• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসকক হত্যাৰ প্ৰতিবাদ : ২৪ ঘণ্টা ধৰি সেৱা আগ নবঢ়ায় ৰাজ্যৰ চিকিৎসকসকলে

টীয়কৰ ঘটনাৰ প্ৰতিবাদত কৰ্মবিৰতি ইণ্ডিয়ান মেডিকেল এচ’ছিয়েচন অসম শাখাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 1, 2019 9:15 pm
Save Doctors

প্ৰতিনিধিত্বমূলক ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটৰ টীয়ক চাহ বাগিচাত ৩১ আগষ্টত একাংশ উন্মত্ত চাহ শ্ৰমিকে ৭৫ বছৰীয়া জ্যেষ্ঠ চিকিৎসক ডাঃ দেৱেন দত্তক নৃশংস হত্যাৰ প্ৰতিবাদত অহা ৩ ছেপ্টেম্বৰৰ পুৱা ৬ বজাৰ পৰা ২৪ ঘণ্টা ধৰি সেৱা আগ বঢ়োৱাৰ পৰা বিৰত থাকিব ৰাজ্যৰ চিকিৎসকসকল।

ইণ্ডিয়ান মেডিকেল এচ’ছিয়েচন অসম শাখাৰ সভাপতি ডাঃ সত্যজিৎ বৰাই এই কথা জনাইছে।

Apply Now

ডাঃ দত্তক ৩১ আগষ্টৰ সন্ধিয়া চাহ বাগিচাখনৰ চিকিৎসালয়ত উন্মত্ত ৰূপ লোৱা শ্ৰমিকে হত্যা কৰিছিল। এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজিত হৈছিল শ্ৰমিকসকল।

“এইবাৰ সীমা চেৰাই গ’ল, গতিকে আমি বহি থকাটো সম্ভৱ নহয়”, আই এম এ-ৰ ৰাজ্যিক সভাপতিজনে নৰ্থ-ইষ্ট নাওক কয়।

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন চমুকৈ আই এম এ আৰু আছাম মেডিকেল ছাৰ্ভিচ এছ’চিয়েশ্যন চমুকৈ আমছাই যৌথভাৱে তিনিটাকৈ প্ৰতিবাদী কাৰ্য্যসূচী লোৱাৰ কথা ঘোষণা কৰিছে বুলিও তেওঁ জনায়।

চিকিৎসকৰ সুৰক্ষা আৰু নিৰাপত্তা সু-নিশ্চিত কৰাৰ দাবীৰে অহা ৩ ছেপ্টেম্বৰৰ দিনা পুৱা ৬ বজাৰ পৰা পাছদিনা পুৱা ৬ বজালৈ চিকিৎসা সেৱা আগ বঢ়োৱাৰ পৰা বিৰত থাকিব চিকিৎসকসকল।

ৰাজ্যৰ চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডত কৰ্মৰত চিকিৎসকে এই প্ৰতিবাদী কাৰ্য্যসূচীত পালন কৰিব বুলি বৰাই জানিবলৈ দিয়ে।

অৱশ্যে, জৰুৰী স্ৱাস্থ্যসেৱাক এই ধৰ্মঘটৰ পৰা ৰেহাই দিয়া হ’ব, তেওঁ জনায়।

উক্ত দিনটোতে সমগ্ৰ ৰাজ্যজুৰি মৃত চিকিৎসক ডাঃ দেৱেন দত্তৰ স্মৃতিত সন্ধ্যা ৭ বজাত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিব চিকিৎসকসকলে। সংগঠন দুটাৰ প্ৰত্যেক শাখাই দত্তক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বন্তি প্ৰজ্বলনৰ কাৰ্য্যসূচী হাতত লৈছে বুলি বৰাই উল্লেখ কৰে।

ইপিনে, কাইলৈ সংগঠন দুটাই পুৱা ১০ বজাৰ পৰা ২ বজাৰ ভিতৰত  যৌথভাৱে ৰাজ্যৰ জিলা উপায়ুক্ত, মহকুমাধিপতি, চক্ৰ বিষয়া, আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়াক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি বৰাই আমাৰ সাংবাদিকৰ আগত কয়।

“চিকিৎসকৰ ওপৰত হৈ অহা অত্যাচাৰৰ বিৰুদ্ধে আমি সদায় মাত মাতি আহিছো। শেহতীয়াকৈ কালি যি মৰ্মান্তিক ঘটনা ঘটিলে, কৰ্মৰত চিকিৎসকক প্ৰহাৰ কৰি হত্যা কৰিলে, গতিকে আমি বহি থকাটো সম্ভৱ নহয়। আন্দোলনৰ কাৰ্য্যসূচী ল’বলৈ আমি আগ্ৰহী নহয়, তথাপি চিকিৎসকসকলক আগ বঢ়াই দিয়া হৈছে আন্দোলন কৰিবলৈ। আন্দোলন কৰি জনসাধাৰণক হাৰাশাস্তি কৰিবলৈ কেতিয়াও নিবিচাৰো। উপায়হীন হৈ চিকিৎসা সেৱাৰ পৰা বিৰত থকাৰ দৰে কাৰ্য্যসূচী হাতত লৈছো।” আমাৰ সাংবাদিকৰ আগত বৰাই এইদৰে কয়।

বৰাই আৰু কয়, “চিকিৎসকক প্ৰহাৰ কৰাসকলক গ্ৰেপ্তাৰ কৰে যদিও তেওঁলোকৰ একো দৃষ্টান্তমূলক শাস্তি আমি দেখিবলৈ পোৱা নাই”।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd