• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাণময় ৰাজগুৰুৰ প্ৰৱেশৰ পিছতেই আমাৰ সংসাৰত ভাঙোন আহিছিল : জাহ্নৱীৰ স্বামী

প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াৰ সম্পৰ্কক লৈ মন্তব্য জাহ্নৱীৰ স্বামীৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 17, 2019 9:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ জু-ৰ’ডৰ চেণ্ট্ৰেল মলৰ সন্মুখত হোৱা বোমা বিস্ফোৰণৰ ঘটনাৰ লগত নাম সাঙোৰ খাই পৰা জাহ্নৱী দাস শইকীয়া নামৰ মহিলাগৰাকী আৰু আলফা নেতা প্ৰাণময় ৰাজগুৰুৰ শেহতীয়া কাৰ্যকলাপক জাহ্নৱীৰ গৃহ জিলা শিৱসাগৰতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

বিভিন্নজনে জাহ্নৱী আৰু ৰাজগুৰুৰ সম্পৰ্কক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰাৰ সময়তে জাহ্নৱীৰ চিকিৎসক স্বামী ড০ অমৃত শইকীয়াই আজি সংবাদ মাধ্যমৰ আগত বিষয়টো সন্দৰ্ভত মন্তব্য কৰে।

Apply Now

উল্লেখ কৰিব পাৰি যে ১৬ মে’ত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰৰ সময়ত জাহ্নৱীয়ে প্ৰাণময় ৰাজগুৰুক ককায়েক আৰু প্ৰাণময় ৰাজগুৰুৱে জাহ্নৱীক ভনীয়েক বুলি সাংবাদিকৰ আগত মন্তব্য কৰিছিল।

আজি শিৱসাগৰত থকা জাহ্নৱীৰ চিকিৎসক স্বামীয়ে সাংবাদিকৰ আগত  কয়, “জাহ্নৱী দাসৰ লগত  মোৰ যোৱা ১১ বছৰৰো অধিক কাল ধৰি সম্পৰ্ক নাই। শাৰীৰিক-মানসিকভাৱে আমি বহু দূৰে দূৰে অৱস্থান কৰিছো। আমাৰ মাজত যদিও কথাবতৰা হয়, সেই কথাবতৰা ধন, টকা-পইচা কেন্দ্ৰিকহে হয়। আমাৰ পুত্ৰ-কন্যা বৰ্তমান অধ্যয়নৰত, সন্তান দুটাৰ অধ্যয়নৰ বাবে প্ৰয়োজনীয়  টকা-পইচাৰ বাবেহে যোগাযোগ হয়।

জাহ্নৱীৰ স্বামীয়ে প্ৰাণময় ৰাজগুৰুৰ সন্দৰ্ভতো কেতবোৰ বিস্ফোৰক মন্তব্য কৰে।

“এইগৰাকী ব্যক্তি আমাৰ সংসাৰত প্ৰৱেশ কৰাৰ পাছতেই আমাৰ সংসাৰত আউল লাগে। জাহ্নৱীক নিজৰ ভগ্নী বুলি ক’লেও প্ৰাণময় ৰাজগুৰুৱে জাহ্নৱী দাসৰ কাষ চপাৰ পাছতেই আমাৰ সংসাৰত জুই লাগে”, চিকিৎসক শইকীয়াৰ মন্তব্য।

এটা সময়ত পত্নী জাহ্নৱী শইকীয়া দাসে তেওঁৰ বিৰুদ্ধে মিছা অপবাদত শিৱসাগৰ থানাত এজাহাৰ দিয়াৰ কথাও উল্লেখ কৰে চিকিৎসকজনে।

তেওঁ জনোৱামতে, কেইটামান বছৰৰ পূৰ্বে জাহ্নৱী দাস শইকীয়াই তেওঁৰ স্বামীৰ বিৰুদ্ধে তেওঁৰ ওপৰত অত্যাচাৰ চলোৱা বুলি দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। ৪ দিনকৈ ৰঙাঘৰৰ ভাত খাব লগীয়া হৈছিল তেওঁ।

এই সমস্ত ঘটনাৰ আঁৰত প্ৰাণময় ৰাজগুৰুৰ হাত থকা বুলিও শিৱসাগৰৰ একাংশ ব্যক্তিৰ সন্দেহ।

মন কৰিব লগীয়া যে, আলফাৰ এগৰাকী শীৰ্ষ নেতাই প্ৰণাময় ৰাজগুৰু আলফাৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয় বুলি ক’লেও প্ৰকৃততে ৰাজগুৰু আলফা সংগঠনৰ সক্ৰিয় সদস্য আছিল। ৰাজগুৰু সংগঠনৰ পৰা আলোচনাৰ নাম লৈ আঁতৰি আহে যদিও আলফাৰ মূল দাবীৰ পৰা যে আঁতৰি অহা নাছিল, ৰাজগুৰুৰ ভাষ্যৰ পৰাও অনুমেয়।

আনহাতে ৰাজগুৰুৰ পত্নীয়ে জাহ্নৱী আৰু তেওঁৰ স্বামীৰ মাজত ভাতৃ-ভগ্নীৰ সম্পৰ্ক থকা বুলিয়েই মন্তব্য আগ বঢ়াইছে যদিও একাংশ সাহিত্যিক, শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে বিভিন্ন মহলৰ ব্যক্তিৰ লগত নিবিড় সম্পৰ্ক থকা জাহ্নৱী শইকীয়া দাসৰ লগত প্ৰাণময় ৰাজগুৰুৰ বিশেষ সম্পৰ্ক গঢ়ি উঠিছিল বুলি একাংশৰ দাবী।

আৰক্ষীয়ে ১৬ মে’ৰ দিনা জাহ্নৱী শইকীয়াৰ ঘৰৰ পৰাই প্ৰাণময় ৰাজগুৰুক গ্ৰেপ্তাৰ কৰিছিল।

আনহাতে আৰক্ষীৰ মতে, কিছু বছৰ পূৰ্বৰ পৰা জাহ্নৱীয়ে অতি সংগোপনে আলফাৰ হৈ কাম-কাজ অব্যাহত ৰাখিছিল। জাহ্নৱীৰ ঘৰৰ পৰা বিস্ফোৰক, পিষ্টল, সজীৱ গুলী, আলফাৰ পতাকা, পেড উদ্ধাৰ কৰা বুলি আৰক্ষীৰ দাবী।

আজি জাহ্নৱীৰ স্বামীয়ে বোমা বিস্ফোৰণৰ লগত জাহ্নৱীৰ নাম সাঙোৰ খোৱাত উদ্বিগ্নতা প্ৰকাশ কৰিছে। আইনৰ প্ৰতি শ্ৰদ্ধাশীল এজন নাগৰিক হিচাপে তেওঁ কয়, বোমা বিস্ফোৰণৰ ঘটনাৰ লগত জড়িত যি কোনো ব্যক্তিয়েই দেশৰ প্ৰচলিত আইন অনুসৰি শাস্তি পোৱাৰ যোগ্য।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd