• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

সেনাক লক্ষ্য কৰি সশস্ত্ৰ বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণ : দলং উৰুৱাই দিলে বোমাৰে

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
January 24, 2018 12:34 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অৰুণাচল প্ৰদেশৰ চাংলাং আৰু নামচাই জিলাৰ মাজৰ পিয়োং নামৰ ঠাইত সশস্ত্ৰ বিদ্ৰোহীয়ে এক বৃহৎ আক্ৰমণ সংঘটিত কৰাৰ খবৰ আহিছে। সূত্ৰটোৱে জনোৱামতে বিদ্ৰোহীয়ে এখন সৰু দলং বোমাৰে ওফৰাই দিয়ে।

জানিব পৰা মতে সন্দেহযুক্ত উগ্ৰপন্থীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা অভিযান সামৰি ঘূৰি অহা সেনাৰ এখন গাড়ীক লক্ষ্য কৰি লৈছিল। সেনাৰ অভিযানকাৰী দলটো অহা গাড়ীখন পাৰ হোৱাৰ ঠিক পিছতেই দলংখন বোমা বিস্ফোৰণত উৰি যায়। অৱশ্যে সেনাৰ গাড়ীখনৰ সামান্য ক্ষতি হোৱাৰ বাদে কোনো জোৱান আহত হোৱা নাই।

Apply Now

আনহাতে সেনাৰ এটা সূত্ৰই এন ই নাওক জনোৱা মতে বোমা বিস্ফোৰণৰ পিছতে সেনা আৰু বিদ্ৰোহী গোটৰ মাজত গুলীয়াগুলী সংঘটিত হয়। সেনাই দাবী কৰা মতে এই গুলীয়াগুলীত সশস্ত্ৰ বিদ্ৰোহীৰ এজন কেডাৰ আহত হৈছে।

উল্লেখযোগ্য যে নামচাই আৰু চাংলাঙৰ মাজৰ এই অঞ্চলটো অসমৰ তিনিচুকীয়া জিলাৰ সীমাত অৱস্থিত। ইয়াৰ অৱস্থানগত সুযোগ লৈ বিভিন্ন সময়ত সশস্ত্ৰ বিদ্ৰোহীসকলে ইয়াৰ আশ-পাশৰ অঞ্চলবোৰত বিভিন্ন কূটাঘাতমূলক কাৰ্য্য সংঘটিত কৰি আহিছে। যোৱা কিছু দিনৰ পৰা বিদ্ৰোহী গোটবোৰে অঞ্চলটোত সঘনে নিজৰ উপস্থিতিৰ প্ৰমাণ কৰি আহিছে।

আনহাতে গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত এই আক্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। আজিৰ আক্ৰমণটোৱে চৰকাৰে দাবী কৰা ধৰণে উজনি অসম তথা ইয়াৰ সীমান্ত অঞ্চলবোৰত নিৰাপত্তা ব্যৱস্থা উন্নত যে হোৱা নাই বা বিদ্ৰোহী গোটবোৰৰ ক্ৰিয়া-কলাপ ৰোধ কৰাত যে চৰকাৰ সফল হোৱা নাই তাৰো প্ৰমাণ দাঙি ধৰিছে। সূত্ৰটোৱে জনোৱামতে অঞ্চলটোৰ লোকসকলৰ মাজত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় নিৰপৰাধী লোকসকল সেনা আৰু সন্ত্ৰাসবাদী উভয়পক্ষৰ পৰা হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ শংকাত ভোগা বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

লক্ষ্মণ শৰ্মা

লক্ষ্মণ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়   

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়  

June 20, 2026 3:51 pm
পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

June 20, 2026 2:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়   

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়  

June 20, 2026 3:51 pm
পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd