মণিপুৰৰ যশস্বী নাগা লোকসংগীত শিল্পী ৰিউবেন মাচাংৱাই নতুন দিল্লীৰ নৱৰস ড্যুৱেণ্ডা গ্ল’বেল কাৰ্নিভেলত সংগীত পৰিৱেশন কৰিব। ২৩ৰ পৰা ২৫ ফেব্ৰুৱাৰিলৈকে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত এই উৎসৱ অনুষ্ঠিত হ’ব।
মনিপুৰৰ উখ্ৰুল জিলাৰ চ্চৈথাৰ গাঁৱৰ শিল্পীগৰাকী পৰম্পৰাগত ‘হাও সংগীত’ৰ এগৰাকী বাটকটীয়া। মাচাংৱা মণিপুৰৰ টাংখুল নাগাসকলৰ লোকগীতসমূহক বিশ্বজুৰি জনপ্ৰিয় কৰি তোলাৰ বাবে জনাজাত। মাচাংৱাই তেওঁৰ সংগীতত পশ্চিমীয়া গীটাৰৰ লগতে পৰম্পৰাগত টাংখুল লোকবাদ্যসমূহৰ বহুল ব্যৱহাৰ কৰি আহিছে।
এদশকজোৰা প্ৰচেষ্টাৰে মাচাংৱাই পৰম্পৰাগত তাঁৰবাদ্য ‘টিংতেলিয়া’ক আধুনিক পশ্চিমীয়া বাদ্যৰ সৈতে সংগত কৰিব পৰাকৈ বিকশাই তোলে। কণমানি পুত্ৰ চাকাৰ সৈতে তেওঁ ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন ঠাইত ‘সংগীতৰ ভাষা বিশ্বজনীন’ বাণী বিয়পাই অনুষ্ঠান পৰিৱেশন কৰি আহিছে।
ইতিমধ্যে কেইবাটাও এলবাম মুকলি কৰা মাচাংৱা আৰু তেওঁৰ সংগীতৰ ওপৰত নিৰ্মিত ‘Songs of Mashanva’ তথ্যচিত্ৰখনেও দেশে-বিদেশে বহুকেইটা সন্মান পাবলৈ সক্ষম হৈছে।
নাগাৰ বব ডিলানৰূপে জনাজাত মাচাংৱাই মেঘালয়ৰ লু মাজাও আৰু দিল্লীৰ বেণ্ড আদৱাইটাৰ সৈতে একেলগে নতুন দিল্লীত হ’ব লগা উৎসৱটোৰ ‘Instincts’ শীৰ্ষক অনুষ্ঠানটোত ভাগ ল’ব।
উল্লেখযোগ্য যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৪০০ তকৈও অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব লগা নৱৰস ড্যুৱেণ্ডা গ্ল’বেল কাৰ্নিভেল শিল্প আৰু বিনোদনৰ এনেধৰণৰ দেশৰ ভিতৰতে প্ৰথমতো অনুষ্ঠান। উৎসৱটোত অপেৰা, জেজ, শাস্ত্ৰীয়, লোকস্ংগীত আদি বিভিন্ন শৈলীৰ সংগীতৰ লগতে সমগ্ৰ বিশ্বৰ বিভিন্ন চলচ্চিত্ৰও প্ৰদৰ্শিত হ’ব।