• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাত্মা গান্ধীৰ জাতীয় ঐক্যৰ ধাৰণাক মষিমূৰ কৰিবলৈকে তেওঁক হত্যা কৰা হৈছিল : হীৰেন গোহাঁই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 30, 2018 7:16 pm
CPIM Meeting
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭০ সংখ্যক মৃত্যু তিথি উপলক্ষে মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত বাওঁ-গণতান্ত্ৰিক মঞ্চৰ উদ্যোগত আয়োজিত সাম্প্ৰদায়িকতা বিৰোধী দিৱসত অংশগ্ৰহণ কৰি বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোহাঁয়ে কয় যে মহাত্মা গান্ধীৰ জাতীয় ঐক্যৰ ধাৰণাক মষিমূৰ কৰাৰ উদ্দেশ্যেই তেওঁক হিন্দুত্ববাদী সমৰ্থিত নাথুৰামে গুলীয়াই হত্যা কৰিছিল।

তেওঁ মহাত্মা গান্ধীৰ মৃত্যুৰ সময়ত গুৱাহাটীত কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই বিষয়ে বৰ্ণনা কৰি কয়, ‘’গান্ধীৰ মৃত্যুৰ সময়ত মোৰ বয়স প্ৰায় ১১-১২ বছৰ হৈছিল। তেতিয়া আমি খেলা-ধূলা কৰি ঘৰলৈ উভতি আহিছিলো। হঠাৎ চাৰিওপিনে শান্ত পৰিৱেশে বিৰাজ কৰিছিল। তেতিয়া উজান বজাৰত থকা হেপ্পী ভিল্লা চকত থকা চিটি ষ্টুডিঅ’ দোকানত থকা এটা ৰেডিঅ’ত শুনি গম পাইছিলো যে মহাত্মা গান্ধীক কোনোবাই গুলীয়াই হত্যা কৰিছে। তেতিয়া মহানগৰীৰ চুবুৰিয়ে-চুবুৰিয়ে শোকৰ ছাঁ পৰিছিল।‘’

Apply Now

আনহাতে বিজেপি আৰু আৰ এছ এছে নাথুৰামৰ স্মৃতি সজীৱ কৰি তুলিবলৈ তথা মহাত্মা গান্ধীৰ কৰ্মৰাজিক তল পেলাবলৈ এক গোপন অভিসন্ধিত লিপ্ত হোৱা বুলি তেওঁ আজিৰ সভাত অভিযোগ কৰে।

আজিৰ ভাষণত তেওঁ দৈনিক অগ্ৰদূত কাকতৰ সম্পাদক কনকসেন ডেকাক কালি অগ্ৰদূত কাকতত নাথুৰাম গডছেৰ সপক্ষে যুক্তি দিয়াৰ বাবে কটাক্ষ কৰে। তেওঁ কয় যে এনেকুৱা এজন সাংবাদিকৰ এনে কৰ্মতকৈ লজ্জাজনক কৰ্ম একোৱেই হ’ব নোৱাৰে। কনকসেন ডেকাৰ এই কাৰ্য্যক অতি নিন্দনীয় কথা বুলি তেওঁ কটাক্ষ কৰে। তাৰোপৰি তেওঁ আৰ এছ এছে মহাত্মা গান্ধীৰ জাতীয় আদৰ্শক নস্যাৎ কৰি এক দমনমূলক নীতি প্ৰতিষ্ঠাৰ বাবে চেষ্টা চলাই আছে বুলিও কয়।

আনহাতে, সাংবাদিক মনজিৎ মহন্তই নিজৰ বক্তব্যত আৰ এছ এছক আমেৰিকাৰ পৰা খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ ভাৰতলৈ অহা খ্ৰীষ্টান মিছনেৰী সকলৰ সৈতে তুলনা কৰে। লগতে তেওঁ কয় যে মিছনেৰীসকলে যি পদ্ধতি অৱলম্বন কৰি অসমৰ গাঁৱে-ভূঁয়ে শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা, আত্মসহায়ক গোট সমূহক ধন দি সহায় কৰা, স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভা ইত্যাদি কামসমূহৰ আৰ্হি গ্ৰহণ কৰি আৰ এছ এছেও হিন্দুত্ববাদৰ ধাৰাটো অসমীয়া সমাজত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে। এই পন্থা অৱলম্বন কৰিয়ে আৰ এছ এছে অসমীয়া  সমাজত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিব বিচাৰিছে বুলিও তেওঁ সদৰী কৰে।

ইয়াৰ উপৰি তেওঁ কয় যে উজনি অসমৰ গাঁৱে-গাঁৱে খ্ৰীষ্টান মিছনেৰিসকলৰ নিচিনা পন্থা অৱলম্বন কৰি হিন্দুত্ববাদী ধাৰাটোৰ প্ৰচাৰ কৰিব খুজিছে।

এই প্ৰসংগতে তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে তেওঁলোকে পোনপটীয়াভাৱে জনসাধাৰণক হিন্দুত্ববাদ জাপি নিদি এনেকুৱা ধৰণৰ সমাজকল্যাণমূলক কামৰ জৰিয়তে মানুহৰ অন্তৰ জয়ৰ চেষ্টা চলাইছে।

আনহাতে তেওঁ অসমীয়া লোকসকলৰ মাজত একতাৰ অভাৱ বুলি মন্তব্য কৰি কয় যে সভা-সমিতিত ভাষণ দিবৰ বাবে বহু মানুহ আহি উপস্থিত হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনি অসমত সজাগতা সভা অনুষ্ঠিত কৰিলেও তাত ৰাইজৰ উপস্থিতি তেনেই সেৰেঙা হয়। সচেতন লোকসকলৰ এনে নিষ্ক্ৰিয়তাৰ ফলতে আৰ এছ এছৰ দৰে সাম্প্ৰদায়িক সংগঠনবিলাকে গা কৰি উঠিছে।

লগতে তেওঁ আত্মসমালোচনাৰ সুৰত কয়, ‘’কেৱল গুৱাহাটীৰ মাজমজিয়াতে আবদ্ধ থাকিলেই আমি একত্ৰিত হৈ সাম্প্ৰদায়িকতা শক্তিৰ বিৰুদ্ধে সংগ্ৰাম কৰিব নোৱাৰো। হীৰেন গোহাঁইৰ দৰে ব্যক্তিয়ে ৮০-৮২ বছৰ বয়সতো ডিব্ৰুগড় জিলা পৰ্যন্ত সভা-সমিতিত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। তেওঁ কয়, কোনো নাযায় যদি মই যাম তোমাৰ লগত। কিন্তু এইটো ডাঙৰ কথা নহয়। ইমান বয়সতো যে তেওঁ এনেদৰে সহায়-সহযোগিতা প্ৰদান কৰিছে, জাতিটোৰ হৈ মাত মতাৰ ক্ষেত্ৰত আমাক উৎসাহিত কৰি আহিছে সেইটোহে আচল কথা।’‘

এই সাম্প্ৰদায়িকতা দিৱসতে উপস্থিত থকা কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীয়েও বিজেপি আৰু আৰ এছ এছৰ বিৰুদ্ধে বক্তব্য ৰাখে।

নিজৰ ভাষণত ভৰালীয়ে আজিৰ দিনটো ভাৰতৰ ইতিহাসৰ বাবে এটা শোকৰ দিন বুলি উল্লেখ কৰে। আজিৰ দিনটোতে সকলোতকৈ বিস্ময়কৰ নেতা মোহন দাস কৰমচান্দ গান্ধীক এজন হিন্দুত্ববাদী ধৰ্মান্ধই নৃশংসভাৱে গুলীয়াই হত্যা কৰিছিল বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে বৰ্তমান ভাৰতত শাসন চলাই থকা বিজেপি দলটোৱে নিজৰ ইতিহাস পাহৰি পেলাইছে বুলিও ভৰালীয়ে তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। আচল অৰ্থত তেওঁলোকে পাহৰি পেলাইছে তেওঁলোকৰ জন্মৰ আঁৰৰ ৰহস্য।

এই প্ৰসংগত তেওঁ ব্যাখ্যা দাঙি ধৰি কয় যে ১৯৭৪ চনত জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত পাটনাত অনুষ্ঠিত হোৱা সভাত দুজন ৰাজনীতিক যুটীয়া সম্পাদক হৈছিল। তাৰ মাজৰে এজন লালুপ্ৰসাদ যাদৱ আৰু আনজন নীতিশ কুমাৰ।

তাৰ এবছৰ পিছতে ফেচিবাদৰ বিৰোধিতা কৰিয়ে সৃষ্টি হৈছিল ভাৰতীয় জনতা পাৰ্টীৰ। যি ফেচিবাদৰ বিৰোধিতা কৰি ভাৰতীয় জনতা পাৰ্টীৰ জন্ম হৈছিল সেই নীতি হত্যা কৰি বিজেপিয়ে ৰাজনীতি কৰা আৰম্ভ কৰিছে।

সাম্প্ৰদায়িকতাৰ বিষয়ে সকলোকে অৱগত কৰিবলৈ গৈ তেওঁ উল্লেখ কৰে যে দক্ষিণ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধী আহি মুম্বাই ৰেইলৱে ষ্টেইশ্যনত নামোতে গুজৰাটী ডেলিগেচনৰ মহম্মদ আলী জিন্নাই তেওঁক প্ৰথম সাক্ষাৎ কৰিছিল। এই কথা বহু সংখ্যক লোকেই অৱগত নহয় বুলি তেওঁ জানিবলৈ দিয়ে।

