• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বৰ্ণমালাৰ প্ৰতিটো আখৰেৰে কংগ্ৰেছৰ নামত দুৰ্নীতি আছে’ : ৰাজ্যিক বিজেপিৰ সংবাদ মেল

কংগ্ৰেছ নোটৰূপী নাৰায়ণৰ উপাসক কিন্তু বিজেপি নৰ ৰূপী নাৰায়ণৰ উপাসক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 8, 2019 4:49 pm
WhatsApp Image 2019-05-08 at 1.24.46 PM

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ সংবাদমেল

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া ভাবে কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীব গান্ধী সন্দৰ্ভত দিয়া মন্তব্যৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ উত্তৰ হিচাপে, পশ্চিম বংগত হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ত আক্ৰমণ আৰু আজি ঘোষণা কৰা বন্ধ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্য্যালয়ত দলৰ মুখপাত্ৰ ৰূপম গোস্বামী আৰু মমিনুল আৱালে এখন যুতীয়া সংবাদ মেল অনুষ্ঠিত কৰে।

ৰূপম গোস্বামীয়ে বিজেপিয়ে একমাত্ৰ শাসনত অধিস্থিত হবৰ বাবে ৰাজনীতি কৰা নাই, দেশক অৰ্থনৈতিক, সাংস্কৃতিক আদি প্ৰতিটো দিশত আগুৱাই নিবৰ বাবে বিজেপিৰ প্ৰতিজন কৰ্মকৰ্তা সদায় দায়বদ্ধ বুলি মন্তব্য কৰে।

Apply Now

কংগ্ৰেছক সমালোচনা কৰি গোস্বামীয়ে কয় যে কংগ্ৰেছে এতিয়া পৰাজয় স্বীকাৰ নকৰি মিছাৰ আশ্ৰয় লৈছে। কংগ্ৰেছ দলটো নোটৰূপী নাৰায়ণৰ উপাসক কিন্তু বিজেপি নৰ ৰূপী নাৰায়ণৰ উপাসক। বৰ্ণমালাৰ প্ৰতিটো আখৰেৰে কংগ্ৰেছৰ নামত দুৰ্নীতি আছে বুলি উল্লেখ কৰি বিজেপিৰ মুখপাত্ৰজনে কংগ্ৰেছৰ দিনত লুই বাৰ্জাৰ, সাৰদা, উত্তৰ-কাছাৰ পাৰ্বত্য জিলাতকৈও বহু ভয়াবহ কেলেংকাৰী সংঘটিত হৈছিল বুলি কয়।

আনহাতে, বৰ্তমান পঞ্চায়ত আৰু এ পি ডি চি এলৰ বিতৰ্কতো কংগ্ৰেছৰ ষড়যন্ত্ৰ জড়িত হৈ আছে বুলি ৰূপম গোস্বামীয়ে মন্তব্য কৰি চৰকাৰক বদনাম কৰিবলৈ কংগ্ৰেছে এনে কামত লিপ্ত হৈছে বুলি মত প্ৰকাশ কৰে। ‘ৰোম’ এদিনত নিৰ্মান হোৱা নাছিল, গতিকে বৰ্তমান সকলোৰে তদন্ত চলি আছে বহুতক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

আকৌ, চলিত নিৰ্বাচনত কংগ্ৰেছে ভোটদানৰ হাৰ বৃদ্ধি হোৱা বিচৰা নাছিল বুলি উল্লেখ কৰি গোস্বামীয়ে কয় যো কংগ্ৰেছৰ লুট পাতৰ ৰাজনীতিৰ বাবে ভাৰতৰ ৰাইজে কংগ্ৰেছক নস্যাত কৰিছে। এতিয়া কংগ্ৰেছৰ নেতাসকলক দুৰবীনেৰেও দেখা নাপায় বুলিও তেও কয়।

চলিত লোকসভা নিৰ্বাচনত বিৰোধীসকল একত্ৰিত হ’বৰ বাবে চেষ্টা কৰিছিল যদিও নোৱাৰিলে বুলি সংবাদ মেলত মন্তব্য কৰি গোস্বামীয়ে ৰাজীৱ গান্ধীৰ পৰা পুতুলা প্ৰধান মন্ত্ৰী মনমোহন সিঙলৈ সকলো দুৰ্নীতিত জড়িত বুলি কয়।

তদুপৰি, মঙলবাৰে পশ্চিম বংগত হিমন্ত বিশ্বৰ কনভয়ত আক্ৰমণৰ ঘটনা সন্দৰ্ভত মন্তব্য দি বিজেপি মুখপাত্ৰগৰাকীয়ে কয় যে, মমতা বেনাৰ্জীয়ে দিলীপ ঘোষ আৰু হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনা কৰিছিল আৰু আমি এই কথাৰ তীব্ৰ বিৰোধিতা কৰিছো।

পূৰ্বেও মমতাৰ নেতৃত্বত বহুবাৰ নিৰ্বাচনী হিংসা সংঘটিত হৈছিল কিন্তু মমতা বেনাৰ্জীক আমি সকীয়াই দিব বিচাৰো বিজেপিয়ে গাত শেষ টোপাল তেজ থকালৈ গণতন্ত্ৰক জীয়াই ৰখাৰ বাবে অন্যায়ৰ বিৰুদ্ধে যুঁজ কৰি যাব বুলি বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয়।

আন এগৰাকী বিজেপি নেতা মমিনুল আৱালে সংবাদ মেল সম্বোধন কৰি আজি ঘোষণা কৰা অসম বন্ধক সমালোচনা কৰি কয় এগৰাকী প্ৰাক্তন বিধায়কে ধৰ্মৰ নামত বন্ধৰ আহ্বান দিছে। ধৰ্মৰ নামত স্বায়ত্ব শাসন বিচাৰি বন্ধ দিয়া কথাটোক আমি একেমুখে গৰিহণা দিছোঁ। ধৰ্ম নিৰপেক্ষ দেশত ধৰ্মৰ নামত স্বায়ত্ব শাসন বিচৰাটো কেতিয়াও মানি লব নোৱাৰি।

বিজেপি চৰকাৰৰ দিনত সংখ্যালঘু লোক সকল নিৰাপদে আছে। কংগ্ৰেছে ধৰ্মীয় মেৰুকৰণ ঘটাই দিছপুৰত ১৫ গৰাকী বিধায়কক প্ৰবেশ কৰাইছে বুলি আৱালে সমালোচনা কৰি কয় বিজেপিয়ে হিন্দুৰ নামত মেৰুকৰণ কৰিলে তৰুণ গগৈ আৰু দেবব্ৰত শইকীয়া কেতিয়াও দিছপুৰত প্ৰবেশ কৰিব নোৱাৰিলে হেতেন।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

September 1, 2026 2:35 pm
সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd