• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি এদিন দেৰি হ’লেও নহ’ব, প্ৰতীক হাজেলাক ফ্ৰী হেন্দ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2019 4:04 pm
Final NRC: No delay may be entertained, SC asks Prateek Hajela to be brave and follow the law

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নৰিমন। ছবি- livelaw.inৰ সৌজন্যত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্ধাৰিত ৩১ জুলাইতকৈ এদিনো পলম হ’ব নোৱাৰিব চূড়ান্ত এন আৰ চিৰ প্ৰকাশ।

অসমত চলিত এন আৰ চি উন্নীতকৰণত উত্থাপিত “ভুৱা আপত্তি”ৰ অভিযোগ নিষ্পত্তিৰ কৰ্তৃত্ব ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক গতাই বুধবাৰৰ শুনানিত এই নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

Apply Now

“সাহসী হওক আৰু আইন অনুসৰি আগবাঢ়ক,” চূড়ান্ত এন আৰ চি ৩১ জুলাইতকৈ লাগিলে এদিন আগত প্ৰকাশ পাব পাৰে, কিন্তু এদিনো পলম হ’ব নোৱাৰে বুলি মন্তব্য কৰি হাজেলাক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।

আপত্তিৰ অভিযোগসমূহ সন্দৰ্ভত “সুবিবেচনা” (fair discretion)ৰে আইন অনুসৰি নিজাববীয়া সিদ্ধান্ত লোৱাৰ বাবে হাজেলাক ন্যায়ালয়ে কৰ্তৃত্ব প্ৰদান কৰিছে।

আপত্তি দাখিল কৰা বহু লোক শুনানিত উপস্থিত নোহোৱাৰ কথা বুধবাৰৰ শুনানিত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্তম ফলি নৰিমনৰ বিচাৰপীঠক হাজেলাই অৱগত কৰিছিল।

ইতিমধ্যে বিষয়টোক লৈ আমছু, জমিয়ত উলামা ই হিন্দ আৰু সাংসদ নৱ শৰণীয়াই “ষড়যন্ত্ৰ”ৰ অভিযোগ তোলাৰ বিপৰীতে আছু আৰু এবছুৱেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এন আৰ চি সম্পৰ্কীয় সৰ্বোচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি অহা ১০ জুলাইত অনুষ্ঠিত হ’ব।

অসমৰ এন আৰ চি বিষয়টোৰ গুৰুত্বক অগ্ৰাধিকাৰ দি গ্ৰীষ্ম বন্ধৰ মাজতো জৰুৰী প্ৰয়োজনত গোচৰটো উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়কৰ ওচৰত “উল্লেখ” (mention) কৰাৰ স্বাধীনতাও বিচাৰপীঠখনে হাজেলাক প্ৰদান কৰিছে।

চূড়ান্ত এন আৰ চি নিৰ্ধাৰিত সময়তে প্ৰকাশিত হ’ব লাগিব বুলি ন্যায়াধীশদ্বয় গগৈ আৰু নৰিমনৰ বিচাৰপীঠে প্ৰথমৰে পৰা অত্যন্ত কঠোৰ স্থিতি লৈ আহিছে।

এই সম্পৰ্কীয় পূৰ্বৰ শুনানিত দেশৰ মুখ্য পঞ্জীয়ক আৰু কেন্দ্ৰীয় চৰকাৰকো বিচাৰপীঠখনে কঠোৰ সমালোচনা কৰি আহিছে।

অহা ১৫ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অতিৰিক্ত খচৰা প্ৰকাশ প্ৰকাশ পাব যদিও অহা ৩০ জুনলৈকে খচৰাত নাম নহাসকলে ভাৰতীয় বুলি প্ৰমাণ দিয়াৰ সুযোগ লাভ কৰিব।

যোৱা ৩১ ডিচেম্বৰত প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাত ২,৮৯,৮৩,৬৭৭ গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাদ পৰিছিল ৪০,০৭,৭০৭ গৰাকী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd