• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুখ্যাত আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ কাণ্ড : অমানৱীয় বিভাগীয় শাস্তিৰে মৃত্যুলৈ ঠেলিলে জোৱানক

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 28, 2019 3:52 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই বিভাগীয় শাস্তিৰ নামত প্ৰচণ্ড গৰমত শিৱসাগৰ বৰপুখুৰীৰ পাৰত এজন অসুখীয়া জোৱানক দৌৰিবলৈ দিয়াৰ ফলত বেয়াকৈ অসুস্থ হৈ পৰা জোৱানজনৰ যোৱা নিশা চিকিৎসালয়ত মৃত্যু ঘটিছে।

নিজৰ বিভাগৰে অত্যাচাৰত মৃত্যু হোৱা দুৰ্ভগীয়া জোৱানজন হ’ল ৫০ বছৰীয়া পৰামানন্দ ইয়েন।

Apply Now

ইয়েনক অসুস্থ হৈ পৰাৰ পিছত পৰিয়ালৰ লোকে ২৭ আগষ্টৰ ৰাতি আঠ বজাত ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও যোৱা নিশা তেওঁৰ মৃত্যু হয়।

ইয়েনৰ পত্নীয়ে জনোৱা মতে, তেওঁ জয়সাগৰ আৰক্ষী চকীত কৰ্মৰত হৈ থকা অৱস্থাত আজিৰ পৰা প্ৰায় এসপ্তাহৰ পূৰ্বে চকীৰ ভিতৰত লক-আপৰ দৃশ্য আদি ম’বাইলেৰে ৰেকৰ্ডিং কৰাক লৈ আক্ৰাছু নামৰ সংগঠনটোৰ সদস্যৰ দল এটাৰ সৈতে তৰ্কাতৰ্কি হৈছিল।

তেতিয়া সংগঠনটোৰ সদস্যকেইজনে কৰ্তব্যৰত অৱস্থাত খাকী পোচাকত হাত দিয়ত আৰক্ষী জোৱানকেইজন আৰু যুৱকৰ দলটোৰ মাজত হতাহতি হয়।

ঘটনাৰ পিছতে যুৱকৰ দলটোৱে জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাক অৱগত কৰে।

অৱশ্যে আক্ৰাছু নামৰ সংগঠনটোৰ নেতাকেইজনে কোনো লিখিত গোচৰ দিয়া নাছিল। ইয়াৰ বিপৰীতে যুৱককেইজনে আৰক্ষী চকীৰ ভিতৰত লক-আপ আদিৰ ম’বাইলেৰে ভিডিঅ’ ৰেকৰ্ডিং কৰা তথা আৰক্ষীৰ গাত হাত দিয়া বুলি এজাহাৰ দাখিল কৰিছিল।

কিন্তু পূৰ্বেও বিভিন্ন কুখ্যাতি আৰ্জি থোৱা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ঘটনাৰ আচল কাৰণ অনুসন্ধান নকৰাকৈয়ে জোৱান ইয়েনক শাস্তিমূলকভাৱে পুলিচ ৰিজৰ্ভলৈ বদলি কৰাৰ উপৰি প্ৰচণ্ড গৰমত ২১ আগষ্টৰ পৰা ২৬ আগষ্টলৈ বৰপুখুৰী আৰু আৰক্ষী অধীক্ষকৰ চোতালত দৌৰিবলৈ দিয়ে।

লগতে পঢ়ক জিম্মাত নিৰ্য্যাতন : গোৱালপাৰাৰ আৰক্ষী অধীক্ষকক দুবছৰৰ কাৰাদণ্ড কামৰূপ সত্ৰ ন্যায়াধীশৰ

ইয়েন পূৰ্বৰ পৰাই অসুস্থ আছিল আৰু এটা ভৰিত পূৰ্বে অপাৰেইশ্যন কৰা আছিল। তথাপি বিভাগীয় শাস্তি মূৰ পাতি লৈ দৌৰি থাকোতেই ইয়েন পৰি যায় আৰু পূৰ্বে আঘাত পাই থকা ভৰিত পুনৰ আঘাত পায়।

৫০ বছৰীয়া জোৱানজনে আৰক্ষী অধীক্ষকজনক এই শাস্তি সহিব পৰা অৱস্থাত নাই বুলি কোৱাৰ পাছতো আৰক্ষী অধীক্ষক সিনহাই ইয়েনক আকৌ ২৬ আগষ্টত মতাই আনি পুৱা ৫ বজাৰ পৰা ৬ বজালৈ বৰপুখুৰী পাৰত দৌৰিবলৈ দিয়ে। তাৰ পিছতো ১০ বজাৰ পৰা ১২ বজালৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত দৌৰিবলৈ দিয়ে।

এই অত্যাচাৰৰ ফলত পৰামানন্দ ইয়েনৰ আঘাতপ্ৰাপ্ত ভৰিটো ফুলি যায় আৰু খোজ কাঢ়িব নোৱৰা হয়।

অসুস্থ হৈ পৰা ইয়েনক পৰিয়ালৰ লোকে ২৭ আগষ্টৰ ৰাতি আঠ মান বজাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে ৰাতি প্ৰায় ১২ মান বজাত জোৱানজনৰ মৃত্যু হয়।

পৰামানন্দ ইয়েনৰ পৰিয়াল আৰু তেওঁৰ পত্নী ফুলেশ্বৰী ইয়েনৰ স্পষ্ট অভিযোগ, আৰক্ষী অধীক্ষক অমিতাভ সিনহাই বিভাগীয় শাস্তিৰ নামত অত্যাচাৰ কৰা বাবেই তেওঁৰ মৃত্যু হৈছে।

পৰামানন্দ ইয়েনৰ আচল ঘৰ নিতাইপুখুৰীৰ চেঁচামুখ ভেকুৰী চাপৰি গাঁৱত। তেওঁ পত্নীৰ লগতে তিনিটা সন্তানক এৰি গৈছে।

উল্লেখ্য যে কুখ্যাত আৰক্ষী বিষয়া অমিতাভ সিনহা আৰক্ষীৰ জিম্মাত থকা অৱস্থাত অত্যাচাৰৰ ফলত এজন লোকৰ মৃত্যুৰ গোচৰ এটাত পূৰ্বেও দোষী সাব্যস্ত হৈছিল।

সিনহাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩২৬ আৰু ৩৩১ ধাৰাত গোচৰ চলিছিল আৰু কামৰূপ মহানগৰ অতিৰিক্ত জিলা ন্যায়াধীশৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰি ২০১৮ চনৰ ২১ জুনত দুবছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছিল।

উক্ত গোচৰটোৰ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকজন আছিল হত্যাত অভিযুক্ত গুৰমিত সিং। জেৰাৰ সময়ত কৰা অত্যাচাৰৰ বাবে বশিষ্ঠ থানাত গুৰমিত সিঙৰ মৃত্যু হৈছিল। ২০১৩ চনৰ বশিষ্ঠ থানাৰ সেই জঘন্য ঘটনাটোত গুৰমিত সিঙক হকী ষ্টিকেৰে মৰিওৱা হৈছিল আৰু গুহ্যদ্বাৰত পেট্ৰল ঢালি দিয়া হৈছিল।

অমিতাভ সিনহা তেতিয়া গুৱাহাটীত অসম আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল আৰু গুৰমিত সিঙক জেৰা চলাইছিল।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd