• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত প্ৰতিৰক্ষা বাহিনীৰ উন্নত প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ উদ্যোগ ল’বলৈ প্ৰতিৰক্ষা মন্ত্ৰীক আহ্বান সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2019 6:46 pm
Sonowal Meet Defence minister Rajnath Sing

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে সৰ্বানন্দ সোণোৱাল

1.3k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক নতুন দিল্লীত থকা কাৰ্যালয়ত সাক্ষাৎ কৰি প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালৰ সফলতা কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে।

সাক্ষাৎকালত হোৱা আলোচনাত মুখ্য মন্ত্ৰীয়ে কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলে পূৰ্বৰে পৰা উগ্ৰপন্থীৰ কূটাঘাটমূলক কাৰ্যকলাপ প্ৰতিৰোধ কৰাৰ দিশত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে যদিও সম্প্ৰতি এই আইন-শৃংখলাজনিত পৰিস্থিতিৰ চমকপ্ৰদ উন্নতি কল্পে অসমত স্বাধীনতা দিৱসৰ কাৰ্যসূচী তিনিদিনীয়াকৈ পালন কৰাৰ উপৰি বহু সংখ্যক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ৰাজ্যখনত সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে।

মুখ্য মন্ত্ৰীয়ে উগ্ৰপন্থী নিয়ন্ত্ৰণত ৰাজ্যখনত যথেষ্ট সংখ্যক প্ৰতিৰক্ষা বাহিনীৰ লোক নিয়োজিত হৈ আছে যদিও অঞ্চলটোত এতিয়াও প্ৰতিৰক্ষা বাহিনী সমূহৰ বাবে কোনো ধৰণৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰা হোৱা নাই বুলি কয়।

ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্য মন্ত্ৰীয়ে অসমত প্ৰতিৰক্ষা বাহিনীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ উন্নত প্ৰশিক্ষণ প্ৰতিষ্ঠান এটা স্থাপনৰ দিশত অগ্ৰণী ভূমিকা লোৱাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীক অনুৰোধ জনায়। ইয়াৰ বাবে যাৱতীয় ভূমিৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিব বুলিও প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীক সোণোৱালে অৱগত কৰে।

সোণোৱালে এনেকুৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ উন্নত প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰাজ্যখনত স্থাপিত হ’লে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱচামে প্ৰতিৰক্ষা বাহিনীত যোগদানৰ বাবে দুগুণে উৎসাহিত হোৱাৰ উপৰি ৰাষ্ট্ৰীয় ভাৱনা জাগ্ৰত কৰাৰ দিশটো ইয়ে বাৰুকৈয়ে সহায় কৰিব বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীক কয়।

আনহাতে, ১৩ জুনত সন্ধিয়া মুখ্য মন্ত্ৰীয়ে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ড০ ৰমেশ পোখৰীয়াল নিচাংকক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি মন্ত্ৰী গৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। সাক্ষাৎ কালত মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যখনৰ শৈক্ষিক উত্তৰণৰ বিভিন্ন দিশ সামৰি বিশদ আলোচনা কৰে।

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd