কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মচাৰী কল্যাণ সমিতিৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় উদ্যানখনত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন কৰা হয় ৷
কাজিৰঙাৰ কহঁৰাত থকা শতবৰ্ষ সমাৰোহ কেন্দ্ৰত আয়োজিত এই অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত কৰ্মচাৰীৰ সন্তান কৃৰ্তি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় ৷
আজিৰ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পেৰিয়াৰ স্বামী শিৱকুমাৰ, পূব অসম বন্যপ্ৰানী সংমণ্ডলৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া, বিশ্বনাথ বনসংমণ্ডলৰ ডি এফ অ’ মুকুট দাস আদি উপস্থিত থাকে।
কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই নিজৰ বক্তব্যত বাঘৰ গুৰুত্ব আৰু গণনাৰ উপৰিও কাজিৰঙাৰ বাঘৰ বিষয়ত আৰু গোলাঘাটৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই বিশ্বত বাঘৰ অৱস্থিতি বিষয়ত সচিত্ৰ উপস্থাপন দাঙি ধৰি ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰে।
অনুষ্ঠানত কৰ্মচাৰী কল্যাণ সমিতিৰ তৰফৰ পৰা ১৪ গৰাকী ছাত্ৰ-ছাত্ৰীক হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱাৰ বাবে নগদ ধন আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷
ইফালে আন্তঃৰাষ্ট্ৰীয় বাঘ্ৰ দিৱস উপলক্ষে কাজিৰঙাত বাঘ গণনা কাৰ্যত নিষ্ঠাৰে কাম কৰি অহা বনকৰ্মী দলটোক বিশ্ব প্ৰকৃতি নিধি নামৰ সংগঠনটোৱে বিশেষভাৱ সম্বৰ্ধনা জনায়।