ৰেনল্ট ইণ্ডিয়াই আজি ভাৰতীয় গাড়ী বজাৰত মুকলি কৰে কোম্পানীটোৰ নতুন এচ য়ু ভি মডেলৰ কাকৰ্ষণীয় গাড়ী ‘ডাষ্টাৰ ফেইছলিফ্ট’। ডাষ্টাৰ চিৰিজৰ নতুন এছ য়ু ভি বাহনখনৰ মূল্য ৮ লাখৰ পৰা ১২.৫ লাখৰ ভিতৰত থাকিব, অৰ্থাৎ মাত্ৰ ৮ লাখ টকাৰ পৰা আৰম্ভ কৰি গ্ৰাহকে নিজ গৃহলৈ ক্ৰম কৰি নিব পাৰিব নতুন ডাষ্টাৰ ফেইছলিফ্ট বাহনখন।
ডাষ্টাৰৰ নতুন সংস্কৰণৰ বাহনখন বৰ্তমানৰ ‘জেন’ মডেলৰ আৰ্হিতে হ’ব যদিও ডিজাইনৰ ক্ষেত্ৰত বহু পৰিমাণে ইয়াত সাল-সলনি ঘটোৱা হৈছে।
ডাষ্টাৰৰ নতুন বাহনখনৰ হেড লাইটৰ ডিজাইন পুৰণি বাহনখনৰ ধৰণৰে হ’ব কেবল মাত্ৰ ইয়াত এল ই ডি জি আৰ এল এচ আৰু প্ৰজেক্টৰ সংযোজন কৰা হ’য়।
ডাষ্টাৰৰ নতুন সংস্কৰণত বাহনখনত ভিতৰফালটো আকৰ্ষণীয় কৰি তোলাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে। বাহিৰৰ ধৰণে ভিতৰৰ ফালটো অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে বিভিন্ন ৰঙত ই উপলব্ধ হ’ব।
এছ য়ু ভি বাহনখন ১.৫ লিটাৰ কে৯কে ক ডিজেল আৰু ১.৫ লিটাৰ পেট্ৰল ইঞ্জিনত উপলব্ধ হ’ব। ২০২০ চনত ডাষ্টাৰ একমাত্ৰ পেট্ৰল ইঞ্জিনতহে উপলব্ধ হ’ব।
ৰেনল্টৰ বিষয়ববীয়াই উল্লেখ কৰা অনুসৰি ভাৰতৰ গাড়ী বজাৰ দখল কৰাৰ বাবে তেওঁলোকৰ পাঁচটা প্ৰধান স্বপ্ন আছে আৰু সেই অনুসৰি তেওঁলোকে নিৰ্দিষ্ট ৰণনীতিৰ আধাৰত ভাৰতীয় গাড়ী বাজাৰ দখল কৰিবলৈ আগবাঢ়ি আহিছে।