যোৰহাট বন সংমণ্ডলৰ মৰিয়নি ৰেঞ্জৰ মৰংগিয়াল বীট অ’ফিচৰ অন্তৰ্গত নগা পাহাৰৰ নামনিৰ গাভৰু পৰ্বত চাহ বাগিচাৰ এটা নলাৰ ভিতৰত বৃহস্পতিবাৰে এটা নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
বন বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে যে এইটো প্ৰায় ছয়ৰ পৰা সাত বছৰ বয়সীয়া এটা প্ৰাপ্ত বয়স্ক মতা বাঘ আৰু বিষাক্ত বস্তু ভক্ষণ কৰাৰ ফলতে ইয়াৰ মৃত্যু ঘটিছে।
নাহৰফুটুকীটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটৰ জিলা পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সূত্ৰটোৱে জানিবলৈ দিয়া মতে বাঘটোৰ কেইটামান দাঁত আৰু নখ কোনোবাই কাটি নিয়াৰ সন্দেহ কৰা হৈছে।
যোৰহাট বন সংমণ্ডলৰ মৰিয়নি ৰেঞ্জৰ অধীনত অসম নাগালেণ্ড সীমান্তৰ ওচৰত তিনিখন সংৰক্ষিত বনাঞ্চল আৰু এখন বন্যপ্ৰাণী অভয়াৰণ্যৰ লগতে বনাঞ্চলৰ আশে পাশে কেইবাখনো চাহ বাগিচা আৰু বহু সংখ্যক গাঁও আছে।
বিগত ১০ বছৰৰ পৰা বন্য জন্তুৰ সৈতে হোৱা সংঘাতৰ পৰিণতিত মৰিয়নি ৰেঞ্জৰ অধীনৰ জন বসতি অঞ্চললৈ নাহৰফুটুকীৰ বিচৰণৰ ঘটনা ক্ৰমে বৃদ্ধি পাই আহিছে।
সংলগ্ন অঞ্চলৰ গাওঁবাসীৰ পোহনীয়া গৰু হত্যা কৰি লৈ যোৱাৰ পাছত নাহৰফুটুকীক হত্যা কৰা বা আক্ৰমণ কৰি আহত কৰাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে।
সূত্ৰসমূহে কয় যে জনবসতিপূৰ্ণ অঞ্চলত নাহৰফুটুকীৰ উপস্থিতিৰ বিষয়ে অভিযোগ পোৱাৰ পাছত বন বিভাগে সাধাৰণতে বাঘটোক ধৰিবলৈ পিঞ্জৰা বহুৱায়।
‘’কিন্তু এইটোৱে কোনো সমাধান নহয় কিয়নো জন্তুটোক আন এখন বনাঞ্চলত এৰি দিয়া হয় আৰু তাৰ পৰা ওলাই নতুন এটা অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰে বা সেই বনাঞ্চলত শ্ৰেষ্ঠত্বৰ বাবে আন বাঘৰ সৈতে হোৱা যুঁজত নিহত হবলগীয়া হয়,’’-সূত্ৰসমূহে জানিবলৈ দিয়ে।