ব্ৰহ্ম ধৰ্মগুৰু কালিচৰণ ব্ৰহ্মৰ সোঁৱৰণত অসম চৰকাৰে প্ৰদান কৰি অহা ‘কালিচৰণ বটাঁ’ চলিত বৰ্ষত ওদালগুৰি জিলাৰ বৰঙাজুলি সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ সাধক সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তক প্ৰদান কৰা হয়।
মঙলবাৰে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অমসৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সত্ৰাধিকাৰগৰাকীক বটাঁ প্ৰদান কৰে।
বটাঁত নগদ তিনি লাখ টকা, এখনি প্ৰশস্তি পত্ৰ আৰু এখন অংগবস্ত্ৰ থাকে।বটাঁ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি সোণোৱালে কালিচৰণ ব্ৰহ্মৰ অসমীয়া সমাজ আৰু আধ্যাত্মিক জীৱনলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ভাষণত মুখ্য মন্ত্ৰী সোণোৱালে ২০১৮ চনৰ কালিচৰণ ব্ৰহ্ম বটাঁ প্ৰাপক সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ বিষয়ে উল্লেখ কৰি অসমৰ নতুন প্ৰজন্মক মহান ব্যক্তিসকলে দেখুৱাই অহা বাটেৰে আগবাঢ়ি যোৱাৰ বাবে পৰামৰ্শ আগবঢ়াই।
অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱালৰ উপৰিও সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ দলে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী, সমাজকল্যান মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, মাজুলীৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।