• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসক,পৰিচালকক আক্ৰমণ কৰা ডিকম চাহ বাগিচাৰ ১৭জন শ্ৰমিকক গ্ৰেপ্তাৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
May 11, 2019 11:27 am
labourers-pic-1-1140x570

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কেইজনমান শ্ৰমিক। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়ৰ সমীপৰ ডিকম চাহ বাগিচাৰ ১৭ জন শ্ৰমিকক আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰিছে। অলপতে হৈ যোৱা ধুমুহা ঢেৰেকনিৰ সময়ত বাগিচাত পাত তুলি থকা এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি বাগিচাখনৰ চিকিৎসক, ফাৰ্মাচিষ্ট আৰু পৰিচালকক আক্ৰমণ কৰাৰ অভিযোগত শ্ৰমিককেইজনক গ্ৰেপ্তাৰ কৰা হৈছে।

‘’ডিকম চাহ বাগিচাত সংঘটিত আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত ১৭ জন অভিযুক্তক আমি গ্ৰেপ্তাৰ কৰিছো। ডিকম আৰক্ষী চকীত তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৪৩/১৪৭/৩২৫/৪২৭/৫০৬/৩০৭ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে,’’- এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

Apply Now

বাগিচাখনৰ পৰিচালনা গোষ্ঠীয়ে মৃত মহিলাগৰাকীৰ নিকট আত্মীয়লৈ ১ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।

বাগিচাখনৰ চিকিৎসক, ফাৰ্মাচিষ্ট আৰু পৰিচালকক আক্ৰমণ কৰা ঘটনাৰ পাছত বাগিচা কৰ্তৃপক্ষই অনিৰ্দিষ্ট কালৰ বাবে বাগিচাত তলাবন্ধ ঘোষণা কৰিছিল।

ঝালো ছুৰজান বুলি চিনাক্ত হোৱা মহিলাগৰাকীৰ ধুমুহা ঢেৰেকনিৰ সময়ত গছ এডাল উভালি পৰি গাত পৰাৰ পাছত মৃত্যু হৈছিল।

গছডাল উভালি গাত পৰাৰ সময়ত ঝালোৱে বাগিচাত পাত তুলি আছিল। তেওঁৰ লগত থকা আন তিনিজন কৰ্মী মংগ্ৰী কেওট, মানিক মুড়া আৰু মমতা মুড়া গুৰুতৰভাৱে আহত হয়।

শ্ৰমিকসকলে অভিযোগ কৰিছিল যে চিকিৎসকগৰাকীয়ে ‘’সময়মতে এম্বুলেন্স নপঠোৱা বাবেই মহিলা শ্ৰমিকগৰাকী মৃত্যুমুখত পৰে।‘’

উত্তেজিত শ্ৰমিকসকলে পাছত চিকিৎসকগৰাকীক বেয়াকৈ প্ৰহাৰ কৰে আৰু তেওঁক হাস্পাতলত ভৰ্তি কৰিবলগীয়া হৈছিল।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছিল। বাগিচা কৰ্তৃপক্ষই এই আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত শ্ৰমিকসকলৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল আৰু শ্ৰমিকসকলে কাম কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত বাগিচাখনত তলাবন্ধ ঘোষণা কৰা হৈছিল।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd