হোজাইৰ চাহাৰা ইণ্ডিয়াৰ শাখা কাৰ্য্যালয়ত আজি এজেণ্ট আৰু গ্ৰাহকসকলে লগ হৈ তলা লগাই দিয়াৰ ফলত অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।
অঞ্চলটোৰ জনসাধাৰণে দীৰ্ঘসময়ৰ পৰা এজেণ্টৰ যোগেৰে চাহাৰা ইণ্ডিয়াত ধন জমা থোৱাৰ পাছত গ্ৰাহকৰ জমা ধন প্ৰতিষ্ঠানটোৱে মোকলাই নিদিয়া বাবে গ্ৰাহক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী গ্ৰাহকসকলে কেইবা বছৰ ধৰি গ্ৰাহকৰ ধন মোকলাই নিদিয়া বুলি উল্লেখ কৰি চাহাৰা ইণ্ডিয়াই ৩০ লাখ টকা পৰ্য্যন্ত মেচ্যুৰিটীৰ ধন নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।
আনহাতে, গ্ৰাহকসকলৰ প্ৰতিবাদক সমৰ্থন কৰি চাহাৰা ইণ্ডিয়াৰ হোজাই শাখাৰ এজেণ্ট সকলেও আজি কাৰ্যালয়টোত তলা লগাই দিয়ে। এজেণ্ট সকলে কাৰ্যালয়টোৰ মেনেজাৰ আৰু উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ বিৰুদ্ধে গ্ৰাহক সকলৰ মেচ্যুৰিটীৰ ধন মোকলাই দিয়াৰ ক্ষেত্ৰত কোনোধৰণৰ কাৰ্য্যব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে।
সাংবাদিকৰ আগত এজন এজেণ্টে প্ৰতিষ্ঠানটোৰ ফালৰ পৰা গ্ৰাহকসকলে জমা দিয়া ধনৰ নথি দিবলৈ মানা কৰা বুলিও বিস্ফোৰক স্বীকাৰোক্তি দাঙি ধৰে।
‘সকলো ক্ষেত্ৰতে এজেণ্ট সকলে কিয় নিৰ্যাতনৰ সন্মুখিন হ’বলগা হয়? মেনেজাৰ সকলে নিজৰ দৰমহা পাই থকা কাৰণে গ্ৰাহকসকলৰ অভিযোগৰ প্ৰতি পিঠি দিছে, সেইকাৰণে আমি আজি কাৰ্যালয়ত তলা লগাই দিছো’ এজন ক্ষুব্ধ এজেণ্টে এনেদৰে মন্তব্য কৰে।