• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন্যায়িক অভিজ্ঞতা থকা প্ৰাক্তন শীৰ্ষ আমোলাক বিদেশী ন্যায়াধীকৰণত অন্তৰ্ভুক্ত কৰক : উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2019 1:10 pm
Two child policy: SC accepts PIL, seeks Centre's response
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে অসম চৰকাৰক ৰাজ্য চৰকাৰখনে গঠন কৰিবলগীয়া ২০০ খন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণত ন্যায়িক অভিজ্ঞতাসম্পন্ন অৱসৰপ্ৰাপ্ত আমোলাক(সচিব আৰু অতিৰিক্ত সচিব পদৰ তলৰ বিষয়া নহয়)সদস্য হিচাপে নিযুক্তি দিবলৈ নিৰ্দেশ দিছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ অনিৰুদ্ধ বসুৰ এখন  বিচাৰপীঠে চলিত বছৰৰ ১ ছেপ্টেম্বৰৰ ভিতৰত ২০০ খন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ কাৰ্যকৰী হৈ উঠাটো নিশ্চিত কৰিবলৈ কৈছে।

Apply Now

ৰাজ্য চৰকাৰে বিচাৰপীঠখনক জানিবলৈ দিয়া মতে বৰ্তমান ৭৯খন তেনেধৰণৰ ন্যায়াধীকৰণ ইতিমধ্যে কাৰ্যকৰী হৈ উঠিছে।

অসম চৰকাৰৰ হৈ মহান্যায়াধীকৰ্তা তুষাৰ মেহতাই আদালতক জনায় যে যোৱা ২৪ মে’ত প্ৰস্তাৱিত অতিৰিক্ত বিদেশী ন্যায়াধীকৰণৰ বাবে সদস্য তথা কৰ্মচাৰীৰ নিৰ্বাচনৰ সৈতে জড়িত বিষয়টো সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হৈ গৈছে।

তেওঁ লগতে জানিবলৈ দিয়ে যে যদিওৱা অসমত ১০০০ খন বিদেশী ন্যায়াধীকৰণ গঠনৰ প্ৰয়োজন, প্ৰথম পৰ্যায়ত ২০০খন এনে ন্যায়াধীকৰণ গঠন কৰা হ’ব।

মেহতাই লগতে কয় যে ২৪ মে’ৰ বৈঠকৰ পাছতে যোৱা ২৯ মে’ত ২০০ ন্যায়াধীকৰণৰ সদস্যৰ নিযুক্তিৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়িক পঞ্জীয়কলৈ এখন পত্ৰ প্ৰেৰণ কৰা হয়। নিযুক্তি দিবলগীয়া সদস্যৰ যোগ্যতা আৰু সেৱাৰ চৰ্তাৱলীও পত্ৰখনত উল্লেখ কৰা বুলি মেহতাই জানিবলৈ দিয়ে।

বিচাৰপীঠখনে জনায় যে জিলা আদালতৰ অৱসৰপ্ৰাপ্ত ন্যায়িক বিষয়া, কমেও সাত বছৰ ওকালতিৰ অভিজ্ঞতা থকা ৩৫ বছৰ বয়সৰ ভিতৰৰ অধিবক্তা আৰু অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াই ন্যায়াধীকৰণৰ সদস্য পদৰ বাবে আবেদন কৰিব পাৰে। লগতে সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ পাছত ২০ আগষ্টৰ ভিতৰত ফলাফল ঘোষণা কৰিব লাগিব।

‘’অৱসৰপ্ৰাপ্ত এগৰাকী অসমাৰিক বিষয়াই কেনেকৈ অৰ্দ্ধন্যায়িক ন্যায়াধীকৰণত থকিব? অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া এগৰাকীয়ে কেনেকৈ চলাব?’’-বিচাৰপীঠে সেয়া জানিব বিচাৰে।

মেহতাই উয়াৰ উত্তৰত কয় যে সচিব বা অতিৰিক্ত সচিব পৰ্যায়ৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াক ন্যায়াধীকৰণৰ সদস্য পদত নিযুক্তি দিব পাৰি কিয়নো তেওঁলোকে অৰ্দ্ধন্যায়িক কামকাজ পৰিচালনা কৰাৰ অভিজ্ঞতা লাভ কৰে।

তেওঁ জানিবলৈ দিয়ে যে তেওঁলোকে বিদেশী ন্যায়াধীকৰণৰ বাবে প্ৰয়োজনীয় সংখ্যক জিলা আদালতৰ অৱসৰপ্ৰাপ্ত ন্যায়িক বিষয়া বা কমেও সাত বছৰ ওকালতিৰ অভিজ্ঞতা থকা ৩৫ বছৰ বয়সৰ ভিতৰৰ অধিবক্তা নাপাব পাৰে, গতিকেই উচ্চ ন্যায়ালয়ৰ সৈতে আলোচনাৰ পাছত এই প্ৰস্তাৱ আগবঢ়াইছে।

ইপিনে, বিচাৰপীঠখনে জানিব বিচাৰে, ‘’কোনে তেওঁলোকক বাছনি কৰিব?’’

ইয়াৰ উত্তৰত কোৱা হয় যে বাছনি উচ্চ ন্যায়ালয়ে কৰিব আৰু এই গোটেই প্ৰক্ৰিয়া সাক্ষাৎকাৰ পৰীক্ষাৰ মাজেৰে কৰা হ’ব।

এই বিষয়ত উপস্থিত এগৰাকী অধিবক্তাই আদালতক কয় যে অৱসৰপ্ৰাপ্ত ন্যায়িক বিষয়া আৰু অধিবক্তা এই ন্যায়াধীকৰণসমূহৰ সদস্য হিচাপে নিযুক্তি দিবলৈ পৰ্যাপ্ত পোৱা যাব।

‘’২০০ খনৰ কথা নাভাৱিব, ১০০০খনৰ কথা ভাৱক,’’-বিচাৰপীঠখনে অধিবক্তাগৰাকীক সোঁৱৰাই দি লগতে কয় যে ‘’ এয়াৰ পূৰ্বতে উদ্ভৱ নোহোৱা এটা পৰিস্থিতি য’ত আপোনাক আইন সিদ্ধ নিৰ্দেশ দিব পৰা ২০০ সদস্যৰ প্ৰয়োজন।‘’

‘’কমেও সাত বছৰ ওকালতিৰ অভিজ্ঞতা থকা ৩৫ বছৰ বয়সৰ ভিতৰৰ কোন অধিবক্তাই ইয়াত যোগদান কৰিবলৈ আহিব, কিয়নো অৱসৰৰ সময়লৈকে তেওঁলোকে  বিদেশী ন্যায়াধীকৰণৰ সদস্য হিচাপে থাকিব,’’-বিচাৰপীঠখনে কয়।

এই ২০০খন বিদেশী ন্যায়াধীকৰণৰ বাবে কৰ্মচাৰী নিযুক্তিৰ প্ৰসংগটো অধিবক্তাগৰাকীয়ে যেতিয়া উত্থাপন কৰে তেতিয়া মহান্যায়াধীকৰ্তাগৰাকীয়ে কয় যে কৰ্মচাৰী নিযুক্তিৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ কৰা হৈছে।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়খনে ইয়াৰ পূৰ্বে অসম চৰকাৰক সদস্য, কৰ্মচাৰী আদিৰ নিযুক্তিকে ধৰি বিদেশী ন্যায়াধীকৰণ স্থাপনৰ বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (প্ৰশাসনীয় বিষয়ত) সৈতে আলোচনা কৰি এক বিতং আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd