তিনিচুকীয়া জিলাত অব্যাহত থকা চোৰাং কয়লাৰ ব্যৱসায় বন্ধ কৰিবলৈ অসম চৰকাৰে তৎপৰতা প্ৰদৰ্শন কৰাৰ পিছতো জিলাখনত এতিয়াও পূৰ্গগতিত চলি আছে কয়লাৰ চোৰাং সৰবৰাহ।
আজি কাকপথাৰ আৰক্ষীৰ হাতত কয়লাভৰ্তি এখন ডাম্পাৰ জব্দ হোৱাটোৱে জিলাখনত যে প্ৰভাৱশালী চক্ৰক মেনেজ কৰি কয়লাৰ অবৈধ সৰবাৰহ চলাই থকা হৈছে সেয়া পুনৰবাৰ প্ৰমাণ হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি আজি কাহিলি পুৱা বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত কাকপথাৰ আৰক্ষীয়ে গাঁৱৰক্ষী বাহিনীৰ সহযোগত অৰুণাচল প্ৰদেশৰ খাৰচঙৰ পৰা অবৈধ কয়লা কঢ়িয়াই অনা এ এচ ২৩ চি চি ২৯১৯ নম্বৰৰ ডাম্পাৰখন জব্দ কৰে।
প্ৰথমে আৰক্ষীয়ে ডাম্পাৰখনক কাকপথাৰ ফৰেষ্ট গে’টৰ সমীপত ৰ’বলৈ সংকেত দিছিল যদিও আৰক্ষীৰ সংকেত নামানি ডাম্পাৰখন আগুৱাই যোৱাত খেদি গৈ চেলেংগুৰিত আগচি ধৰিবলৈ সক্ষম হয়৷
ডাম্পাৰখনত প্ৰায় ১০টন চোৰাং কয়লা আছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ডাম্পাৰখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰিছে।
তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত চোৰাং কয়লাখিনি ৩নং কাকপথাৰৰ ৰাজীৱ মৰাণে ডুমডুমা এলেকাত ডেলিভাৰি দিয়াৰ বাবে আনিছিল বুলি জানিব পৰা গৈছে।
আনহাতে ডাম্পাৰখনৰ গৰাকী ডুলিয়াজান নাওহলীয়াৰ সাৰংগপানি শইকীয়া বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
ইফালে আৰক্ষীয়ে ডাম্পাৰসহ কয়লাখিনি জব্দ কৰিছে যদিও বাতৰি লিখা পৰ্যন্ত চোৰাং কয়লা বেপাৰী ৰাজীৱ মৰাণক আটক কৰা নাই৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ৰাজীৱৰ কয়লাৰ গাড়ী কাকপথাৰ আৰক্ষীৰ জালত পৰিছিল৷