ভৰালীয়ে ভাষণ প্ৰসংগত লুইতপৰীয়া হিন্দু সমাৱেশৰ কথাও টানি আনে। তেওঁ কয় যে মহাপুৰুষীয়া পৰম্পৰাৰ সম্পূৰ্ণ বিপৰীত এটা ধাৰাত প্ৰতিনিধিত্ব কৰা কেইজনমান টিলিঙা কোবোৱা মানুহৰ শৰণাপন্ন যদি সত্ৰাধিকাৰকেইজন হ’ব লগীয়া হয় তাতকৈ লজ্জাজনক কথা একো হ’ব নোৱাৰে।

ইয়াৰ উপৰি তেওঁ হিন্দুত্ববাদক এটা ফেচিষ্ট আদৰ্শৰ সৈতে তুলনা কৰে। এই সংক্ৰান্তত তেওঁ ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দৰ উদাহৰণ দি কয় যে এওঁলোক আছিল প্ৰকৃত হিন্দু আৰু এওঁলোকে কেতিয়াও হিন্দুত্ববাদৰ কথা কোৱা নাছিল।

তাৰ বিপৰীতে এওঁলোকে হিন্দুত্ববাদৰ উদাৰতাখিনিৰ কথাহে কৈছিল। উল্লেখযোগ্য যে তেওঁ হিন্দুত্ববাদী ধাৰাৰ বিপৰীতে যুঁজ দিবলৈ এইসকল লোকৰ নীতি-আদৰ্শ জনসাধাৰণৰ মাজত নিব পাৰিব লাগিব নাইবা ইতিহাসৰ প্ৰকৃত ৰূপটো দেখুৱাব লাগিব বুলি সভাখনত এক তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

উল্লেখযোগ্য যে গান্ধীজীৰ ৭০ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত কৰা সাম্প্ৰদায়িকতা বিৰোধী দিৱসত চি পি আই, চি পি আই (এম), জনতা দল (এছ), সমাজবাদী পাৰ্টী, অসম সংগ্ৰামী মঞ্চ, এন চি পি কে ধৰি সৰ্বমুঠ ১১ টা সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে।

এই সাম্প্ৰদায়িকতা বিৰোধী দিৱসত এন চি পি ৰ ৰাজ্যিক সভাপতি ধীৰেন অধিকাৰী, চি পি আই এমৰ নেতা তথা প্ৰাক্তন বিধায়ক নৰেন বৰা, কমিউনিষ্ট নেতা বীৰেন ডেকা, উদ্ধৱ বৰ্মন, দেৱেন ভট্টাচাৰ্য্য, অপূৰ্ব বৰুৱা, উচ্চ ন্যায়ালয়ৰ অধিবক্তা হাছিফ ৰচিদ আহমেদ চৌধুৰী, মুনীন মহন্তকে ধৰি অন্যান্য দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে। এওঁলোকেও আৰ এছ এছৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে তথা মহাত্মা গান্ধীৰ কৰ্মৰাজিৰ বিষয়ে উল্লেখ কৰি নিজ নিজ বক্তব্য ৰাখে। সকলোৱে এই দিৱসৰ জৰিয়তে অসমীয়া সমাজত সুস্থিৰ বাতাৱৰণ সৃষ্টি কৰিবলৈ তথা সকলো সাম্প্ৰদায়িক দল-সংগঠনৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় হ’বলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডী মন্ত্ৰীসভাৰ পৰা কিয় পদত্যাগ কৰিলে জৰ্জ কুৰিয়ানে? আস্থা হেৰুৱালে নেকি বিজেপিয়ে?

মোডী মন্ত্ৰীসভাৰ পৰা কিয় পদত্যাগ কৰিলে জৰ্জ কুৰিয়ানে? আস্থা হেৰুৱালে নেকি বিজেপিয়ে?

June 23, 2026 3:17 pm
সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

June 23, 2026 2:48 pm
প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

June 23, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডী মন্ত্ৰীসভাৰ পৰা কিয় পদত্যাগ কৰিলে জৰ্জ কুৰিয়ানে? আস্থা হেৰুৱালে নেকি বিজেপিয়ে?

মোডী মন্ত্ৰীসভাৰ পৰা কিয় পদত্যাগ কৰিলে জৰ্জ কুৰিয়ানে? আস্থা হেৰুৱালে নেকি বিজেপিয়ে?

June 23, 2026 3:17 pm
সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

June 23, 2026 2:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd