• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুজন সাক্ষীক ‘হোষ্টাইল’ ঘোষণা : অভি-নীল হত্যাকাণ্ড গোচৰৰ পৰৱৰ্তী শুনানি ১২ জুলাইত

মিন্টু দাস by মিন্টু দাস
June 30, 2019 8:59 am
nilotpal-das-abhijeet-nath-who-were-lynched-death-karbi-anglong-570x320-1-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলং জিলাৰ ডকমকাৰ কাণ্ঠিলাংছ’ত বিগত বৰ্ষৰ ৮ জুনত সংঘটিত দেশ কঁপোৱা নিলোৎপল-অভিজিত হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাতে দুজন সাক্ষীয়ে ভাষ্য সলনি কৰাৰ বাবে মহামান্য আদালতে তেওঁলোকক শনিবাৰে হোষ্টাইল (স্থিতি পৰিপন্থী) বুলি ঘোষণা কৰিছে।

নগাঁৱত সংবাদ মাধ্যমৰ আগত এই কথা অৱগত কৰে অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ পিতৃয়ে। সংবাদ মাধ্যমৰ আগত দুয়োজনৰ পিতৃয়ে জনোৱা মতে যদিও ভাষ্য সলনি কৰাৰ বাবে দুজন সাক্ষী ক্ৰমে নোমল বসুমতাৰী আৰু উজ্জ্বল মেচক মহামান্য আদালতে হোষ্টাইল বুলি ঘোষণা কৰিছে তথাপিও ই আমাৰ গোচৰত বিশেষ সহায় কৰিব বুলি আমি নাভাবো।

Apply Now

তেওঁলোকে কয় যে আমি মহামান্য আদালতক অনুৰোধ জনাম সাক্ষী দুজনে কাৰ প্ৰৰোচনাত ভাষ্য সলনি কৰিছিল সেই বিষয়টোৰ তদন্তৰ বাবেও মহামান্য আদালতে নিৰ্দেশ দিয়ক।

অভিজিৎ-নিলোৎপলৰ পিতৃদ্বয়ে লগতে কয় যে, সাক্ষীয়ে পুলিচ প্ৰশাসনক দোষী কৰিছে। তেওঁলোকে আৰক্ষীয়ে ভয় দেখুৱা বাবেহে তেনেদৰে সাক্ষী দিয়া বুলি ইতিমধ্যে কৈছে। ই অসমৰ আৰক্ষী প্ৰশাসনৰ বাবে অপমান। আৰক্ষীয়ে এনেদৰে ভাষ্য সলনি কৰা সাক্ষীৰ বিৰুদ্ধে  ব্যৱস্থা লোৱা উচিত। তদুপৰি, ছাত্ৰ-সমাজ আৰু মহিলা সকলেও ইয়াৰ প্ৰতিবাদ কৰা উচিত যাতে কোনো সাক্ষীয়ে নিজৰ ভাষ্য সলনি কৰি অভিষ্ট সিদ্ধি কৰিব নোৱাৰে।

অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ পিতৃদ্বয়ে এনেধৰণৰ কাৰ্যত তৃতীয় পক্ষৰ হাত থকাৰ সন্দেহ কৰি কয় যে, সাক্ষীয়ে এনেদৰে ভাষ্য সলনি কৰি থাকিলে দোষী সাৰি যাব বুলি আমি চিন্তিত হৈছো। বিপক্ষৰ অধিবক্তাইও দোষীক মুকলি কৰি দিয়াৰ বাৱে চেষ্টা চলাইছে। কিন্তু ন্যায়পালিকাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে।

ৰাইজক আহ্বান জনাই দুৰ্ভগীয়া যুৱকদ্বয়ৰ পিতৃদ্বয়ে কয় যে, এনেধৰণৰ ঘটনা যাতে অসমত পুনৰ নহয় তাৰবাবে সকলোৱে সজাগতাৰ সৃষ্টি কৰক। অহা ১২ জুলাইত অভিজিৎ-নিলোৎপলৰ গোচৰৰ পুনৰ শুনানি হ’ব বুলিও পিতৃদ্বয়ে সংবাদমাধ্যমৰ আগত সদৰী কৰে।

উল্লেখ্য যে, যোৱা ১২ জুনত মহামান্য আদালতে গোচৰটোৰ  সাক্ষী নোমল বসুমতাৰীৰ পুনৰ সাক্ষ্য গ্ৰহণৰ নিৰ্দেশ দিছিল। সেই মৰ্মে সাক্ষী নোমল বসুমতাৰী সেইদিনা নগাঁও আদালতত হাজিৰ হ’ব লাগিছিল যদিও তেওঁ হাজিৰ হোৱা নাছিল। সাক্ষীজন আদালতত হাজিৰ নোহোৱা সম্পৰ্কত আচামী পক্ষৰ অধিবক্তাই  সাক্ষী বসুমতাৰীয়ে ন্যায়ালয়ৰ চমন লাভ নকৰাৰ বাবেই সেইদিনা আদালতত হাজিৰ হোৱা নাছিল বুলি মন্তব্য কৰিছিল।

অভি-নীল হত্যাকাণ্ডৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ অন্যতম চাক্ষুষ সাক্ষী আছিল নোমল বসুমতাৰী। গোচৰটোৰ তেওঁ ১৭ নম্বৰ সাক্ষী আছিল। বিগত বৰ্ষত তেওঁ ফৌজাদাৰী বিধিৰ ১৬৪ ধাৰাৰ অধীনত দণ্ডাধীশৰ সন্মুখত ঘটনা সম্পৰ্কত সাক্ষ্যদান কৰিছিল। কিন্তু নগাঁও জিলা তথা সত্ৰ ন্যায়ধীশৰ আদালতত চলা বিচাৰ প্ৰক্ৰিয়াৰ শুনানিৰ সময়ত গোচৰটোৰ  সাক্ষী নোমল বসুমতাৰীয়ে আদালতত নিজৰ ভাষ্য সলনি কৰিছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট সাক্ষী জনক জেৰা চলোৱাৰ প্ৰয়োজন থকা বুলি চৰকাৰী অধিবক্তাই নগাঁও জিলা তথা সত্ৰ ন্যায়ধীশৰ আদালতত এখন আবেদন দাখিল কৰিছিল। সেই আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে সাক্ষীজনক “ক্ৰছ এগজ্যামিনেশ্যন” কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে তেওঁক জেৰাৰ বাবে ১২ জুনৰ দিনটো ধাৰ্য কৰিছিল।

কিন্তু সাক্ষী বসুমতাৰী সেইদিনা আদালতত উপস্থিত নোহোৱাত নগাঁও জিলা তথা সত্ৰ ন্যায়াধীশ ৰীতা ক’ৰৰ আদালতে শনিবাৰৰ (২৯ জুন) দিনটো  ধাৰ্য কৰি নোমল বসুমতাৰীক সোঁ শৰীৰে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। শনিবাৰে সাক্ষীয়ে ভাষ্য সলনি কৰাৰ বাবে তেওঁলোকক ‘হোষ্টাইল’ ঘোষণা কৰে।

মিন্টু দাস

মিন্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd