• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘বৰ্ণমালাৰ প্ৰতিটো আখৰেৰে কংগ্ৰেছৰ নামত দুৰ্নীতি আছে’ : ৰাজ্যিক বিজেপিৰ সংবাদ মেল

কংগ্ৰেছ নোটৰূপী নাৰায়ণৰ উপাসক কিন্তু বিজেপি নৰ ৰূপী নাৰায়ণৰ উপাসক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 8, 2019 4:49 pm
WhatsApp Image 2019-05-08 at 1.24.46 PM

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ সংবাদমেল

832
VIEWS
Share on FacebookShare on Twitter

শেহতীয়া ভাবে কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীব গান্ধী সন্দৰ্ভত দিয়া মন্তব্যৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ উত্তৰ হিচাপে, পশ্চিম বংগত হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ত আক্ৰমণ আৰু আজি ঘোষণা কৰা বন্ধ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্য্যালয়ত দলৰ মুখপাত্ৰ ৰূপম গোস্বামী আৰু মমিনুল আৱালে এখন যুতীয়া সংবাদ মেল অনুষ্ঠিত কৰে।

ৰূপম গোস্বামীয়ে বিজেপিয়ে একমাত্ৰ শাসনত অধিস্থিত হবৰ বাবে ৰাজনীতি কৰা নাই, দেশক অৰ্থনৈতিক, সাংস্কৃতিক আদি প্ৰতিটো দিশত আগুৱাই নিবৰ বাবে বিজেপিৰ প্ৰতিজন কৰ্মকৰ্তা সদায় দায়বদ্ধ বুলি মন্তব্য কৰে।

কংগ্ৰেছক সমালোচনা কৰি গোস্বামীয়ে কয় যে কংগ্ৰেছে এতিয়া পৰাজয় স্বীকাৰ নকৰি মিছাৰ আশ্ৰয় লৈছে। কংগ্ৰেছ দলটো নোটৰূপী নাৰায়ণৰ উপাসক কিন্তু বিজেপি নৰ ৰূপী নাৰায়ণৰ উপাসক। বৰ্ণমালাৰ প্ৰতিটো আখৰেৰে কংগ্ৰেছৰ নামত দুৰ্নীতি আছে বুলি উল্লেখ কৰি বিজেপিৰ মুখপাত্ৰজনে কংগ্ৰেছৰ দিনত লুই বাৰ্জাৰ, সাৰদা, উত্তৰ-কাছাৰ পাৰ্বত্য জিলাতকৈও বহু ভয়াবহ কেলেংকাৰী সংঘটিত হৈছিল বুলি কয়।

আনহাতে, বৰ্তমান পঞ্চায়ত আৰু এ পি ডি চি এলৰ বিতৰ্কতো কংগ্ৰেছৰ ষড়যন্ত্ৰ জড়িত হৈ আছে বুলি ৰূপম গোস্বামীয়ে মন্তব্য কৰি চৰকাৰক বদনাম কৰিবলৈ কংগ্ৰেছে এনে কামত লিপ্ত হৈছে বুলি মত প্ৰকাশ কৰে। ‘ৰোম’ এদিনত নিৰ্মান হোৱা নাছিল, গতিকে বৰ্তমান সকলোৰে তদন্ত চলি আছে বহুতক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

আকৌ, চলিত নিৰ্বাচনত কংগ্ৰেছে ভোটদানৰ হাৰ বৃদ্ধি হোৱা বিচৰা নাছিল বুলি উল্লেখ কৰি গোস্বামীয়ে কয় যো কংগ্ৰেছৰ লুট পাতৰ ৰাজনীতিৰ বাবে ভাৰতৰ ৰাইজে কংগ্ৰেছক নস্যাত কৰিছে। এতিয়া কংগ্ৰেছৰ নেতাসকলক দুৰবীনেৰেও দেখা নাপায় বুলিও তেও কয়।

চলিত লোকসভা নিৰ্বাচনত বিৰোধীসকল একত্ৰিত হ’বৰ বাবে চেষ্টা কৰিছিল যদিও নোৱাৰিলে বুলি সংবাদ মেলত মন্তব্য কৰি গোস্বামীয়ে ৰাজীৱ গান্ধীৰ পৰা পুতুলা প্ৰধান মন্ত্ৰী মনমোহন সিঙলৈ সকলো দুৰ্নীতিত জড়িত বুলি কয়।

তদুপৰি, মঙলবাৰে পশ্চিম বংগত হিমন্ত বিশ্বৰ কনভয়ত আক্ৰমণৰ ঘটনা সন্দৰ্ভত মন্তব্য দি বিজেপি মুখপাত্ৰগৰাকীয়ে কয় যে, মমতা বেনাৰ্জীয়ে দিলীপ ঘোষ আৰু হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনা কৰিছিল আৰু আমি এই কথাৰ তীব্ৰ বিৰোধিতা কৰিছো।

পূৰ্বেও মমতাৰ নেতৃত্বত বহুবাৰ নিৰ্বাচনী হিংসা সংঘটিত হৈছিল কিন্তু মমতা বেনাৰ্জীক আমি সকীয়াই দিব বিচাৰো বিজেপিয়ে গাত শেষ টোপাল তেজ থকালৈ গণতন্ত্ৰক জীয়াই ৰখাৰ বাবে অন্যায়ৰ বিৰুদ্ধে যুঁজ কৰি যাব বুলি বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয়।

আন এগৰাকী বিজেপি নেতা মমিনুল আৱালে সংবাদ মেল সম্বোধন কৰি আজি ঘোষণা কৰা অসম বন্ধক সমালোচনা কৰি কয় এগৰাকী প্ৰাক্তন বিধায়কে ধৰ্মৰ নামত বন্ধৰ আহ্বান দিছে। ধৰ্মৰ নামত স্বায়ত্ব শাসন বিচাৰি বন্ধ দিয়া কথাটোক আমি একেমুখে গৰিহণা দিছোঁ। ধৰ্ম নিৰপেক্ষ দেশত ধৰ্মৰ নামত স্বায়ত্ব শাসন বিচৰাটো কেতিয়াও মানি লব নোৱাৰি।

বিজেপি চৰকাৰৰ দিনত সংখ্যালঘু লোক সকল নিৰাপদে আছে। কংগ্ৰেছে ধৰ্মীয় মেৰুকৰণ ঘটাই দিছপুৰত ১৫ গৰাকী বিধায়কক প্ৰবেশ কৰাইছে বুলি আৱালে সমালোচনা কৰি কয় বিজেপিয়ে হিন্দুৰ নামত মেৰুকৰণ কৰিলে তৰুণ গগৈ আৰু দেবব্ৰত শইকীয়া কেতিয়াও দিছপুৰত প্ৰবেশ কৰিব নোৱাৰিলে হেতেন।

Recent News

চিটি চেন্টাৰৰ পৰা অসমীয়া ব্যৱসায়ীক খেদি পঠোৱাৰ ষড়যন্ত্ৰ! সংবাদ মাধ্যমৰ কাষ চাপিছে নিৰূপায় দুই ব্যৱসায়ী

চিটি চেন্টাৰৰ পৰা অসমীয়া ব্যৱসায়ীক খেদি পঠোৱাৰ ষড়যন্ত্ৰ! সংবাদ মাধ্যমৰ কাষ চাপিছে নিৰূপায় দুই ব্যৱসায়ী

এখন অসবৰ্ণ বিবাহৰ বাবেই এঘৰীয়া কৰা হ’ল এটা পৰিয়ালক : শুদ্ধিৰ নামত চুলি ক্ষুৰালে পৰিয়ালটোৰ ৪০ সদস্যই

এখন অসবৰ্ণ বিবাহৰ বাবেই এঘৰীয়া কৰা হ’ল এটা পৰিয়ালক : শুদ্ধিৰ নামত চুলি ক্ষুৰালে পৰিয়ালটোৰ ৪০ সদস্যই

আৰজেডিৰ সভাপতি হিচাপে ত্ৰয়োদশ কাৰ্যকালৰ বাবে মনোনয়ন দাখিল লালু প্ৰসাদ যাদৱৰ

আৰজেডিৰ সভাপতি হিচাপে ত্ৰয়োদশ কাৰ্যকালৰ বাবে মনোনয়ন দাখিল লালু প্ৰসাদ যাদৱৰ

গুজৰাটৰ উপ-নিৰ্বাচন : বিছাৱদাৰ সমষ্টিৰ পৰা জয় লাভ আম আদমি পাৰ্টিৰ প্ৰাৰ্থীৰ

গুজৰাটৰ উপ-নিৰ্বাচন : বিছাৱদাৰ সমষ্টিৰ পৰা জয় লাভ আম আদমি পাৰ্টিৰ প্ৰাৰ্থীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd