• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাছাৰত বন বিভাগৰ উচ্ছেদ অভিযান; গৃহহীন হ’ল ৮২ টা পৰিয়ালৰ প্ৰায় ৫০০ গৰাকী লোক

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
June 7, 2019 10:02 pm
Cachar

কাছাৰত বন বিভাগৰ উচ্ছেদ অভিযান

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাছাৰ বন বিভাগে আজি কাছাৰ জিলাৰ ধলাই সমষ্টিৰ বনবিভাগৰ অন্তৰ্গত ৰজনীখাল অঞ্চলৰ  ৮২ টা পৰিয়ালৰ ওপৰত উচ্ছেদ অভিযান চলাই। ৮২ টা পৰিয়ালৰ প্ৰায় ৫০০ গৰাকী লোক বন বিভাগৰ দ্বাৰা চলোৱা উচ্ছেদ অভিযানৰ ফলত উচ্ছেদিত হ’বলগীয়া হয়।

আজি পুৱা ৬ বজাৰ পৰা বন বিভাগৰ প্ৰায় ১১০ গৰাকী বিষয়া কৰ্মচাৰী আৰু আৰক্ষী বাহিনীৰ ২০০ গৰাকী জোৱানেৰে গঠিত এটা বৃহৎ দলে অঞ্চলটোত উচ্ছেদ অভিযান আৰম্ভ কৰে।

ৰাতিপুৱা বন বিভাগ আৰু আৰক্ষীৰ সুসজ্জিত বাহিনীটোৱে ধলাই চহৰৰ পৰা ৰজনীখাললৈ প্ৰায় পাঁচ কিলোমিটাৰ পথ খোজকাঢ়ি আহি দহটা হাতী, তিনিখন জেচিবিৰে অঞ্চলটোত অবৈধভাৱে নিৰ্মাণ কৰা ঘৰসমূহ এফালৰ পৰা উচ্ছেদ কৰি যায়।

উচ্ছেদকাৰী দলটোৰ অভিযানত বৰষুণে কিছু বাধাৰ সৃষ্টি কৰিলেও হাতী আৰু জেচিবিৰ সহায়ত দলটোৱে উচ্ছেদ অভিযান অব্যাহত ৰাখে। আনকি মানুহৰ ঘৰৰ তামোল গছ পৰ্য্যন্ত হাতীৰ সহায়ত ভাঙি পেলোৱা হয়।

অঞ্চলটোত বাস কৰি থকা লোকসকলে আগতীয়াকৈ এনেধৰণৰ উচ্ছেদৰ বাবে সাজু থকাৰ বাবে তেওঁলোকে নিজৰ প্ৰয়োজনীয় সা-সামগ্ৰী সমূহ আঁতৰাই থৈছিল। প্ৰশাসনে জাননি জাৰি কৰি পূৰ্বতে ২১ মে’ অন্তিম সময়সীমা বান্ধি দিছিল।

‘‘আমি এইবাৰ উচ্ছেদৰ ভয়ত ভালকৈ ঈদো পালন কৰিব নোৱাৰিলো। আমি এতিয়া ক’লৈ যাম? এই অঞ্চলত বিগত ৩৫-৪০ বছৰ ধৰি আমি বাস কৰি আছো। এনেদৰে উচ্ছেদ কৰাতকৈ আমাক মাৰি পেলোৱাই ভাল’’ চামিনা বেগম নামৰ এগৰাকী ভূক্তভোগীয়ে নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত এইদৰে কয়।

কাছাৰৰ খণ্ড বন বিষয়া চানি দেও চৌধুৰীয়ে উচ্ছেদ সন্দৰ্ভত বন বিভাগে প্ৰয়োজনীয় বাহিনীৰ সৈতে উচ্ছেদ অভিযানত অংশ লৈছে বুলি উল্লেখ কৰি কয় যে অবৈধভাৱে বন বিভাগৰ ভূমি বেদখলকৰ কৰি থকা লোকসকলে প্ৰায় ২৮৬ বিঘা ভূমি বেদখল কৰি আছিল। আমি অতি শীঘ্ৰে এই অঞ্চলসমূহ বেদখলমুক্ত কৰি সেই ঠাইসমূহত গছ পুলি ৰোপণ কৰাৰ কৰাৰ আঁচনি গ্ৰহণ কৰিছো।

আচৰিতভাৱে, উচ্ছেদ অভিযান চলোৱা অঞ্চলটোত বিদ্যুৎ সংযোগ, বিদ্যালয় গৃহ, মছজিদ আনকি ইন্দিৰা আৱাস যোজনাৰ ঘৰো অবৈধভাৱে বসবাস কৰি থকা লোকসকলে লাভ কৰিছে বুলি এজন উচ্ছেদিত নাগৰিকে কৰা মন্তব্যই সমগ্ৰ ঘটনা প্ৰসংগত প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। কাৰ ছত্ৰছায়াত উচ্ছেদ অভিযান চলোৱা অঞ্চলটোৰ ৰাইজে এইবোৰ চৰকাৰী সা-সুবিধা লাভ কৰি আছিল বৰ্তমান সময়ত এইটো এটা লাখটকীয়া প্ৰশ্ন হিচাপে বিৱেচিত হৈছে।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd