সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদৰ বাহিৰত সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(এ বি ভি পি)ৰ মাজত হোৱা এক সংঘাতে উত্তেজনাৰ সৃষ্টি কৰে।
এ বি ভি পিৰ অভিযোগ অনুসৰি সোমবাৰে সন্ধিয়া ৫.৫৫ মান বজাত সংগঠনটোৰ দুজন সদস্য বিশ্ববিদ্যালয়খনৰ পৰা ওলাই অহাৰ পাছতে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে।
এই অবাঞ্চিত ঘটনাটোৰ সন্মুখীন হোৱা এ বি ভি পিৰ সদস্য দুজন হৈছে নয়নজ্যোতি শৰ্মা আৰু ৰোহিত নয়ন বৰুৱা। ইয়াৰে নয়নজ্যোতি শৰ্মা সংগঠনটোৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক আছিল।
জানিব পৰা অনুসৰি এ বি ভি পিৰ সদস্য দুজনে ব্যক্তিগত কামৰ বাবে বিশ্ববিদ্যালয়খনলৈ আহিছিল।
‘বিশ্ববিদ্যালয়খনৰ পৰা ঘূৰি অহাৰ পাছতে দুয়োজনকে আছুৰ কৰ্মকৰ্তাই আক্ৰমণ কৰে। ডিব্ৰুগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছো’। এ বি ভি পিৰ এজন সদস্যৰ মন্তব্য।
ইফালে এই সমগ্ৰ ঘটনাটোক এ বি ভি পিৰ মনে সজা কাহিনী আখ্যা দিছে ছাত্ৰ সন্থাই। ছাত্ৰ সন্থাই আক্ৰমণ কৰাৰ বিপৰীতে তেওঁলোকক হে এ বি ভি পিৰ সদস্যই আক্ৰমণ কৰা বুলি ওলোটাই অভিযোগ আনে।
ঘটনা সন্দৰ্ভত ছাত্ৰ সন্থাইও ৰজাভেটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।