

চুলতানা কামাল। ছবি সৌজন্য-- frontlinedefenders.org

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৃত্যুৰ ভাবুকি পোৱাৰ পিছত নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিছে বাংলাদেশৰ তিনিগৰাকী নামজ্বলা মৌলবাদবিৰোধী আৰু মানৱাধিকাৰ কৰ্মী।

মৃত্যুৰ ভাবুকি লাভ কৰা প্ৰথমগৰাকী হৈছে বাংলাদেশী অধিবক্তা আৰু মানৱাধিকাৰ কৰ্মী চুলতানা কামাল। তেওঁ আইন অ’ চালিচ কেন্দ্ৰ নামৰ এটা নাগৰিক অধিকাৰ সংস্থাৰ কাৰ্য্যবাহী সঞ্চালক। ২০০৬ চনত তেওঁ সেনা-নিয়ন্ত্ৰিত তত্ত্বাৱধায়ক বাংলাদেশ চৰকাৰৰ উপদেষ্টাৰূপে সেৱা আগবঢ়াইছিল।

Apply Now

মৃত্যুৰ ভাবুকি সন্দৰ্ভত এক অভিযোগ/ সাধাৰণ দায়েৰি (general diary) দাখিল কৰি চুলতানা কামালে শনিবাৰে আৰক্ষী নিৰাপত্তা বিচাৰিছে।

আৰক্ষী বিষয়াই জনোৱা মতে তেওঁক প্ৰয়োজনীয় নিৰাপত্তা যোগান ধৰা হ’ব।

“মৃত্যুৰ ভাবুকি” পোৱা আন দুজন হৈছে ঢাকা বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক মুন্তাছিৰ মামুন আৰু এ’কাত্ত’ৰেৰ ঘাতক দালাল নিৰ্মূল সমিতিৰ মুৰব্বী শ্বাহৰিয়াৰ কবিৰ।

চুলতানা কামালক সাধাৰণতে পশ্চিম-অনুকূল/ পন্থী (pro-western) আৰু আৱামি লীগ-বিৰোধী ৰূপে ধৰা হয় আৰু তেওঁ বৰ্তমান চৰকাৰক ইয়াৰ পুতৌজনক মানৱ অধিকাৰ ৰে’কৰ্দৰ বাবে সমালোচনা কৰি আহিছে। কিন্তু ইয়াৰ বিপৰীতে কবিৰ আৰু মামুন শাসক দলৰ সঘন সমালোচক যদিও দলটোৰ ঘনিষ্ঠ বুলিয়ে কোৱা হয়।

বাংলাদেশ মুক্তি সংগ্ৰামৰ সময়ত বীভৎস অত্যাচাৰ চলোৱা পাকিস্তান-পন্থী যুদ্ধ অপৰাধীসকলৰ মৃত্যু দাবীৰে এ’কত্ত’ৰেৰ ঘাতক দালাল নিৰ্মূল কমিতি (Committee for the Elimination of the Killers and Collaborators of 1971)ৰ বেনাৰত কবিৰে এক শক্তিশালী আন্দোলনৰ নেতৃত্ব দিছিল।

মামুনৰ সৈতে কবিৰে গঠন কৰিছে বাঙালী বুদ্ধিজীৱীৰ এক শক্তিশালী গোষ্ঠী যিসকলে ধৰ্মনিৰপেক্ষ মূল্যবোধ আৰু “১৯৭১ৰ প্ৰাণ”টোক তুলি ধৰিছে।

দুয়ো খুব আন্তৰিকভাৱে ভাৰত-পন্থী, তাৰ বিপৰীতে চুলতানা পশ্চিমৰ ঘনিষ্ঠ।

“ল’ন উফ” (Lone Wolf) নামৰ বিদ্ৰোহী গোটটোৱে তিনিওকে হত্যা কৰাৰ সম্ভাব্য পথৰ বিৱৰণ প্ৰকাশ কৰিছে, আৰক্ষী বিষয়াই জনায়।

ধাৰণা কৰা হৈছে ই ইছলামিক স্তে’টৰ ফ্ৰন্ত, যতদূৰ সম্ভৱ বাংলাদেশৰ জামাত উল মুজাহিদীনৰ অৱশিষ্ট সদস্যৰে গঠিত ন-জে’ এ’ম বিৰ এক কৌশল।

মামুনে এন ই নাও-ক জনায় মৃত্যুৰ ভাবুকিৰ বিষয়ে অৱগত হোৱাৰ সময়ত তেওঁ ঢাকাৰ বাহিৰত আছিল আৰু তেৱোঁ দেওবাৰে ঘৰলৈ ওভতাৰ পিছতে নিৰাপত্তা বিচাৰি এক অভিযোগ দাখিল কৰিব।

শ্বাহাৰিৰ কবিৰে জনায়, তেওঁ ইতিমধ্যে তেওঁৰ লগতে কামাল আৰু মামুনৰ নিৰাপত্তা বিচাৰি বাংলাদেশ আৰক্ষীৰ মুৰব্বী মহম্মদ জাৱেদ পাটোৱাৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে।

বিদ্ৰোহী গোটটোৱে প্ৰকাশ কৰা “মৃত্যুৰ ভাবুকি” চ’চিয়েল মিডিয়াত ইতিমধ্যে বহুলভাৱে প্ৰচাৰিত হৈছে, কবিৰে জনায়।

“ই এক বিপদসংকেত। চৰকাৰৰ আচলতেই চ’চিয়েল মিডিয়াৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই,” তেওঁ সাংবাদিকসকলক কয়।

চাইদ বচিৰ

চাইদ বচিৰ

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd