• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চিত নাম বাদ পৰা লোকসকলে পাব পুনৰ আবেদনৰ সুযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2019 8:56 am
776741-769386-nrc-970-assam

প্ৰতিনিধিত্বমূলক ফাইল ফটো

2k
VIEWS
Share on FacebookShare on Twitter

চূড়ান্ত এন আৰ চি প্ৰকাশৰ প্ৰস্তুতি চলি থকাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ১৯৬৪ চনৰ বিদেশী (ন্যায়াধিকৰণ) আদেশৰ সংশোধনী ঘটাইছে। সেই অনুসৰি নতুনকৈ জাৰি কৰা বিদেশী (ন্যায়াধিকৰণ) আদেশ ২০১৯’ৰ অধীনত এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলে নিজাববীয়াকৈ বিদেশী ন্যায়াধিকৰণত আবেদন জনাব পাৰিব।

সাধাৰণতে কোনো লোকৰ নাগৰিকত্বক লৈ সন্দেহ হ’লে চৰকাৰে বিদেশী ন্যায়াধিকৰণত গোচৰ তৰিছিল। তদুপৰি, ডি-ভোটাৰৰ ক্ষেত্ৰতো চৰকাৰে গোচৰ তৰিলে তেনে ব্যক্তিৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলোৱা হয়।

নতুনকৈ জাৰি কৰা সংশোধনী আদেশ অনুসৰি এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা লোকে এন আৰ চি কৰ্তৃপক্ষৰ পৰা প্ৰত্যাখ্যানৰ আদেশৰ প্ৰমানিত নথিসহ আবেদন কৰিব পাৰিব। অৱশ্যে, ইতিমধ্যে বিদেশী ন্যায়াধিকৰণত গোচৰ ৰুজু হোৱা ব্যক্তি বা ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা ব্যক্তিয়ে এনে আবেদন কৰিব নোৱাৰিব।

নতুনকৈ জাৰি কৰা আদেশটোত ১৭ প্ৰকাৰৰ নিয়মাৱলীৰ উল্লেখ কৰা হৈছে। আবেদনকাৰীয়ে ন্যায়াধিকৰণত নিজেই বা কোনো সম্পৰ্কিত ব্যক্তিৰ জৰিয়তে তথা অধিবক্তাৰ জৰিয়তে আবেদন কৰিব পাৰিব।

আবেদনকাৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত ন্যায়াধিকৰণে এন আৰ চিৰ নথি দাখিলৰ বাবে সংশ্লিষ্ট উপায়ুক্তলৈ জাননী জাৰি কৰিব। উপায়ুক্তই এমাহৰ ভিতৰত এন আৰ চিৰ মূল প্ৰমাণিত নথি পত্ৰ প্ৰেৰণ কৰিব লাগিব।

উপায়ুক্তই প্ৰেৰণ কৰা নথি পত্ৰৰ ভিত্তিত আবেদনৰ যুক্তিযুক্ততা বিচাৰ কৰি এমাহৰ ভিতৰত শুনানিৰ দিন ধাৰ্য কৰি ১২০ দিনৰ ভিতৰত চূড়ান্ত নিৰ্দেশ প্ৰদান কৰিব। এই চূড়ান্ত নিৰ্দেশটোত সংশ্লিষ্ট ব্যক্তিজনৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ যোগ্য নে নাই সেইকথা স্পষ্ট উল্লেখ থাকিব। আনহাতে, ছমাহৰ ভিতৰত ন্যায়াধিকৰণত আবেদন নকৰা লোকসকলৰ বিৰুদ্ধে তেওঁলোক বিদেশী হয়নে নহয় সেইকথা নিশ্চিত কৰাৰ বাবে চৰকাৰে গোচৰ তৰিব।

উল্লেখযোগ্য যে ইতিমধ্যে প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাত প্ৰায় ৪০ লাখ লোকৰ নাম বাদ পৰিছিল। তদুপৰি, এন আৰ চিত অন্তৰ্ভুক্ত কিছু লোকৰ নাম পৰৱৰ্তী সময়ত অযোগ্য বুলি প্ৰমাণিত হোৱাত তেনে লোকৰ নাম কৰ্তন কৰি অহা ২২ জুন তাৰিখে এখন অতিৰিক্ত খচৰা প্ৰকাশ কৰা হ’ব।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অহা ৩১ জুলাইত প্ৰকাশ পাবলগীয়া চূড়ান্ত এন আৰ চিত বাদ পৰা লোকসকলে যাতে নাগৰিকত্ব প্ৰমাণৰ বাবে আবেদনৰ সুযোগ পায় সেয়া চৰকাৰে নিশ্চিত কৰিব বিচাৰিছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd