• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিভাবান সত্ৰীয়া শিল্পী মনোজ কুমাৰ দাসলৈ সংগীত নাটক অকাডেমিৰ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
July 17, 2019 6:56 am
Manoj Kumar Das

মনোজ কুমাৰ দাস

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খোলবাদ্যক আন্ত:ৰাষ্ট্ৰীয় স্তৰলৈ নিয়াৰ নিৰলস প্ৰচেষ্টা অব্যাহত ৰখা সত্ৰনগৰী বৰপেটাৰ প্ৰতিভাবান সত্ৰীয়া শিল্পী মনোজ কুমাৰ দাসলৈ  সংগীত নাটক অকাডেমিয়ে আগবঢ়াইছে ২০১৮ বৰ্ষৰ  ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ৷

বৰপেটা চহৰৰ ঘোৰামাৰাহাটীৰ এটা সত্ৰীয়া পৰিবেশত জন্ম লাভ কৰা মনোজ কুমাৰ দাসে সৰুৰে পৰাই সত্ৰীয়া সংস্কৃতি তথা লোকসংস্কৃতিৰ সৈতে জড়িত হৈ আহিছিল৷ দাসে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া শিল্পী হোৱাৰ উপৰিও সঙ্গীত সত্ৰ, গুৱাহাটীৰ পৰা খোলবাদ্যত “গুণীন” আৰু ভাটখাণ্ডে সংগীত বিদ্যাপীঠ, লক্ষ্্ণৌৰ ৰ পৰা তৱলাত “নিপুণ” উপাধি লাভ কৰি সুখ্যাতি অৰ্জন কৰিছে।

Apply Now

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে প্ৰদান কৰা “National Young Artist Scholarship Award” আৰু “Junior Research Fellowship” লাভ কৰা মনোজ কুমাৰ দাস অৱনদ্ধ বাদ্যত পাৰংগত এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন যুৱশিল্পী।

সত্ৰীয়া খোলবাদ্য তথা লোকবাদ্যৰ জৰিয়তে বিভিন্ন সময়ত বিভিন্ন ঠাইত মহাপুৰুষ দুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰীয়া সংস্কৃতিৰ অন্যতম খোলবাদ্য তথা লোকবাদ্যৰ প্ৰদৰ্শনেৰে কৃতিত্ব অৰ্জন কৰা শ্ৰীদাসে বৰ্তমান তেখেতেৰ প্ৰতিভাৰ সঞ্চাৰ উঠি অহা প্ৰজন্মৰ মাজত কৰিবলৈ বহুতো অনুষ্ঠানত প্ৰশিক্ষকৰূপে নিয়োজিত হৈ আহিছে।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়, সংগীত নাটক অকাডেমী, একাডেমি অৱ খোলবাদ্য আৰু বিভিন্ন অনুষ্ঠানৰ জৰিয়তে অসমৰ গাৱে-ভূঞে খোলবাদ্য তথা লোকবাদ্যৰ প্ৰশিক্ষকৰূপে বহু শিক্ষাৰ্থীক নিপুণ কৰি তুলিছে দাসে । সম্প্ৰতি দাসে “একাডেমি অব্ খোল বাদ্য” আৰু শংকৰদেৱ কলাক্ষেত্ৰ, বৰপেটাৰ খোলবাদ্যৰ অধ্যাপকৰূপে নিয়োজিত হৈ অসমৰ ভিতৰুৱা গাঁৱসমূহত সত্ৰীয়া সংগীতৰ শিক্ষা, গৱেষণামূলক প্ৰকল্প, গ্ৰন্থ প্ৰকাশৰ কাম কৰি আহিছে ।

মনোজ কুমাৰ দাসে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় আৰু সংগীত নাটক অকাডেমী অধীনৰ “ভাৰতীয় সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰা সংৰক্ষণ” আচনিৰ অধীনত “বৰপেটা সত্ৰৰ ৪৩৪ বছৰীয়া খোলবাদ্য পৰম্পৰা আৰু সংৰক্ষণ” প্ৰকল্পটোৱে দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰৰ খোলবাদ্যৰ ৪৩৪ বছৰীয়া ইতিহাসৰ পৰিছয় দিব ।

আনহাতে, তেওঁ অসমৰ লগতে ভাৰতবৰ্ষৰ মুখ্য চহৰসমূহ – দিল্লী, মুম্বাই, গুজৰাট, কেৰেলা, কলিকতা, লক্ষ্যদ্বীপ, ওড়িশা, অন্ধ্ৰপ্ৰদেশ আদিৰ লগতে বিভিন্ন ৰাষ্ট্ৰীয় উৎসৱত ভাগ লৈ সত্ৰীয়া তথা লোক সংস্কৃতি অনুষ্ঠান পৰিবেশনৰ লগতে বক্তৃতা প্ৰদান কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।

শেহতীয়াকৈ শ্ৰীলংকাৰ কেলানিয়া বিশ্ববিদ্যালয়ৰ “চেন্টাৰ ফৰ হেৰিটেজ স্টাডিজ” ৰ আমন্ত্ৰণ মৰ্মে আন্ত:ৰাষ্ট্ৰীয় আলোচনা চক্ৰত অসমৰ খোলবাদ্য আৰু বৰপেটা সত্ৰৰ ৪৩৪ বছৰীয়া খোলবাদ্য পৰম্পৰাৰ ওপৰত বক্তৃতা প্ৰদান তথা খোলবাদ্য পৰিৱেশনেৰে বিদেশৰ পণ্ডিতসকলৰ ভূয়সী প্ৰশংসা  লাভ কৰিবলৈ সক্ষম হৈছে অসম সন্তান গৰাকীয়ে ।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

June 9, 2026 9:08 pm
হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

June 9, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd